About: http://data.cimple.eu/claim-review/8f397cde8a9521f110340501fc074c982a45491849cd4c4b1e597988     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check সাবৰীমালা মন্দিৰত ভিৰৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল Claim কেৰালাত এয়া হিন্দুৰ অৱস্থা! এটা শিশুকো সিহঁতে এৰা নাই৷ হিন্দুৰ সুৰক্ষা ক’তো নাই৷ Fact ভিডিঅ’ত দেখা গৈছে যে সাবৰীমালাত বিৰাট হুলস্থুলৰ মাজতে এটা শিশুৱে নিজৰ পিতৃক বিচাৰি হাহাকাৰ কৰি আছে। পিছত শিশুটিৰ পিতৃৰ সৈতে পুনৰ মিলন ঘটে। কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে সাবৰীমালাত বাছত উঠি কান্দি কান্দি থকা শিশু তীৰ্থযাত্ৰীৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে “বাওঁপন্থী শাসিত” কেৰালাত হিন্দুসকলক আক্ৰমণ কৰা হৈছে আৰু নিৰ্যাতন চলোৱা হৈছে। এগৰাকী ফে’চবুক ইউজাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে – কেৰালাত এয়া হিন্দুৰ অৱস্থা ! এটা শিশুকো সিহঁতে এৰা নাই ৷ শিশুটোয়ে হাতযোৰ কৰি কৰা কাতৰ আৱেদনে মোৰ বুকুত। কি কম? হিন্দুৰ সুৰক্ষা ক’তো নাই ৷ সাবৰীমালা মন্দিৰত শিশুটোৰ এই কান্দোনে আপোনাক ব্যথিত কৰি পেলাব… হিন্দু ভক্তৰ বাবে দুৰ্বল ব্যৱস্থাৰ মাজতে নিৰুদ্দেশ হোৱা দেউতাকক বিচাৰি হাহাঁকাৰ কৰা এইটো শিশু…পিনাৰায়ী চৰকাৰে হিন্দু মন্দিৰৰ ধন বিচাৰে কিন্তু একো ভাল ব্যৱস্থা বা সুব্যৱহাৰ নিদিয়ে। ভাৰত চৰকাৰে বচাওক এতিয়াই। নহ’লে বহু দেৰি হৈ যাব ৷ শিশুক কৰা এনে ব্যৱহাৰ গ্ৰহণযোগ্য নহয়৷ ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব। আন এগৰাকী ইউজাৰেও এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে – কেৰেলাত হিন্দুৰ এই দুৰবস্থা আমাৰ ইয়াত নালাগে। ভোট দিওঁতে সাৱধান। পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব। Fact Check নিউজচেকাৰে লক্ষ্য কৰে যে এই ভাইৰেল ভিডিঅ’টো মালয়ালম টিভি চেনেল এছিয়ানেট নিউজৰ এটা নিউজ ৰিপ’ৰ্টৰ অংশ, টিকাৰটোত লিখা আছিল যে সবৰীমালা মন্দিৰৰ বেছ কেম্প নীলকলত হোৱা বিশাল হুলস্থুলৰ মাজতে এটি শিশু আয়্যাপ্পা ভক্তই পিতৃক বিচাৰি চিঞৰিছে। প্ৰতিবেদনৰ ২৭ ছেকেণ্ডৰ পাছত ভিডিঅ’টোত লক্ষ্য কৰা হৈছে যে শিশুটিয়ে পিতৃৰ সৈতে পুনৰ মিলিত হৈছে, আনকি আৰক্ষীয়েও তেওঁক সান্ত্বনা দিয়া দেখা গৈছে। তাৰ পিছত আমি এটা প্ৰাসংগিক কী-ৱৰ্ড চাৰ্চ কৰো, আৰু ইয়াতেই আমি এই Asianet Newsable report লাভ কৰো। ২০২৩ চনৰ ১২ ডিচেম্বৰত প্ৰকাশ কৰা এই ভিডিঅ’ প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে সবৰীমালাত যোৱা পাঁচ দিনত ভক্তৰ বিপুল সমাগম হৈছে আৰু বিৰোধীয়ে কেৰালা চৰকাৰক এই সমাগমৰ সঠিক ব্যৱস্থাপনা কৰিব নোৱাৰা বাবে তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে। প্রতিবেদনত প্রকাশ কৰা মতে, প্ৰচণ্ড ভিৰৰ বাবে সবৰীমালা মন্দিৰ আৰু ভগৱান অয়্যাপ্পাৰ দৰ্শন নোপোৱাকৈয়ে বহু তীৰ্থযাত্ৰী উভতি গৈছে। ‘ইফালে সবৰীমালাত পথ হেৰুৱাই কান্দি থকা এটি শিশুৰ ভিডিঅ’ পোহৰলৈ আহিছে। ফুটেজত দেখা গৈছে যে শিশুটিয়ে নিলাক্কালত ভিৰৰ মাজত হেৰাই যোৱা পিতৃক বিচাৰিছে। আৰক্ষীৰ সন্মুখত হাত যোৰ কৰি চিঞৰি থকা শিশুটিয়ে অৱশেষত পিতৃক দেখি হাত জোকাৰিছে।’ ভিডিঅ’টো অপ্ৰাসঙ্গিক হিচাপেও বিভিন্ন লোকে শ্বেয়াৰ কৰা বুলি নিশ্চিত কৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াত আৰু ইয়াত উল্লেখ থকা একাধিক প্ৰতিবেদনত কোৱা হৈছে যে এই সময়ছোৱাত সবৰীমালা হোৱা অভূতপূৰ্ব ভিৰৰ বাবে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, থ্ৰিছুৰ, কোঝিকোড়ে আৰু মালাপ্পুৰামকে ধৰি কেইবাঠাইৰ ভক্তগণে সবৰীমালা ভ্ৰমণ আধাতে সামৰি উভতি গৈছে। আনহাতে মুখ্যমন্ত্ৰীও উন্নত সমন্বয় আৰু ভিৰ ব্যৱস্থাপনা ব্যৱস্থাৰ আহ্বান জনাইছে। UPDATE ON 13/12/2023: নিউজচেকাৰে ট্ৰেভানকোৰ দেৱাসৱম ব’ৰ্ডৰ পি আৰ অ’ সুনীল অৰুমানুৰৰ সৈতে যোগাযোগ কৰাত তেওঁ জনায়, “ভিডিঅ’টো আচলতে এজন ল’ৰাৰ, যিয়ে সাবৰীমালাত হুলস্থুলৰ সময়ত পিতৃক বিচাৰি পোৱা নাছিল। সময়মতে আৰক্ষীৰ হস্তক্ষেপে ল’ৰাটোক পিতৃৰ সৈতে পুনৰ মিলিত হোৱাটো নিশ্চিত কৰিছিল। আৰক্ষী বা বিষয়াৰ পৰা কোনো গাফিলতি হোৱা নাই আৰু ভক্তপ্ৰাণ ৰাইজক কোনো হাৰাশাস্তি কৰা হোৱা নাই।” Conclusion সবৰীমালা মন্দিৰত হোৱা বিশাল হুলস্থুলৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ এটা সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল কৰা হৈছে। Result: Missing Context Sources: 1. Asianet Newsable report, December 12, 2023 2. Tweet, Asianet Newsable, December 12, 2023 3. (with inputs from Sabloo Thomas) যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software