About: http://data.cimple.eu/claim-review/3d6babdf4ed4fd99db1831074e251153816b6474b65026df61d1b900     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Authors Claim এই ভিডিঅ’টো গাজাত থকা হামাছ উগ্ৰপন্থীৰ সুৰংগ নেটৱৰ্কৰ। Fact নহয়, ভাইৰেল ভিডিঅ’টোত উপস্থাপিত সুৰংগ নেটৱৰ্কটো গাজাৰ নহয়, ব্ৰিটেইনৰহে আৰু ইয়াক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল। ইজৰাইল পেলেষ্টাইনৰ মাজত চলি থকা ৰক্তক্ষয়ী সংঘাতৰ মাজতে ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ গাজাত হামাছৰ এক সুৰংগ নেটৱৰ্কৰ ভিডিঅ’ বুলি এটা ফে’চবুক পোষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’ পোষ্টটোত সেয়া হামাছৰ ‘সুৰংগ নেটৱৰ্ক’ বুলি দাবী কৰা হৈছে। পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব। ৮ নৱেম্বৰত পোষ্ট কৰা এই ভিডিঅ’টো প্ৰতিবেদন লিখাৰ পৰলৈ ২.৩৭ লাখ লোকে চাইছে। কিয় চৰ্চাত আছে গাজাৰ সুৰংগ গাজা ষ্ট্ৰিপত ইজৰাইলে অল আউট গ্ৰাউণ্ড আক্ৰমণৰ বাবে সাজু হোৱাৰ সময়তে তেওঁলোকে সন্মুখীন হোৱা অন্যতম ডাঙৰ প্ৰত্যাহ্বান হৈছে গাজাৰ অধীনত হামাছৰ সুৰংগ নেটৱৰ্ক। শেহতীয়াকৈ ইজৰাইলৰ সামৰিক বাহিনীয়ে দখল কৰা গাজাৰ শ্বিফা চিকিৎসালয়ত উদ্ধাৰ হৈছে হামাছ সন্ত্ৰাসবাদীৰ গোপন সুৰংগ। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে চিকিৎসালয় চৌহদত হামাছৰ সুৰংগটো উদ্ধাৰ কৰা হৈছে। ইফালে প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰা মতে সেনাই ৰাণ্টিচি চিকিৎসালয়ত আন এটা সন্ত্ৰাসবাদী সুৰংগ বিচাৰি পাইছিল। ইয়াৰ পিছৰে পৰা হামাছৰ আৰু গাজাৰ সুৰংগক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে। Fact Check/Verification নিউজচেকাৰে পোনপ্ৰথমেই InVid টুল ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ’টোৰ কিছুমান কী-ফ্ৰেম উলিয়াই লও। ইয়াৰ পিছত এই কী-ফ্ৰেমবোৰক গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ জৰিয়তে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰো। ইয়াতেই আমি ভালেমান ৱেব লিংক লাভ কৰো, যিবোৰত ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই ছবি আৰু ভিডিঅ’ দেখিবলৈ পাও। সেইবোৰৰ ভিতৰত Beyond The Point ৱেবছাইটটোৱে ৮ জুলাই ২০২১ তাৰিখে প্ৰকাশ কৰা এটা প্ৰতিবেদনত কিছুমান ফটো সন্নিৱিষ্ট কৰিছে। যিবোৰৰ সৈতে আমি ভাইৰেল ভিডিঅ’টোত লাভ কৰা স্ক্ৰীণগ্ৰেবৰ সৈতে একেই। ইয়াৰ পিছতে আমি ২০২৩ চনৰ ১০ জুলাই ২০২৩ তাৰিখে TheSecretVault নামৰ এটা ইউটিউব চেনেলে প্ৰকাশ কৰা এটা ভিডিঅ’ত ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই সুৰংগ এটা দেখিবলৈ পোৱা যায়। এইবাৰ আমি ভাইৰেল ভিডিঅ’ আৰু এই ভিডিঅ’ৰ ফ্ৰেমৰ তুলনা কৰিলো। ইয়াত আমি নিশ্চিত হলো যে দুয়োটা ভিডিঅ’তে একেখিনি ঠাইকেই দেখুওৱা হৈছে। ভাইৰেল ভিডিঅ’ আৰু ইউটিউবত উপলব্ধ ভিডিঅ’ দুটাৰ তুলনা আগবঢ়োৱা হৈছে। একেটা ভিডিঅ’তে আন দুটা ফ্ৰেমতো আমি লাভ কৰা সাদৃশ্য তলত দেখুওৱা হৈছে। ওপৰৰ ফ্ৰেমটোৰ ফটোখন আমি Beyond The Point শীৰ্ষক ৱেবছাইটতো লাভ কৰিছিলো। ফটোখন ইয়াত ক্লিক কৰি চাব পাৰিব। ইয়াৰ পিছত আমি ওপৰোক্ত ৱেবছাইটত লাভ কৰা এখন মেপৰ ছবি পুনৰ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ আৰম্ভ কৰো। এইবাৰ আমি প্ৰত্নতাত্ত্বিক গৱেষণাৰ ডিজিটেল আৰ্কাইভ The Archeology Data Service ৰ ৱেবছাইটত এই ফটোখনৰ উপস্থিতি লাভ কৰো। এই ছবিখনৰ সৈতে থকা বিৱৰণত লিখা হৈছে – Underground battle headquarters of South-East Command. [Information on situation supplied by research from Mr. Bob Bartlett, January 2001] এলেকাটোৰ সবিশেষ হিচাপে লিখা হৈছে – ARMY BATTLE HEADQUARTERS, Reigate Hill, Reigate, Surrey, England. এই তথ্য অনুসৰি এই সুৰংগটো ১৯৪০ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল আৰু ই আছিল দক্ষিণ-পূব কমাণ্ডৰ ভূগৰ্ভস্থ যুদ্ধৰ মুখ্য কাৰ্যালয়। ইয়াক আনকি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল বুলিও উল্লেখ কৰা হৈছে। এইবাৰ আমি ARMY BATTLE HEADQUARTERS, Reigate Hill, Reigate, Surrey, England ৰ বিষয়ে জানিবলৈ পুনৰ গুগল ছাৰ্ছ কৰাত বিভিন্ন ৱেব লিংক আৰু ভিডিঅ’ লাভ কৰো। যিবোৰ এই ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই। Hidden History with Ray নামৰ এটা ইউটিউব চেনেলে ৬ জুলাই ২০২৩ তাৰিখে Uncovered secrets: Inside the Reigate Battle Headquarters নামেৰে আপলোড কৰা ভিডিঅ’টোত ভাইৰেল হোৱা ভিডিঅ’টোৰ প্ৰায় প্ৰতিটো অংশই দৃশ্যমান হৈছে। এই ভিডিঅ’টোৰ বিৱৰণী মতে এয়া হৈছে ইংলেণ্ডৰ ছাৰেৰ ৰেইগেটত অৱস্থিত ৰেইগেট চিটাডেল নামেৰেও জনাজাত ৰেইগেট বেটল হেডকোৱাৰ্টাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ই প্ৰতিৰক্ষা আৰু চোৰাংচোৱা অভিযানৰ সমন্বয়ৰ বাবে কমাণ্ড চেণ্টাৰ হিচাপে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইয়াৰ ইতিহাস উন্মোচন কৰিলে যুদ্ধকালীন কৌশল আৰু প্ৰস্তুতিৰ এক আকৰ্ষণীয় কাহিনী উন্মোচিত হয়। ১৯৪০ চনৰ আৰম্ভণিতে সম্ভাৱ্য জাৰ্মান আক্ৰমণৰ বিৰুদ্ধে ব্ৰিটেইনৰ প্ৰতিৰক্ষামূলক ব্যৱস্থাৰ অংশ হিচাপে ৰেগেট যুদ্ধৰ মুখ্য কাৰ্যালয় নিৰ্মাণ আৰম্ভ হৈছিল। সমগ্ৰ দেশতে কমাণ্ড আৰু কণ্ট্ৰল চেণ্টাৰ হিচাপে কাম কৰিবলৈ নিৰ্মাণ কৰা কেইবাটাও অনুৰূপ গঠনৰ ভিতৰত ই অন্যতম আছিল। ৰেগেট যুদ্ধ মুখ্য কাৰ্যালয়ৰ সঠিক উদ্দেশ্য আছিল বিভিন্ন সামৰিক আৰু চোৰাংচোৱা ইউনিটৰ কাৰ্য্যকলাপৰ স্থান আৰু সমন্বয় কৰা। এই সন্দৰ্ভত আমি লাভ কৰা আৰু অধিক তথ্যসমূহ ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব। Conclusion ওপৰোক্ত তথ্যসমূহৰ পৰা এয়া প্ৰমাণিত হয় যে ভাইৰেল ভিডিঅ’টো গাজাষ্ট্ৰীপৰ নহয় বা হামাছে ব্যৱহাৰ কৰা সুৰংগৰ দৃশ্য নহয়। এয়া ইংলেণ্ডৰ ছাৰেৰ সুৰংগ। ভাইৰেল পোষ্ট মিছা। Result: False Our Resources: 1. Report by Beyond The Poin, dated July 8, 2021 2. The Archeology Data Service 3. Video published by Youtube Channel TheSecretVault যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software