About: http://data.cimple.eu/claim-review/a8cc58e8150f54f059c10785f66b57eaa229e10f8bfdcb6feb4d5e75     Goto   Sponge   Distinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: তথ্য পৰীক্ষাঃ কংগ্ৰেছ দলৰ নেতাই অসমত হিন্দু হত্যা কৰিবলৈ পৰিকল্পনা কৰা নাই, পুৰণি ছবি ভাইৰেল হৈছে - By: Umam Noor - Published: Aug 9, 2019 at 07:03 PM চছিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে যিটোত দাবী কৰা হৈছে যে অসমৰ কংগ্ৰেছ দলৰ নেতাই হিন্দু হত্যা কৰিবলৈ পৰিকল্পনা কৰিছে। বিশ্বাস নিউজে অনুসন্ধান কৰে আৰু নিশ্চিত কৰে যে ভাইৰেল পোষ্টটো নকল। ভাইৰেল ছবি সমূহ অসমৰ নহয়, শ্ৰীনগৰৰহে। দাবী চছিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে যিটোত দাবী কৰা হৈছে যে “অসমৰ কংগ্ৰেছ দলৰ নেতা আজমত আলীক আপেলৰ বাকচত উদ্ধাৰ হোৱা অস্ত্ৰেৰে সৈতে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ হিন্দুক হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল। পুলিচে গ্ৰেপ্তাৰ কৰে”। অনুসন্ধান অনুসন্ধান কৰাৰ পাছত আমি জানিবলৈ সক্ষম হওঁ যে একে ধৰণৰ দাবী চছিয়েল মিডিয়াত আগতেও কৰা হৈছিল। ২০১৮ চনত একেখন ফটো ফেচ্বুক আৰু টুইটাৰত ভাইৰেল হৈছিল। বিশ্বাস নিউজে ভাইৰেল ছবিখনৰ ‘গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ’ কৰে। আমি বিচাৰি পাওঁ যে ভাইৰেল ছবিখনৰ সৈতে বহু পুৰণি লিংক আছে। ৩০ অক্টোবৰ ২০১৮ চনৰ এটা নিৱন্ধত বৃহত্তৰ কাশ্মীৰৰ ৱেব-চাইটত আমি একেবোৰ ছবিকে ভাইৰেল পোষ্টত ব্যৱহাৰ হোৱা দেখিবলৈ পাওঁ। প্ৰৱন্ধটোৰ অনুসৰি, তিনিজন সন্দেহযুক্ত আতংকবাদীক চমু গুলীয়াগুলিৰ পাছত বৰ্হি-কাশ্মীৰত গ্ৰেপ্তাৰ কৰা হয়। এই প্ৰৱন্ধটোত প্ৰকাশ পোৱা অনুসৰি, কাশ্মীৰ আৰক্ষীয়ে জনায় যে “শ্ৰীনগৰৰ বাহিৰত এটা চমু গুলীয়াগুলিৰ ঘটনা ঘটে। তিনিজন সন্দেহযুক্ত আতংকবাদী গ্ৰেপ্তাৰ হয়। তেওঁলোকৰ মাজৰ এজনে আঘাত পায়। অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হয়। অনুসন্ধানৰ কাম আৰম্ভ হৈছে”। নিউজ এজেঞ্চী পি.টি.আই. আৰু কাশ্মীৰ অৱজাৰভাৰেও এই ঘটনাৰ অংশ বাতৰি হিচাপে প্ৰকাশ কৰে। পি.টি.আই.ৰ প্ৰকাশিত বাতৰি অনুসৰি, এজন আৰক্ষী বিষয়াই কয় যে সেই অঞ্চলত উগ্ৰপন্থীৰ চলাচলৰ বাতৰি পাই নিৰাপত্তা বাহিনীয়ে শ্ৰীনগৰ-বাৰামুল্লা হাইৱেৰ নাৰবাল অঞ্চলত চেক-পইন্ট স্থাপন কৰে। নিৰাপত্তাৰক্ষীয়ে এখন বাহনক ৰ’বলৈ নিৰ্দেশ দিয়ে, কিন্তু গাড়ীখনৰ চালকে বেগেৰে চলাই যাবলৈ চেষ্টা কৰে। চমু গুলীয়াগুলিৰ পাছত আতংকবাদী / উগ্ৰপন্থী কেইজনক গ্ৰেপ্তাৰ কৰা হয়, তেওঁলোকৰে এজনে আঘাত পায়। তেওঁক হাস্পতাললৈ লৈ যোৱা হয়, আৰক্ষী বিষয়াই কয়। আপেলৰ বাকচত লুকাই ৰখা বিষ্ফোৰক আৰু গুলি আদি সেই স্থানৰ পৰা উদ্ধাৰ হয়, আৰক্ষী বিষয়াজনে আৰু কয়। ইয়াৰ অৰ্থ এই যে ভাইৰেল ছবিখনত দেখুওৱা অস্ত্ৰ-শস্ত্ৰসমূহ শ্ৰীনগৰত সংঘটিত ঘটনাৰ, য’ত অস্ত্ৰ-শস্ত্ৰসমূহ আপেলৰ বাকচত লুকাই ৰখা হৈছিল। আমি তাৰপাছত ‘গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ’ কৰি দ্বিতীয়খন ছবিৰ অনুসন্ধান কৰো। ‘বিডি24লাইভ’ ৱেব-চাইটত এটা প্ৰৱন্ধ বিচাৰি পাওঁ। প্ৰৱন্ধটোৰ ফটোত থকা মানুহজন ভাইৰেল হোৱা ফটোখনৰ সৈতে একেই। প্ৰৱন্ধটোৰ অনুসৰি, মিয়ানমাৰৰ ত্ৰিশালৰ মাইমেনসিংহ ডিভিজনত এজনী ছোৱালীয়ে কোনোবাই তাইক ধৰ্ষণ কৰিবলৈ প্ৰয়াস কৰাৰ পাছত আত্মহত্যা কৰে। মোবাৰক হুছেইন নামৰ শিক্ষক এজনক এই ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। একেই বাতৰিটো ‘দা ডেইলী ষ্টাৰ’ কাকতত ২০১৮ চনৰ মে মাহৰ ৬ তাৰিখে প্ৰকাশ পায়। এই বাতৰিৰ অৰ্থ এই যে, ভাইৰেল ছবিখন বাংলাদেশৰ এজন শিক্ষকৰ যিজন ধৰ্ষণৰ অভিযোগত অভিযুক্ত আৰু তেওঁক ২০১৮ চনত গ্ৰেপ্তাৰ কৰা হৈছিল। এই ছবিখনত মানুহজনৰ নাম আজমত আলী বুলি উল্লেখ কৰিছিল। যেতিয়া আমি গুগলত বিচাৰিছিলোঁ, আমি এই নামৰ কোনো কংগ্ৰেছ দলৰ নেতাক বিচাৰি পোৱা নাছিলোঁ। সমাপ্তি / উপসংহাৰ কংগ্ৰেছ দলৰ নেতা আজমত আলী সম্পৰ্কে ভাইৰেল পোষ্টটো নকল। বিশ্বাস নিউজৰ অনুসন্ধান অনুসৰি, দাবীটোও মিছা। আপেলৰ বাকচত থকা অস্ত্ৰ-শস্ত্ৰৰ ছবিসমূহ ২০১৮ চনৰ গুলীয়াগুলিৰ। আন এখন ছবিত, যিখনত বাংলাদেশত ধৰ্ষণত অভিযুক্ত শিক্ষক এজনক দেখুওৱা হৈছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে। জানক পোৰা সত্য আপোনালোকে আমাক মেইলৰ যোগেদি contact@vishvasnews.com, অথবা আমাৰ ৱাতচাপ নাম্বাৰত 9205270923আমালৈ মেচেজ পঠাব পাৰে কপিৰাইট@2019. অল ৰাইট ৰিজাৰ্ভ বিশ্বাস নিউজ - Claim Review : The Congress leader of Assam Amjat Ali has been arrested with weapons stored in an Apple box. He was planning to kill Hindus. Caught by Police - Claimed By : Pushpender Tyagi fb - Fact Check : False
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software