About: http://data.cimple.eu/claim-review/584d2b2e7adcbdd4a86072c2ec1e965bd8cf92eaad3e824b2e31a971     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ইজিপ্তৰ পিৰামিড নিৰ্মাণৰ ছবিৰ লগত ভাইৰাল ছবিখন আচল নহয়, সেয়া এআই দ্বাৰা তৈয়াৰ কৰা এখন ছবি - By: Abhishek Parashar - Published: Nov 30, 2023 at 05:34 PM নতুন দিল্লী (বিশ্বাস নিউজ)।খ্ৰীষ্টপূৰ্ব 2600 চনত ইজিপ্তত নিৰ্মিত পিৰামিড নিৰ্মানৰ আনুষ্ঠানিক ছবি এইবোৰ, বুলি দাবী কৰি সামাজিক মাধ্যমত কিছু ছবি ভাইৰাল হৈ পৰিছে। বিশ্বাস নিউজৰ তদন্তত এই ছবি বিভ্ৰান্তিকৰ বুলি বিবেচনা কৰিছে আৰু ইয়াৰ সৈতে ব্যৱহৃত ছবিবোৰ নিৰ্মাণৰ প্ৰকৃত ছবি নহয় বৰঞ্চ এআইয়ে সৃষ্টি কৰা ছবিহে। এআই সঁজুলিৰ সহায়ত সৃষ্টি কৰা এনে আন ভাইৰাল ছবিৰ তথ্য পৰীক্ষাৰ প্ৰতিবেদন বিশ্বাস নিউজৰ এআই পৰীক্ষা শিতানত পঢ়িব পাৰিব। কি হৈছে ভাইৰাল? সামাজিক মাধ্যম ব্যৱহাৰকাৰী ‘Mostafa M. Elgazzar’-এ ভাইৰাল ছবিখন শ্বেয়াৰ কৰি লিখিছে যে, “ইজিপ্তত গ্ৰেট পিৰামিড নিৰ্মাণৰ সময়ত তোলা চৰকাৰী ছবি, 2600 খ্ৰীষ্টপূৰ্ব জে.চি. এইবোৰ এলিয়েন নহয়” https://www.facebook.com/Mostatii/posts/pfbid0358ebSoReBpgofms3xRLP66iJBDxYa6Krs48kWaRhBxn9PsHz1wB62romRnCdiymrl বিভিন্ন সামাজিক মাধ্যমৰ প্লেটফৰ্মত আন বহু ব্যৱহাৰকাৰীয়ে একেধৰণৰ দাবীৰে এই ছবিসমূহ শ্বেয়াৰ কৰিছে। তদন্ত ভাইৰাল পোষ্টখনত চাৰিখন ছবি ব্যৱহাৰ কৰা হৈছে আৰু এই ছবিবোৰত দেখা পোৱা দৃশ্যবোৰ অস্বাভাবিক যেন লাগে। ৰিভাৰ্ছ ইমেজ ছাৰ্ছত আমি এই ছবিসমূহৰ কোনো চৰকাৰী উৎস বিচাৰী নাপালোঁ। দ্বিতীয় ভাইৰাল ছবিখন খ্ৰীষ্টপূৰ্ব 2600 চনৰ বুলি কোৱা হয়, যিটোৰ তথ্যৰ লগত মিল নাই। ফোটোগ্ৰাফী আৱিষ্কাৰ হৈছিল 19 শতিকাত, আনহাতে ভাইৰাল পোষ্টটোত দাবী কৰা হৈছে যে, এইটো খ্ৰীষ্টপূৰ্ব 2600 চনত হৈছিল। nationalgeographic.com -ৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি গীজীৰ তিনিটা পিৰামিডৰ নিৰ্মাণ 2550-ৰ পৰা 2490 খ্ৰীষ্টপূৰ্বৰ মাজত হৈছিল। ছবিবোৰত দেখা দৃশ্যবোৰ অতি স্পষ্ট আৰু অস্বাভাৱিক দেখা যায়, যিয়ে ইয়াক এআই-ৰ দ্বাৰা নিৰ্মিত বুলি সূচায়। আমি তিনিওখন ছবি এআই সঁজুলিৰ দ্বাৰা নিৰ্মিত ছবি পৰীক্ষা কৰা সঁজুলিৰ সহায়ত পৰীক্ষা কৰিলোঁ। তিনিওখন ছবি এআই-এ সৃষ্টি কৰাৰ সম্ভাৱনা 99.9 শতাংশ বুলি ওলাই পৰিল। এই সম্ভাৱনা নিশ্চিত কৰিবলৈ আমি আন এটা সঁজুলিৰ সহায়ত এই ছবিবোৰ এআই দ্বাৰা নিৰ্মিত হোৱাৰ সম্ভাৱনা পৰীক্ষা কৰিলোঁ আৰু এই ছবিবোৰ এআই দ্বাৰা নিৰ্মান কৰা বুলিও নিশ্চিত হ’ল। আমাৰ তদন্তৰ পৰা স্পষ্ট যে, ইজিপ্তত পিৰামিড নিৰ্মাণৰ ছবি যিবোৰ চৰকাৰী ছবি হিচাপে শ্বেয়াৰ কৰা হৈছে, সেইবোৰ আচলতে এআই-এ সৃষ্টি কৰা ছবি। ভাইৰাল ছবি সন্দৰ্ভত আমি এআই আৰু মেচিন লাৰ্নিঙৰ কাম কৰা বিশেষজ্ঞ অভিজীত পৰাশৰৰ সৈতে যোগাযোগ কৰিলোঁ। তেঁও নিশ্চিত কৰে যে, এই ছবিসমূহ এআই সঁজুলিৰ সহায়ত নিৰ্মান কৰা হৈছে। এআই সঁজুলিৰ সহায়ত সৃষ্টি হোৱা অন্যান্য ডাঙৰ ভাইৰাল দাবীসমূহ পৰীক্ষা কৰা তথ্য পৰীক্ষাৰ প্ৰতিবেদন বিশ্বাস নিউজৰ এআই পৰীক্ষা শিতানত পঢ়িব পাৰিব। বিভ্ৰান্তীকৰ দাবীৰে ভাইৰাল ছবিখন শ্বেয়াৰ কৰা ইউজাৰে নিজৰ প্ৰ’ফাইলত নিজকে ইজিপ্তৰ বুলি অভিহীত কৰিছে। উপসংহাৰ: ইজিপ্তৰ পিৰামিড নিৰ্মানৰ চৰকাৰী ছবি থকা ভাইৰাল ছবিবোৰ প্ৰকৃত নিৰ্মাণৰ নহয়, বৰঞ্চ এআই সঁজুলিৰ সহায়ত সৃষ্টি কৰা ছবিহে। - Claim Review : বুলি দাবী কৰি সামাজিক মাধ্যমত কিছু ছবি ভাইৰাল হৈ পৰিছে। - Claimed By : Mostafa M. Elgazzar - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 1 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software