About: http://data.cimple.eu/claim-review/9ec320a934df7473f0239333c9ac7399f169b481b4f0116e703addf5     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: বাচনত লগা গুলিৰ ছবি, কৃষক আন্দোলনৰ লগত জড়িত কৰি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল হৈ আছে বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিখনৰ কৃষক আন্দোলন নাইবা ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। এয়া বাংলাদেশ ম্যানমাৰ বৰ্ডাৰত হোৱা গুলীচালনাৰ ছবি। - By: Umam Noor - Published: Feb 27, 2024 at 05:58 PM - Updated: Feb 27, 2024 at 06:39 PM নতুন দিল্লী (বিশ্বাস নিউজ) সামাজিক মাধ্যমত কৃষক আন্দোলনৰ নামত বহু ভুৱা তথা ভ্ৰমাত্মক ছবি আৰু ভিডিঅ’ ভাইৰাল হৈ আছে। এই সন্দৰ্ভত আৰু এখন ছবি ভাইৰাল হৈ আছে, য’ত ডাঙৰ এখন বাচনত গুলি লাগি থকা অৱস্থাত দেখা পোৱা যায়। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, এয়া কৃষক আন্দোলনৰ সময়ৰ ছবি, য’ত কৃষকৰ বাচনত পুলিছৰ গুলি লাগি গ’ল। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিখনৰ কৃষক আন্দোলন নাইবা ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। এয়া বাংলাদেশ ম্যানমাৰ বৰ্ডাৰত হোৱা গুলীচালনাৰ ছবি। কি আছে ভাইৰাল পোষ্টত? ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”ইতিহাসত সকলো লিখা হৈ থাকিব মোদী চাহাব..#FarmersProtest2024.” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল ছবিখন বিছাৰিলোঁ। বিছাৰি থাকোঁতে আমি এই ছবিখন 16 ফেব্ৰুৱাৰি 2024-ৰ বাংলাদেশৰ এখন সংবাদ ৱেবচাইটত আপল’ড হোৱা এখন সংবাদত পালো। ইয়াত থকা তথ্য মতে, ‘টেকনাফত শাহপৰিৰ দ্বীপ আৰু ছেইণ্ট মাৰ্টিনৰ মাজত আকৌ গুলীচালনা শুনিব পোৱা গ’ল আৰু স্থানীয় লোকসকলৰ মাজত আতংক বিয়পিছে। শাহপৰিৰ দ্বীপৰ বাসিন্দা শাহজাহানে কৈছে যে, এনে এখন ঘটনাত তম্মৰুত এজন স্থানীয় মহিলা সৈতে দুজন ব্যক্তিৰ মৃত্যু হৈছে। ম্যানমাৰত হোৱা গুলীচালনাৰ সময়ত, গুলি আহি বাংলাদেশৰ সীমান্তবৰ্তী এলেকাৰ স্থানীয় মানুহৰ পাকঘৰৰ কেৰাহীৰ ঢাকনিতও লাগি গ’ল।‘ আমাৰ তদন্ত আগবঢ়াই নিয়োঁতে আমি এই ভিত্তিত সেবাদ বিছাৰিলো। এই প্ৰক্ৰিয়াত আমি ঢাকা মেইল নামৰ ৱেবচাইট বাতৰিত ভাইৰাল ছবিখন আপল’ড হোৱা পাইছিলোঁ। 7 ফেব্ৰুৱাৰি 2024-ৰ খবৰ মতে, “ম্যানমাৰৰ বিদ্ৰোহী গোট আৰু সামৰিক শাসকৰ মাজত সংঘৰ্য তীব্ৰতৰ হৈ পৰিছে। ম্যানমাৰৰ পৰা অবিৰত গুলীচালনা আৰু মৰ্টাৰ গোলাবৰ্যণৰ বাবে বাংলাদেশ সীমান্তত ক্ষয় ক্ষতি দিনক দিনে বাঢ়িছে। ইয়াৰ ফলত বাংলাদেশ সীমান্তত উত্তেজনা বাঢ়িছে। যোৱা কিছুদিন ধৰি বান্দৰবন আৰু কক্স বজাৰৰ সীমান্তৰ ভিতৰত সিফালৰ পৰা ইটোৰ পিছত সিটোকৈ আক্ৰমণ সংঘটিত হৈ আহিছে। দুজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে। সীমান্তত অৱস্থিত শ শ পৰিয়ালক তেঁওলোকৰ ঘৰ খালী কৰাই দিয়া হৈছে। যুদ্ধত আহত হৈ 250 জনতকৈ অধিক ম্যানমাৰ নাগৰিক বাংলাদেশলৈ পলায়ন কৰিছে। ইয়াৰ ভিতৰত শ শ সীমান্তৰক্ষী আৰু দেশখনৰ সেনাবাহিনীৰ সদস্যও আছে।“ ভাইৰাল ছবি সন্দৰ্ভত নিশ্চিতীকৰণৰ বাবে আমি বাংলাদেশৰ আইএফচিএন ছিগ্ৰটৰি ইউজাৰ্ছ স্কেনাৰ-ৰ ফেক্ট চেকাৰ শজ্জাদ চৌধুৰিৰ লগত যোগাযোগ কৰিলোঁ আৰু তেঁওক ভাইৰাল ছবিখন পঠালোঁ। তেঁও আমাক জঁনালে যে তেঁও আৰু তেঁওৰ দলে এই ছবিখনৰ বাংলাদেশৰ লগত সম্পৰ্ক সন্দৰ্ভত জানিবলৈ চেষ্টা কৰি আছে, যেতিয়াই নিশ্চিত হ’ব, তেঁও আমাক অৱগত কৰিব। ভাইৰাল ছবি সন্দৰ্ভত অম্বালাৰ দৈনিক জাগৰণৰ সংবাদদাতা দীপক বেহেল-ৰ বক্তব্য হ’ল য, বহুত ভ্ৰমাত্মক ছবি আৰু ভিডিঅ’ ভাইৰাল হৈ আছে, এই ছবিখনও তাৰ ভিতৰত এখন, বৰ্তমানে চলি থকা কৃষক আন্দোলনৰ নহয়। ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনৰ তৰফৰ পৰা এক বিশেষ দলৰ পোষ্ট শ্বেয়াৰ কৰা হৈ থাকে। নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ছবিখনৰ কৃষক আন্দোলন নাইবা ভাৰতৰ লগত কোনো সম্পৰ্ক নাই। এয়া বাংলাদেশ ম্যানমাৰ বৰ্ডাৰত হোৱা গুলীচালনাৰ ছবি। - Claim Review : ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, এয়া কৃষক আন্দোলনৰ সময়ৰ ছবি, য’ত কৃষকৰ বাচনত পুলিছৰ গুলি লাগি গ’ল। - Claimed By : Aaj Ki Azad Awaaz - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software