About: http://data.cimple.eu/claim-review/b6f38111b31d079789cd54f208ea9d1ebb4f68deaeafd14c8a85d6d4     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: মৌলানা সাদৰ ইজতেমাত খৃষ্টান ধৰ্মাৱলম্বী মানুহৰ ধৰ্ম পৰিৱৰ্তনৰ ঘটনা ঘটা নাই, অসত্য দাবিৰ সৈতে ভিডিঅ ভাইৰাল হৈ আছে বিশ্বাস নিউজে ইয়াৰ তদন্তত গম পালে যে ভাইৰাল পোষ্টৰ লগত কৰা দাবি ভুৱা। মৌলানা সাদ নাইবা তাবলিগী জামাতৰ ইজতেমাত হাজাৰ হাজাৰ খৃষ্টান ধৰ্মাৱলম্বী মানুহৰ ধৰ্ম পৰিৱৰ্তন হোৱা নাই। বিশ্বাস নিউজৰ লগত কথা পাতি থাকোতে তাবলিগী জামাতৰ প্ৰবক্তায়ও ভাইৰাল হোৱা দাবি অস্বীকাৰ কৰিছে। - By: Umam Noor - Published: Nov 14, 2022 at 10:27 AM - Updated: Nov 14, 2022 at 10:54 AM নতুন দিল্লি (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন ভিডিঅ ভাইৰাল হৈ আছে, য’ত তাবলিগী জামাত নিজামুদ্দিনৰ প্ৰধান মৌলানা সাদৰ ছবি বনোৱা আছে, আৰু কিছুমান গাড়িত মানুহসকলে ফুল ছিটোৱা দেখা পোৱা গৈছে। এই ভাইৰাল কৰা ভিডিঅ-ত বহুত সৰু সৰু ভিডিঅ ক্লিপ আৰু ফোটো ব্যৱহাৰ কৰা হৈছে, য’ত বিপুল জনসমাগমৰ চিত্ৰও দেখুৱা হৈছে। এতিয়া এই ভিডিঅখন শ্বেয়াৰ কৰি এই দাবি কৰা হৈছে যে, এই পণ্ডিতে খৃষ্টান মানুহসমূহৰ ধৰ্ম পৰিৱৰ্তন কৰি তেওঁলোকক মুচলমান বনাই দিলে। বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই দাবি ভুৱা বুলি তথ্য লাভ কৰিলে। মৌলানা সাদ নাইবা তাবলিগী জামাতৰ ইজতেমাত হাজাৰ হাজাৰ খৃষ্টান ধৰ্মাৱলম্বী মানুহক ধৰ্মান্তৰিত কৰা হোৱা নাই। বিশ্বাস নিউজৰ লগত কথা পাতি তাবলিগী জামাতৰ প্ৰবক্তায়ও ভাইৰাল দাবিখন অস্বীকাৰ কৰিছে। ভাইৰাল পোষ্টত কি আছে ? ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে, “এঁও এজন পণ্ডিত, যিজনে হাজাৰ হাজাৰ খৃষ্টান ধৰ্মাৱলম্বী মানুহক মুচলমান ধৰ্মত ধৰ্মান্তৰিত কৰিলে। ” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওঁক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণীত আমি পুনপ্ৰথমে এই ভিডিঅখন ভালকৈ চালো। ভিডিঅখনত আমি বেছিৰভাগ গাড়িত MH লিখা স্পষ্ট দেখা পালো। তদন্তত আমি গম পালো যে মহাৰাষ্ট্ৰৰ গাড়িৰ ক’ড হ’ল MH । ভাইৰাল ভিডিঅখনক আমি ইনবিল্ড টুলত আপল’ড কৰিলো আৰু কিছুমান কিফ্ৰেম ওলালো আৰু সেইসমূহক গুগল ৰিভাৰ্ছ ইমেজত মহাৰাষ্ট্ৰ কিৱাৰ্ডৰ সৈতে বিছৰা আৰম্ভ কৰিলোঁ। আমাৰ তদন্তত আমি ভিডিঅখন 24 ফেব্ৰুৱাৰী 2018 ত আপল’ড হোৱা দেখা পাঁলো। ইয়াত ভিডিঅৰ লগত মৌলানা সাদৰ লগত জড়িত তথ্যও দিয়া আছিল। যদিও ধৰ্মান্তৰণৰ সন্দৰ্ভত একো তথ্য চকুত নপৰিল। এই ভিত্তিত তদন্ত কৰি থাকোতে, উক্ত ভিডিঅখন আৰু এখনি ইউটিউব চেনেলত আপল’ড থকা পোৱা গ’ল। ইয়াত ভিডিঅখনক 27 ফেব্ৰুৱাৰী 2018 ৰ বুলি আপল’ড কৰা হৈছে আৰু ভিডিঅৰ লগত থকা তথ্য মতে, উক্ত ঘটনাক 2018 চনত ঔৰঙ্গাবাদত হোৱা মৌলানা সাদৰ ইজতেমা বুলি কোৱা হৈছে। নিউজ ছাৰ্চত আমি টাইমচ অফ ইণ্ডিয়াৰ এই ইজতেমাৰ বিষয়েও খবৰ পালোঁ। 27 ফেব্ৰুৱাৰী 2018 ত প্ৰকাশিত হোৱা এই সংবাদৰ শিৰোনাম হ’ল, ‘তাবলিগী ইজতেমাত বিশাল জনসমাগম ঘটিল, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত, শান্তিপূৰ্ণ ভাবে সম্পন্ন হ’ল’ । সেই সংবাদ অনুসৰি, ঔৰঙ্গাবাদ-পুনে জাতীয় পথত লিম্বে জলগাঁওত আয়োজিত তিনি দিনিয়া তাবলিগী ইজতেমাত, সোমবাৰ সামৰণি অনুষ্ঠানত দেশ আৰু পৃথিৱীৰ কিছুমান অংশৰ পৰা লক্ষাধিক মানুহে অংশগ্ৰহণ কৰে। পুলিশৰ বিশেষ শাখাৰ বিষয়াসমূহৰ আগতীয়া গণনা মতে, মোটামোটি 30 লক্ষ মানুহে ইজতেমাত অংশগ্ৰহণ কৰে। অনুষ্ঠানটো সুন্দৰ আৰু শান্তিপূৰ্ণভাবে সম্পন্ন হোৱাৰ লগত, চহৰৰ পুলিশে এই ঘটনাক মূখ্য সাৰ্বজনীন অনুষ্ঠানক সুচাৰু ৰুপত সম্পন্ন কৰাত পুলিশ সাৰ্বজনীন সমন্বয় নিদৰ্শনৰ কেচ হিচাপে নথিভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। এই সম্পূৰ্ণ খবৰটোত আমি কতো ধৰ্ম পৰিৱৰ্তনৰ নিচিনা বিষয়ৰ একো উল্লেখ নাপালো। ভাইৰাল ভিডিঅখনৰ বিষয়ে নিশ্চিন্ত হ’বলৈ আমি ঔৰঙ্গাবাদৰ পত্ৰকাৰ মনোজ টাক-ৰ লগত ।যোগাযোগ কৰিলো। তেঁও আমাক ক’লে যে, ‘তাবলিগী জামাতৰ এই ইজতেমা 24 ৰ পৰা 27 ফেব্ৰুৱাৰী লই চলিছিল। এয়া এটা ধাৰ্মিক সন্মেলন, য’ত মৌলানা সাদও উপস্থিত আছিল। সম্পূৰ্ণ ইজতেমা শান্তিপূৰ্ণভাবে সম্পন্ন হৈছিল, যদি ধৰ্মান্তৰণৰ দৰে কিবা ঘটিলহেঁতেন তেন্তে এয়া এখন ডাঙৰ বিতৰ্কৰ আকাৰ ধাৰণ কৰিলহেঁতেন। বিশ্বাস নিউজে তাবলিগী জামাতৰ প্ৰবক্তা এডভ’কেট শ্বাহিদ আলিৰ লগত যোগাযোগ কৰিলে আৰু ভাইৰাল ভিডিঅ তেঁওৰ লগত শ্বেয়াৰ কৰিলে। এই সন্দৰ্ভত তেঁওৰ আনুষ্ঠানিক বক্তব্যত তেঁও কয় যে, ধৰ্ম পৰিৱৰ্তনৰ এই দাবি সম্পূৰ্ণ ভুৱা। তাবলিগী জামাত আন ধৰ্মাৱলম্বী মানুহৰ ধৰ্ম পৰিৱৰ্তন নকৰে, মুচলমান মানুহক সঠিক পথত অনাৰ চেষ্টা কৰে। তাবলিগী জামাত নাইবা মৌলানা সাদে কেতিয়াও ধৰ্মান্তৰণ নকৰে। ভুৱা ভিডিঅ শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ চ’ছিয়েল ষ্কেনিঙত আমি গম পালোঁ যে, Jamuna NE Islamic নামৰ এই পেজটোক 20 হাজাৰ মানুহে অনুসৰণ কৰে। নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ তদন্তত গম পালে যে ভাইৰাল পোষ্টৰ লগত কৰা দাবি ভুৱা। মৌলানা সাদ নাইবা তাবলিগী জামাতৰ ইজতেমাত হাজাৰ হাজাৰ খৃষ্টান ধৰ্মাৱলম্বী মানুহৰ ধৰ্ম পৰিৱৰ্তন হোৱা নাই। বিশ্বাস নিউজৰ লগত কথা পাতি থাকোতে তাবলিগী জামাতৰ প্ৰবক্তায়ও ভাইৰাল হোৱা দাবি অস্বীকাৰ কৰিছে। - Claim Review : এঁও এজন পণ্ডিত, যিজনে হাজাৰ হাজাৰ খৃষ্টান ধৰ্মাৱলম্বী মানুহক মুচলমান ধৰ্মত ধৰ্মান্তৰিত কৰিলে। - Claimed By : জমুনা এনই ইছলামিক - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software