About: http://data.cimple.eu/claim-review/a5c0b716e22951d7300a9c926b5bea882b779b1037da5432529bfacc     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: হৃতিক ৰোচনৰ কৰোণা লকডাউনৰ ভিডিঅ’ এলভিছ যাদবৰ লগত যুক্ত কৰি ভাইৰাল কৰা হৈ আছে বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, হৃতিক ৰোচনৰ এই ভিডিঅ’খন কৰোণা ভাইৰাছৰ লকডাউনৰ সময়ৰ হয়। এই পুৰণি ভিডিঅ’খনক এলভিছ যাদবৰ লগত যুক্ত কৰি ভুৱা দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। - By: Umam Noor - Published: Aug 29, 2023 at 01:35 PM নতুন দিল্লী (বিশ্বাস নিউজ)। বিগ বছ অ’টিটি 2 ত বিজয়ী হোৱাৰ পিছত এলভিছ যাদব আৰু হৃতিক ৰোচনৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। ভাইৰাল হোৱা ভিডিঅ’খনত হৃতিক ৰোচনক এয়া কৈ থকা শুনা পোৱা গৈছে যে, মই ভাবো যে এতিয়া আপুনি কিবা কৰিব পাৰিব। তাতে এই ভিডিঅ’খনৰ অন্যান্য ফ্ৰেমসমূহত বিগ বছ অনুষ্ঠানৰ দৃশ্য দেখা পোৱা গৈছে। এই ভিডিঅ’খনক শ্বেয়াৰ কৰি ব্যবহাৰকাৰীসক’লে এই দাবি কৰি আছে যে, হৃতিক ৰোচন এলভিছ যাদবৰ ওপৰত খং কৰি আছে। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, হৃতিক ৰোচনৰ এই ভিডিঅ’খন কৰোণা ভাইৰাছৰ সময়ৰ হয়। এই পুৰণি ভিডিঅ’খনক এলভিছ যাদবৰ লগত যুক্ত কৰি ভুৱা দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। ভাইৰাল পোষ্টত কি আছে? ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখনক শ্বেয়াৰ কৰি লিখিছে যে, ”Hritik Roshan Angry Elvish Yadav”.(হৃতিক ৰোচনে এলভিছ যাদবৰ ওপৰত খং কৰিছে) পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণি প্ৰক্ৰিয়াত পুনপ্ৰথমতে আমি হৃতিক ৰোচনৰ ভিডিঅ’ৰ স্ক্ৰীনগ্ৰেব ওলালো আৰু সেইসমূহক গুগ’ল লেঞ্চৰ জৰিয়তে বিছাৰিলো। এই খোঁজ প্ৰক্ৰিয়াত আমি ভিডিঅ’খন 27 মার্চ 2020 চনত এক্স (অতীতে টুইটাৰ নামে জনাজাত) ত পোষ্ট হোৱা অৱস্থাত পালো আৰু ভিডিঅ’ত থকা কেপচনত লিখা আছে যে, ”এই ডাঙৰসকলক জগাব লাগিব A message from me to all my young friends out there. You can be the hope and the heroes in this fight.” (মই এই বাৰ্তাটো মোৰ সকলো যুৱক যুৱতী বন্ধু বান্ধবীলৈ দিছো। আপুনিয়ে এই যোঁজত আশাৰ পোহৰ আৰু নায়ক হ’ব পাৰে।) তাতেই এই ভিডিঅ’খনত হৃতিক ৰোচনক কৰোণাৰ বিষয়ে কথা পাতি থকা দেখা পোৱা গৈছে। সম্পূৰ্ণ ভিডিঅ’ ইয়াত চাব পাৰি। এই একে খন ভিডিঅ’ আমি হৃতিক ৰোচনৰ ইনস্টাগ্ৰাম হেণ্ডেলত 27 মার্চ 2020 ত দেখা পাইছো। এয়া জঁনাও যে সেইসময়ত ভাৰতত কৰোণা ভাইৰাছৰ বাবে লকডাউন চলি আছিল আৰু বহুত নামি ব্যক্তিয়ে নিজৰ নিজৰ সাধ্য অনুসৰি মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ প্ৰচেষ্টা হাতত লৈছিল। হৃতিক ৰোচনও তেঁওলোকৰ মাজত এজন আৰু এই ভিডিঅ’খন সেই সজাগতা প্ৰচেষ্টাৰ লগত যুক্ত। তদন্ত আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি এয়া জানিবলৈ যতন কৰিলো যে, হৃতিক ৰোচনে এলভিছ যাদবক লৈ কিবা খঙাল মন্তব্য কৰিছেনে, আমি কিন্তু তেনে একো সংবাদ নাপালো। ভাইৰাল পোষ্টৰ সত্যতা জানিবলৈ আমি এন্টাৰটেইনমেন্ট-ৰ জ্যেষ্ঠ সংবাদদাতা, পৰাগ ছাপেকৰৰ লগত যোগাযোগ কৰিলো আৰু তেঁও আমাক জঁনালে যে, এই ভিডিঅ’ আৰু ইয়াৰ লগত থকা দাবি দুয়োটাই ভুল। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ সামাজিক স্কেনিঙত এই তথ্য পোহৰলৈ আহিছে যে, এই পেজটোৰ 155 জন অনুসৰণকাৰী আছে। নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, হৃতিক ৰোচনৰ এই ভিডিঅ’খন কৰোণা ভাইৰাছৰ লকডাউনৰ সময়ৰ হয়। এই পুৰণি ভিডিঅ’খনক এলভিছ যাদবৰ লগত যুক্ত কৰি ভুৱা দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। - Claim Review : হৃতিক ৰোচনে এলভিছ যাদবৰ ওপৰত খং কৰিছে) - Claimed By : Movie Treasure - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software