About: http://data.cimple.eu/claim-review/28ef92a3dcc174f5b53c5bfc370cd41261eaca58a43ca0b8f3454324     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • সত্যতা পৰীক্ষা: ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত অগ্নিকাণ্ডৰ পুৰণি ছবিক মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে বিশ্বাস টিম-এ তদন্ত কৰাৰ পাছত গম পাইছে যে ৰোহিংগীয়া শৰণাৰ্থীৰ নামত যি দাবী কৰা হৈছিল সেয়া মিছা হয়। - By: Pallavi Mishra - Published: Aug 24, 2022 at 12:26 PM নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে। তাত দেখা পোৱা গৈ আছে যে এজন মানুহ ভগা খাটত বহি আছে আৰু তেওঁৰ চাৰিও ফালে সৰু-সৰু ল’ৰা-ছোৱালী আছে। সেই মানুহজনৰ হাতত এখন স্মাৰ্টফোনো আছে। এই ছবিখন থকা এটা পোষ্টত দাবী কৰা হৈছে যে, এই মানুহজন এজন ৰোহিংগীয়া শৰণাৰ্থী হয়, তেওঁৰ পিন্ধিবলৈ কাপোৰ নাই, খাবলৈ খাদ্য নাই, কিন্তু তেওঁৰ তিনিজনী ঘৈণীয়েক, 8 জন সন্তান, আৰু এটা স্মাৰ্টফোন আছে। বিশ্বাস টিম-এ তদন্ত কৰাৰ পাছত গম পাইছে যে এই দাবী মিছা হয়। যিজন চিত্ৰ সাংবাদিকে এই ছবিখন তুলিছিলে তেওঁ আমাক কৈছে যে ভাইৰেল হোৱা দাবী মিছা হয় আৰু ছবিত থকা সৰু-সৰু ল’ৰা-ছোৱালীবোৰ সেই মানুহজনৰ সন্তান নহয় আৰু তেওঁৰ হাতত থকা মোবাইলটোও তেওঁৰ নহয়। ভাইৰেল পোষ্টটোত কি দাবী কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰী আপনা তৰুণ চুঘ-এ এখন ছবি আপল’ড কৰি লগতে এটা শিৰোনাম দিছে এই বুলি, “এইটো এটা ৰোহিংগীয়া পৰিয়াল হয়। দিল্লীৰ বাটত থকা এজন নিঠৰুৱা। তেওঁৰ লগতে আছে তেওঁৰ 8 জন সন্তান, তিনিজনী ঘৈণীয়েক, তাৰে দুই জনী গৰ্ভৱতী। মানুহ জনৰ হাতত আছে ছেমছাং C7 প্ৰ’ মোবাইল যাৰ মূল্য মাথোঁ 29,000 টকা। তেওঁলোকৰ অৱস্থা চাই বিৰোধী পক্ষই দুখত আছে, গতিকে সঠিক সময় অনুসৰি কৰ পৰিশোধ কৰি থাকক।” এই ভাইৰেল পোষ্ট-ৰ আৰ্কাইভ লিংক ইয়াত চাব পৰা যাব। তদন্ত আমাৰ তদন্ত আৰম্ভ কৰাৰ বাবে আমি প্ৰথমতেই ভাইৰেল এই ছবিখনক লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চাইছিলোঁ। তেতিয়া আমি গম পালোঁ যে এই ছবিখন প্ৰথমতে আপল’ড কৰা হৈছিল news18.com-ৰ এটা ৰিপ’ৰ্টত। যিটো ফাইল কৰা হৈছিল 15 এপ্ৰিল 2018 তাৰিখে। ছবিত থকা তথ্য অনুসৰি, এই ছবিখন তুলিছিলে দেবায়ন ৰয়ে। বাতৰিটো আছিল দিল্লীৰ এখন বস্তিত হোৱা অগ্নিকাণ্ডৰ ঘটনা। 15 এপ্ৰিল, 2018-ৰ এই বাতৰি অনুসৰি, দিল্লীৰ মদনপুৰ খদৰত অৱস্থিত ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত অকস্মাত অগ্নিকাণ্ড হোৱা ফলত বহু মানুহ অগ্নিদগ্ধ হৈছিল। কিন্তু ভাইৰেল পোষ্টত যিবোৰ কথা দাবী কৰা হৈছে সেইবোৰক লৈ কোনো কথা সেই বাতৰিত নাছিল। আমি দেবায়ন ৰয়ৰ সৈতে, ছবিখন যিজনে তুলিছিলে, টুইটাৰত যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে ভাইৰেল পোষ্টত যি দাবী কৰা হৈছে সেয়া মিছা হয়। তেওঁ কৈছে যে ভাইৰেল পোষ্টত থকা তথ্য সম্পূৰ্ণ ভুল হয়। তেওঁ কৈছে যে 2018 চনত তেওঁ দিল্লীৰ মদনপুৰ খদৰত অৱস্থিত এখন বস্তিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ এই ছবিখন তুলিছিলে। তেওঁ কৈছে যে ছবিখনত যিজন মানুহক দেখা পোৱা গৈ আছে তেওঁ ৰোগিংগীয়া হয়। কিন্তু তেওঁৰ তিনিজনী ঘৈণীয়েক আৰু 8 জন সন্তান আছে বুলি যি দাবী কৰা হৈছে সেয়া মিছা হয়। আনকি তেওঁৰ হাতত থকা মোবাইলটো তেওঁৰ নহয়। মোবাইলটো হ’ল তেওঁক সহায়তা কৰিবলৈ অহা এজন স্বেচ্ছাসেৱীৰ। আমি আনকি দেবায়ন ৰয়ৰ এটা পুৰণি টুইটো দেখা পাইছোঁ, তাতেই তেওঁ ভাইৰেল পোষ্টটোৰ দাবীক মিছা বুলি ঘোষণা কৰিছিলে। কী-ৱৰ্ড দি অনুসন্ধান কৰি আমি জানিবলৈ পাইছোঁ যে 2018-ৰ এপ্ৰিলত এটা ৰোহিংগীয়া শিবাৰত অকস্মাত হোৱা অগ্নিকাণ্ডৰ ফলত 200-ৰো অধিক জুপুৰি ভস্মীভূত হৈছিল। সেই সময়ত বিভিন্ন সংবাদ মাধ্যমে সেই বাতৰি প্ৰকাশ কৰিছিল। বিশ্বাস নিউজে এই একেখন ছবিক লৈ কৰা দাবীৰ সত্যতা আগতেও আৰু এবাৰ পৰীক্ষা কৰি চাইছিল। সেয়া ইয়াত পঢ়ি চাব পৰা যাব। সদৌ শেষত আমি এই মিছা পোষ্ট ভাইৰেল কৰা ফেচবুক ব্যৱহাৰকাৰী আপনা তৰুণ চুঘ-ৰ প্ৰ’ফাইলক ছ’চিয়েল স্কেনিং কৰি চাইছোঁ। তেওঁৰ ফেচবুক পেজত 11 লাখ অনুসৰণকাৰী আছে। নিষ্কৰ্ষঃ বিশ্বাস টিম-এ তদন্ত কৰাৰ পাছত গম পাইছে যে ৰোহিংগীয়া শৰণাৰ্থীৰ নামত যি দাবী কৰা হৈছিল সেয়া মিছা হয়। - Claim Review : এইটো এটা ৰোহিংগীয়া পৰিয়াল হয়। দিল্লীৰ বাটত থকা এজন নিঠৰুৱা। তেওঁৰ লগতে আছে তেওঁৰ 8 জন সন্তান, তিনিজনী ঘৈণীয়েক, তাৰে দুই জনী গৰ্ভৱতী। মানুহ জনৰ হাতত আছে ছেমছাং C7 প্ৰ’ মোবাইল যাৰ মূল্য মাথোঁ 29,000 টকা। তেওঁলোকৰ অৱস্থা চাই বিৰোধী পক্ষই দুখত আছে - Claimed By : ফেচবুক পেজ আপনা তৰুণ চুঘ - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software