About: http://data.cimple.eu/claim-review/27445a12d1983cb6dc789006297433d7e3d7030714896449cdf2dc9c     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ৰাহুল গান্ধীয়ে পাকিস্তানক লৈ এই মন্তব্য প্ৰকাশ কৰা নাই, আকৌ ভাইৰাল হ’ল ভুৱা গ্ৰাফিক্স বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল হৈ থকা মন্তব্য আৰু গ্ৰাফিক্স দুয়োটাই ভুৱা হয়। ৰাহুল গান্ধীয়ে এনে কোনো মন্তব্য কৰা নাই, আৰু এবিপি নিউজেও এনে কোনো সংবাদ প্ৰদৰ্শন কৰা নাই। এই ভুৱা পোষ্টখন 2019-ৰ লোকসভা নিৰ্বাচনৰ আগতেও সামাজিক মাধ্যমত ভাইৰাল হৈছিল। - By: Umam Noor - Published: Mar 23, 2024 at 06:12 PM নতুন দিল্লী (বিশ্বাস নিউজ)। 2024-ৰ লোকসভা নিৰ্বাচন ঘোষণা হোৱাৰ পিছত সামাজিক মাধ্যমত ভুৱা খবৰ দ্ৰুত গতিত ভাইৰাল হ’বলৈ আৰম্ভ কৰিছে। এই সন্দৰ্ভত আকৌ এবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নামত কথিত আকাৰে এটা মন্তব্য ভাইৰাল হৈ আছে। ভাইৰাল হৈ থকা গ্ৰাফিক্স অনুযায়ী, ৰাহুল গান্ধীয়ে পাকিস্তান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছে যে, যদি তেঁওৰ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে, তেঁও পাকিস্তানক 5 হাজাৰ কোটি টকাৰ ঋণ আগবঢ়াব। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল হৈ থকা মন্তব্য আৰু গ্ৰাফিক্স দুয়োটাই ভুৱা হয়। ৰাহুল গান্ধীয়ে এনে কোনো মন্তব্য কৰা নাই, আৰু এবিপি নিউজেও এনে কোনো সংবাদ প্ৰদৰ্শন কৰা নাই। এই ভুৱা পোষ্টখন 2019-ৰ লোকসভা নিৰ্বাচনৰ আগতেও সামাজিক মাধ্যমত ভাইৰাল হৈছিল। ভাইৰাল পোষ্টত কি আছে? ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্টখন 2024-ৰ 21 মাৰ্চত শ্বেয়াৰ কৰিছে, এই প্ৰাফিক্সখনত এবিপি নিউজৰ ল’গ’ আছে। তাতেই আকৌ গ্ৰাফিক্স প্লেটত ৰাহুল গান্ধীৰ মন্তব্য হিচাপে লিখা আছে যে, পাকিস্তানৰ সহায় কৰাটো জৰুৰি আৰু আমি এয়া নিশ্চয়ই কৰিম-ৰাহুল গান্ধী। এই বাৰ্তাৰ তলত আৰু এটা বাৰ্তা আছে- য’ত লিখা আছে, ”আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত পাকিস্তানক 5 হাজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰিম, সেইটো আকৌ সুদ অবিহনে 50 বছৰৰ বাবে-ৰাহুল গান্ধী।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি কিৱাৰ্ডৰ সহায়ত সংবাদ বিছাৰিলোঁ, আৰু এয়া জানিবলৈ চেষ্টা কৰিলোঁ যে, ৰাহুল গান্ধীয়ে প্ৰকৃততে এনে কোনো মন্তব্য প্ৰকাশ কৰিছিলনে। কিন্তু সংবাদ বিছাৰোঁতে আমি এনে কোনো সংবাদ নাপালো। য’ত যদি ৰাহুল গান্ধীয়ে এনে কোনো মন্তব্য প্ৰকাশ কৰিলেহেঁতেন, তেন্তে সংবাদটো সংবাদ শীৰ্ষত থাকিলেহেঁতেন। তদন্ত আগবঢ়াই নিওঁতে আমি ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ এক্স আৰু ফেচবুক পেজটোক স্কেন কৰিলোঁ, কিন্তু তাতও আমি এই মন্তব্য সন্দৰ্ভত কোনো তথ্য নাপালো। ভাইৰাল হৈ থকা গ্ৰাফিক্সত এবিপি নিউজৰ পুৰণি ল’গ’ ব্যৱহাৰ কৰা হৈছে।এই ভিত্তিত আমি আৰু উন্নত তদন্তৰ বাবে এবিপি নিউজৰ ভেৰিফাইড হেণ্ডেলত এই গ্ৰাফিক্সটো বিছাৰিবলৈ চেষ্টা কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি 2018-ৰ 12 নবেম্বৰত আপল’ড হোৱা এখন পোষ্ট দেখা পালোঁ। য’ত ভাইৰাল পোষ্ট আৰু ইয়াৰ লগত মিল থকা চাৰিটা বেলেগ বেলেগ গ্ৰাফিক্স শ্বেয়াৰ কৰি গোটেইকেইটাক ভুৱা বুলি কোৱা হৈছে। সম্পূৰ্ণ পোষ্ট তলত চাব পাৰিব। ইয়াৰ আগত যেতিয়া আমি ভাইৰাল দাবীৰ তদন্ত কৰিছিলোঁ, সেই সময়ত উত্তৰ প্ৰদেশৰ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম বিভাগৰ ৰাজ্যিক ক’-অৰ্ডিনেটৰ ৰনীশ জৈনৰ লগত উক্ত পোষ্ট শ্বেয়াৰ কৰিছিলোঁ। তেঁও কৈছিল যে, বছৰ বছৰ ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ভুৱা বাতৰিৰ যন্ত্ৰই কাম কৰি আহিছে। কংগ্ৰেছ দল আৰু গান্ধী পৰিয়ালৰ ইতিহাস আৰু বৰ্তমানৰ লগত জড়িত সকলো কথা চৰকাৰী উৎসত উপলব্ধ। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনে নিজৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। তাতে আকৌ এই প্ৰ’ফাইলৰ পৰা বেছিৰভাগ সময়ত ৰাজনীতিৰ লগত জড়িত পোষ্ট শ্বেয়াৰ কৰা হয়। নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল হৈ থকা মন্তব্য আৰু গ্ৰাফিক্স দুয়োটাই ভুৱা হয়। ৰাহুল গান্ধীয়ে এনে কোনো মন্তব্য কৰা নাই, আৰু এবিপি নিউজেও এনে কোনো সংবাদ প্ৰদৰ্শন কৰা নাই। এই ভুৱা পোষ্টখন 2019-ৰ লোকসভা নিৰ্বাচনৰ আগতেও সামাজিক মাধ্যমত ভাইৰাল হৈছিল। - Claim Review : ৰাহুল গান্ধীয়ে পাকিস্তান সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছে যে, যদি তেঁওৰ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে, তেঁও পাকিস্তানক 5 হাজাৰ কোটি টকাৰ ঋণ আগবঢ়াব। - Claimed By : Biru Singh Rathore - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software