schema:text
| - Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact checks doneFOLLOW US
Fact Check
Claim
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে “তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ” অফাৰ আগবঢ়াইছে, যাতে যথেষ্টসংখ্যক লোকে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিক ভোট দিবলৈ আগ্ৰহী হয়।
আমি আমাৰ হোৱাটছএপ্প টিপলাইনত (9999499044) এনেকুৱা এটা বিষয় উত্থাপন হোৱাৰ কথা জানিব পাৰো আৰু এই বিষয়ে সত্যাসত্য বিচাৰ কৰাৰ বাবে আমাক অনুৰোধ জনোৱা হয়।
আমি পোনপ্ৰথমেই হোৱাটছএপ্প ফৰৱাৰ্ডযোগে অহা লিংকটোত ক্লিক কৰি আমাৰ অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ কৰো। এই লিংকটোৱে আমাক ততালিকে এটা ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰে, য’ত উল্লেখ কৰা হৈছে যে “বিজেপি ফ্ৰী ৰিছার্জ যোজনা” আৰু “Get Free Recharge” লিখা থকা আন এক লিংকলৈও আমাক ৰিডাইৰেক্ট কৰা হয়। ইয়াতেই আমাৰ ফোন নম্বৰ প্ৰবিষ্ট কৰাৰ নিৰ্দেশনা দিয়া হয়। অৰ্থাৎ ফোন নম্বৰ জানিবলৈ বিচাৰে ৱেবছাইটটোৰ তৰফৰ পৰা।
https://www.bjp.org@bjp2024.mangafinic.com/ – এই URL টো দেখি আমাৰ সন্দেহ ওপজে, কিয়নো বিজেপিৰ অফিচিয়েল ৱেবছাইটৰ ঠিকনা হ’ল- https://www.bjp.org/।
ইয়াৰ পিছতেই আমি গুগলত “বিজেপি ফ্ৰী ৰিছার্জ যোজনা” বুলি কী-ৱৰ্ড ছাৰ্ছ কৰো। পিছে এই ক্ষেত্ৰত আমি এনেধৰণৰ কোনো স্কীম বা আঁচনিৰ বিষয়ে তথ্য লাভ নকৰিলো। আনকি কোনো বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠানৰ প্রতিবেদন বা অফিচিয়েল বিবৃতিৰো সন্ধান নাপালো। আমি ইয়াৰ পিছতে বিজেপিৰ অফিচিয়েল ৱেবছাইটত এই আঁচনিৰ বিষয়ে জানিবলৈ পৰীক্ষা কৰিলো, কিন্তু তাতো এনে কোনও প্রাসঙ্গিক তথ্য লাভ নকৰিলো।
আমাৰ অনুসন্ধানকালতে আমি জানিবলৈ পাৰো যে “mangafinic.com” ৱেবছাইটটোক সন্দেহজনক আৰু জালিয়াতি প্রতিৰোধধকাৰী অগ্রণী সংস্থা Scam Detector ৰ দ্বাৰা ইতিমধ্যেই “সন্দেহজনক” হিচাপে চিহ্নিত কৰা হৈছে৷
Scam Detector ৰ পৰ্যালোচনাই এই কথা স্পষ্ট কৰি দিছে, “কোনো ৱেবছাইটৰ সুৰক্ষা সম্পর্কে নিশ্চিত হ’বলৈ আমি প্রথমেই যিটো দিশলৈ লক্ষ্য কৰিম বা যিটো পেৰামিটাৰ হাতত ল’ম, সেয়া হৈছে “Proximity to suspicious websites” (সন্দেহজনক ৱেবছাইটৰ সান্নিধ্য)- টেবটো আছে নে নাই। ইয়াৰ অৰ্থ হৈছে দুর্ভাগ্যবশতঃ, ছার্ভাৰ, আইপি এড্ৰেছ বা অন্যান্য অনলাইন সংযোগৰ মাধ্যমেৰে, mangafinic.com ১ ৰ পৰা ১০০ ৰ ভিতৰত যিকোনো ধৰণে ক্ষতিকাৰক হিচাপে চিহ্নিত কোনো ৱেবছাইটৰ সৈতে জড়িত হয় নে কি। এই সংখ্যা যিমানেই অধিক হ’ব, বুজা যাব যে এই ৱেবছাইটৰ সৈতে বিতৰ্কিত ৱেবছাইটবোৰৰ সান্নিধ্য সিমানেই অধিক। গতিকে সংখ্যা যিমানেই বৃদ্ধি পাব, তাৰ বিপদাশংকাও সিমানেই বৃদ্ধি পাব।”
আমি ছাইবাৰ নিৰাপত্তা বিশেষজ্ঞসকলৰ সৈতেও যোগাযোগ কৰিছো আৰু তেওঁলোকৰ পৰা সমুচিত সদুত্তৰ লাভ কৰিলেই এই লেখাটোত সেয়া আপডেট কৰা হ’ব।
Sources:
Scam detector review ৰ বিশ্লেষণ
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
|