About: http://data.cimple.eu/claim-review/b368cf525a2b0fad703efca96311f3e3c1cab3e11d4f9c0e44098c7d     Goto   Sponge   Distinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: পুৰণি ভিডিঅ’ক অসমৰ ভাৰত-বাংলাদেশ সীমা বুলি ভাইৰেল কৰা হৈ আছে বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা এই ভিডিঅ’ 2018 চনৰপৰা ইণ্টাৰনেটত আছে। পুৰণি ভিডিঅ’ক বাংলাদেশৰ শেহতীয়া ঘটনাৰ সৈতে যুক্ত কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে। - By: Umam Noor - Published: Aug 14, 2024 at 11:48 AM নতুন দিল্লী (বিশ্বাস নিউজ)। বাংলাদেশত বৰ্তমান হিংসাত্মক ঘটনা চলি থকাৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। সেইটোক শ্বেয়াৰ কৰি দাবী কৰা হৈ আছে যে, অসমত অৱস্থিত ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ মানুহ আহি ভীৰ কৰি আছে। বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা এই ভিডিঅ’ 2018 চনৰপৰা ইণ্টাৰনেটত আছে। পুৰণি ভিডিঅ’ক বাংলাদেশৰ শেহতীয়া ঘটনাৰ সৈতে যুক্ত কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে। ভাইৰেল পোষ্টত কি আছে? ফেচবুক ইউজাৰে ভাইৰেল পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “বাংলাদেশত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছত বাংলাদেশ আৰু অসমৰ বৰ্ডাৰত আহি ভীৰ কৰা মানুহৰ লাইভ দৃশ্য।” পোষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক। তদন্ত আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ভিডিঅ’ৰ কী-ফ্ৰেমছ ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ যে, এই ভিডিঅ’ 2018-ৰ 5 জুনৰপৰা ইউটিউব চেনেলত আপলোড হৈ আছে। তাত উল্লেখ কৰা তথ্য অনুসৰি, ভিডিঅ’টো ভাৰত-বাংলাদেশত হোৱা মিলন মেলা চলি থকাৰ সময়ৰ হয়। এই তথ্যৰ ভিত্তিত আমি নিজৰ তদন্ত আগুৱাই লৈ গলোঁ আৰু বাংলাদেশৰ এটা ইউটিউব চেনেলতো আমি উক্ত মিলন মেলা সম্বন্ধীয় আৰু এটা ভিডিঅ’ দেখা পালোঁ। তাত উল্লেখ কৰা তথ্য অনুসৰি, ভাৰত-বাংলাদেশ সীমান্তত মিলন মেলা উদযাপন কৰিবলৈ হেজাৰ-হেজাৰ মানুহৰ সমাগম হৈছিল। ভাইৰেল ভিডিঅ’ৰ বিষয়ত ছাৰ্চ কৰাৰ পাছত আমি অসম আৰক্ষীৰ এক্স হেণ্ডল আৰু ফেচবুক পেজ-ত উক্ত ভিডিঅ’ৰ লগত যুক্ত পোষ্ট দেখা পালোঁ। তাত ভিডিঅ’টোৰ স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰি কোৱা হৈছে যে এয়া 2018-ৰ এপ্ৰিল মাহৰ হয়। মিলন মেলাৰ বিষয়ত ছাৰ্চ কৰি থাকোঁতে আমি ইটিভি ভাৰতৰ ৱেবছাইটত 2023-ৰ এপ্ৰিলত প্ৰকাশিত হোৱা এখন আৰ্টিকল দেখা পাইছিলোঁ। তাত উল্লেখ কৰা তথ্য অনুসৰি, মিলন মেলা বা বছৰেকীয়া মেলা চ’ত মাহৰ সংক্ৰান্তিত আয়োজিত কৰা হয়, সেই মেলাত ভাৰতীয় আৰু বাংলাদেশী লোকসকলে উপহাৰ আদান-প্ৰদান কৰাৰ বাবে সমবেত হয়। এই বছৰ এয়া আয়োজিত কৰা নহ’ব। এয়া আয়োজিত হ’লে একেৰাহে চাৰি বছৰ এই মেলা আয়োজিত হ’লহেঁতেন। যোৱা বছৰ বিধানসভা নিৰ্বাচনৰ কাৰণে এই মেলা ৰদ কৰা হৈছিল আৰু তাৰ আগতে কোভিড মহামাৰীৰ কাৰণত দুই বছৰ ধৰি এই মেলাৰ আয়োজন কৰা হোৱা নাছিল। এই বছৰ এই আশংকাত এই মেলাক ৰদ কৰি দিয়া হৈছে যে, এই মেলা আয়োজিত হৈ থাকোঁতে বিপুল সংখ্যক মানুহৰ সমাগম হ’লে আইন-শৃংখলা ব্যৱস্থা বাধাগ্ৰস্ত হ’ব পাৰে। অমৰ উজালা-ত 2019-ৰ জুলাই মাহত প্ৰকাশিত বাতৰি অনুসৰি, পশ্চিমবংগত অৱস্থিত ভাৰত-বাংলাদেশ সীমাৰ যি ঠাইত এই মিলন মেলাৰ আয়োজন কৰা হৈছিল, তাত ফেঞ্চিং অৰ্থাৎ কাঁইটৰ তাঁৰ দিয়া আছে। এই মিলন মেলা নিৰ্দিষ্ট দিনত আয়োজিত হৈ থাকে। যি দিনত চ’ত মাহৰ সংক্ৰান্তি হয়, সিদিনা এই মেলাৰ আয়োজন কৰা হয়। বিএএছএফ-এ বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ সৈতে লগ লাগি সেই সকল মানুহৰ বাবে এই মেলাৰ আয়োজন কৰা আৰম্ভ কৰিছিল, যিসকলে সাধাৰণ শ্ৰেণীৰ মানুহ হয়। অৰ্থাৎ, যিসকলৰ ওচৰত ভিচা বা পাছপ’ৰ্ট তৈয়াৰ কৰাব পৰা টকা-পইচা নাই। উভয় দেশত বসবাস কৰা এই শ্ৰেণীৰ মানুহে বছৰত এদিন বৰ্ডাৰত আহি নিজৰ-নিজৰ আত্মীয়ক লগ ধৰে। চাৰি-পাঁচ মিটাৰ দূৰত থিয় হৈ দুয়ো পাৰৰ মানুহে পৰস্পৰৰ খা-খবৰ লয়। ৰিপ’ৰ্ট অনুসৰি, ভাৰত আৰু বাংলাদেশৰ সীমাত হোৱা মিলন মেলা কেইখনমান চিনাক্ত ঠাইত আয়োজিত হয়। যেনে পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ ৰাজগঞ্জ ব্লকৰ গদৰোক, শুখানি আৰু ভোলাপাৰা কুকুৰজন অঞ্চল। এই মেলাৰ সময়ত বাংলাদেশত থকা ভাৰতীয়সকলে নিজৰ আত্মীয়-পৰিজন আৰু চিনাকি মানুহক লগ ধৰে আৰু এই মেলা চলি থকাৰ সময়ত হোৱা ভীৰক নিয়ন্ত্ৰণ কৰাৰ বাবে বিএছএফ-ক বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। বিশ্বাস নিউজে বেলেগকৈ এইটো কথা নিশ্চিত ভাৱে নকয় যে, ভিডিঅ’টো কোন ঠাইৰ হয়, অৱশ্যে এইটো কথা স্পষ্ট যে এই ভিডিঅ’টোৰ লগত বাংলাদেশৰ শেহতীয়া সংকট আৰু তাৰ পাছত হোৱা ঘটনাৱলীৰ কোনো সম্পৰ্ক নাই। ভাইৰেল ভিডিঅ’-ক লৈ নিশ্চিত হোৱাৰ কাৰণে আমি আমাৰ সহযোগী দৈনিক জাগৰণৰ পশ্চিমবংগৰ ছিনিয়ৰ সাংবাদিক সুমিতা জয়ছৱালৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক মিলন মেলাৰ বিষয়ত এই তথ্য প্ৰদান কৰিছে যে, পশ্চিমবংগত অৱস্থিত ভাৰত-বাংলাদেশ সীমান্তত মিলন মেলাৰ আয়োজন কৰা হৈ থাকে। সেই সময়ত দুয়ো দেশৰ মানুহে সীমান্তত আহি পৰস্পৰৰ সিপাৰে থকা নিজৰ-নিজৰ আত্মীয়-পৰিজনক লগ ধৰে দূৰত থিয় হৈ। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পাইছোঁ যে, সেই জন ইউজাৰক আঢ়ৈ হেজাৰৰ অধিক মানুহে ফলো কৰি থাকে। উপসংহাৰ: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, যিটো ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে সেয়া 2018 চনৰ ভিডিঅ’ হয়। পুৰণি ভিডিঅ’টোক বাংলাদেশৰ শেহতীয় পৰিস্থিতিৰ লগত যুক্ত কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে। - Claim Review : এই ভিডিঅ’ অসমত অৱস্থিত ভাৰত-বাংলাদেশ সীমান্তত শেহতীয়াকৈ আহি ভীৰ কৰা মানুহৰ হয়। - Claimed By : FB Page- সুবিচাৰ অনমোল বচন Suvichaar Anmol Vachan is in India. - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software