About: http://data.cimple.eu/claim-review/76d4e46b72f9ed840571ef9a19c159d9a9dcf94a04d4e148e693e039     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: বিৰাট কোহলিৰ প্ৰশংসকৰ লগত লোৱা ছবিক তেঁওৰ কন্যাৰ ছবি বুলি ভাইৰাল কৰা হৈ আছে বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল ছবিখনত তেঁওৰ লগত তেঁওৰ কন্যা নাছিল, তেঁওৰ তেঁওৰ প্ৰশংসকৰ লগত ছবিৰ বাবে পোজ দিছিল। ভাইৰাল ছবিৰ লগত কৰা দাবী ভুৱা। - By: Umam Noor - Published: Dec 11, 2023 at 03:43 PM - Updated: Dec 11, 2023 at 03:46 PM নতুন দিল্লী (বিশ্বাস নিউজ)। ক্ৰিকেটাৰ বিৰাট কোহলীৰ এখন ছবি সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে। তাত কোহলীক ছবিৰ বাবে কণমানি এজনীৰ লগত পোজ দি থকা দেখা যায়। ইন্টাৰনেট ব্যৱহাৰকাৰীসকলে এই ছবিখন ভাইৰাল কৰি দাবী কৰিছে যে, এই ছবিখনত বিৰাট কোহলীৰ কন্যা ৱামিকা তেঁওৰ লগত আছে। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ছবিখনত বিৰাট কোহলীৰ লগত তেঁওৰ কন্যা নাছিলে। আনকি তেঁও এই ছবিখনত তেঁওৰ এজন অনুগামীৰ বাবেহে পোজ দিছিল। ভাইৰাল ছবিৰ লগত কৰা দাবী ভুৱা হয়। ভাইৰাল পোষ্টত কি আছে? ফেসবুক পেজে 4 ডিচেম্বৰত ছবিখন শেয়াৰ কৰি লিখিছে যে, ”বিৰাট কোহলী তেঁওৰ কন্যাৰ লগত” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি ছবিখনক গুগল লেঞ্চৰ জৰিয়তে বিছাৰিলোঁ। এই প্ৰক্ৰিয়াত আমি ছবিখন ইনচাইড স্প’ৰ্টচ নামক এখন ফেচবুক পেজত 24 আগষ্টত আপল’ড হোৱা দেখা পালো। ইয়াত ছবিৰ লগত দিয়া কেপচনত লিখা আছে যে, ”Virat Kohli with the a cute little fan”.(বিৰাট কোহলী মৰমলগা এজনি কণমানি প্ৰশংসকৰ লগত) আমি এই ভিত্তিত আমাৰ তদন্ত আগবঢ়ালোঁ আৰু আমি এই ছবিখন এখনি ভেৰিফাইড এক্স(টুইটাৰ) হেণ্ডেলতও 24 আগষ্টত আপল’ড হোৱা দেখা পালো। তাতেও উপলব্ধ তথ্য মতে, ছবিখন বিৰাট কোহলীৰ, তেঁওৰ এজন প্ৰশংসকৰ লগত উঠা এখন ছবি। দৈনিক জাগৰণত 24 জানুৱাৰি 2022-ত প্ৰকাশিত সংবাদত আমি বিৰাট কোহলীৰ কন্যা ৱামিকাৰ ছবি পালো। এয়া উল্লেখযোগ্য যে, কন্যা ৱামিকাৰ ছবি ভাইৰাল হোৱাত বিৰাট কোহলী অসন্তুষ্ট হৈছিল। তেঁও এই সন্দৰ্ভত তেঁওৰ সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছিল। তাতেই আকৌ, ‘Shri Hit Radha Kripa’ নামৰ ইউটিউব চেনেলত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যা ৱামিকাৰ লগত ভিডিঅ’ পোৱা গৈছিল। ভিডিঅ’খন 5 জানুৱাৰি 2023-ৰ হয়, যেতিয়া কোহলী আৰু অনুষ্কা পূজ্য শ্ৰী হীত প্ৰেমানন্দ গোবিন্দ শৰণ জী মহাৰাজৰ দৰ্শনৰ বাবে গৈছিল। ভাইৰাল পোষ্ট লৈ আমি দৈনিক জাগৰণৰ খেল সম্পাদক অভিষেক ত্ৰিপাঠীৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ছবিত বিৰাট কোহলীৰ লগত তেঁওৰ কন্যা নাছিল, আনকি কোনোবা প্ৰশংসক আছিল। इस खबर को हिंदी में यहां पढ़ें। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজ ‘Cricket Fans Club’-ৰ সামাজিক স্কেনিঙত আমি গম পালো যে, এই পেজখনক তিনি হাজাৰৰও অধিক মানুহে অনুসৰণ কৰে। নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল ছবিখনত তেঁওৰ লগত তেঁওৰ কন্যা নাছিল, তেঁওৰ তেঁওৰ প্ৰশংসকৰ লগত ছবিৰ বাবে পোজ দিছিল। ভাইৰাল ছবিৰ লগত কৰা দাবী ভুৱা। - Claim Review : এই ছবিখনত বিৰাট কোহলীৰ কন্যা ৱামিকা তেঁওৰ লগত আছে। - Claimed By : Cricket Fans Club - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software