About: http://data.cimple.eu/claim-review/b99dfffb0d44cec3ff0198185225c754782cb4d7c7b05f2597ef2487     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check : ক্ৰিকেটাৰ বাবৰ আজমৰ এডিটেড ভিডিঅ’ক চেম্পিয়ন্স ট্ৰফি 2025-ৰ বুলি ভাইৰেল কৰা হৈ আছে বিশ্বাস নিউজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা দাবীটো সঠিক নহয়। ছ’চিয়েল মিডিয়াত আচলতে যিটো ভিডিঅ’ ভাইৰেল কৰা হৈ আছে সেয়া এডিটেড হয়। এই ভিডিঅ’টো 2014-ৰ হয়। তেতিয়া পাকিস্তান ছুপাৰ লীগ (PSL 2024) চলি থকাৰ সময়ত বাবৰ আজমৰ লক্ষ্য কৰি ‘জিম্বাবাৰ’ বুলি কেইজনমান মানুহে চিঞৰিছিল। মানুহে এডিটেড ভিডিঅ’টোক মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে। By: Jyoti Kumari - Published: Feb 25, 2025 at 05:32 PM - Updated: Feb 25, 2025 at 05:40 PM - নতুন দিল্লি (বিশ্বাস নিউজ)। বিভিন্ন ছ’চিয়েল মিডিয়াত পাকিস্তানৰ বেটছমেন বাবৰ আজমৰ এটা ভিডিঅ’ক ভাইৰেল কৰা হৈ আছে। তাতা দেখা পোৱা গৈ আছে যে, তেওঁৰ খং উঠিছে। ভিডিঅ’টোক শুনিবলৈ পোৱা গৈ আছে যে, কিছুমান মানুহে ‘জয় শ্ৰী ৰাম’-ৰ নাম গাই আছে। এতিয়া কিছুমান ইউজাৰে এই ভিডিঅ’টোক এই বুলি শ্বেয়াৰ কৰি আছে যে, এয়া চেম্পিয়ন্স ট্ৰফি 2025-ৰ শেহতীয়া ভিডিঅ’ হয়। বিশ্বাস নিউজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা দাবীটো সঠিক নহয়। ছ’চিয়েল মিডিয়াত আচলতে যিটো ভিডিঅ’ ভাইৰেল কৰা হৈ আছে সেয়া এডিটেড হয়। এই ভিডিঅ’টো 2014-ৰ হয়। তেতিয়া পাকিস্তান ছুপাৰ লীগ (PSL 2024) চলি থকাৰ সময়ত বাবৰ আজমৰ লক্ষ্য কৰি ‘জিম্বাবাৰ’ বুলি কেইজনমান মানুহে চিঞৰিছিল। মানুহে এডিটেড ভিডিঅ’টোক মিছা দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে। কি ভাইৰেল হৈ আছে? ফেচবুক ইউজাৰ ‘Prakash Maurya’ 24 ফেব্ৰুৱাৰী 2025-ত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছিলে, “ইণ্ডিয়া-পাকিস্তানৰ খেলৰ সময়ত বাবৰ আজমক চাওক কি কোৱা হৈছে।” এইটো কথাক সঁচা বুলি মানি লৈ আন ইউজাৰসকলেও ভিডিঅ’টোক ভাইৰেল কৰি আছে। এই প’ষ্টৰ আৰ্কাইভ ভাৰ্ছন-ক ইয়াত ক্লিক কৰি চাব পাৰিব। অনুসন্ধান ভাইৰেল ভিডিঅ’টোৰ সম্বন্ধে আমি অনুসন্ধান চলাবলৈ প্ৰাসংগিক কী-ব’ৰ্ড দি গুগলত ছাৰ্চ কৰি চাইছোঁ। আমি এনেকুৱা কোনো শেহতীয়া ৰিপ’ৰ্ট পোৱা নাই, যাৰ দ্বাৰা ভাইৰেল দাবী সম্বন্ধে নিশ্চিত হ’ব পৰা যায়। অৱশ্যে, ছাৰ্চ কৰি থাকোঁতে আমি ভাইৰেল ভিডিঅ’টো Crickaith নামৰ অফিচিয়েল ইউটিউব চেনেলত দেখা পাইছোঁ। তাত ভিডিঅ’টোক 24 ফেব্ৰুৱাৰী 2024-ত আপল’ড কৰা হৈছিল, আৰু তাত যি তথ্য দিয়া হৈছে, সেই অনুসৰি, পাকিস্তান ছুপাৰ লীগ (PSL 2024)-ৰ সময়ত বাবৰ আজম ডাগ-আউটত বহি আছিল। তেতিয়া কেইজনমান মানুহে খেল চলি থাকোঁতেই বাবৰক ‘জিম্বাবৰ’ বুলি জোকাবলৈ আৰম্ভ কৰিছিল। ভিডিঅ’টো সেই সময়ৰ হয়। ছাৰ্চ কৰি থাকোঁতে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে যুক্ত বাতৰি দেখা পাইছিলোঁ freepressjurnal.in-ৰ ৱেবছাইট -ত। 24 ফেব্ৰুৱাৰী 2024-ত প্ৰকাশ পোৱা বাতৰি অনুসৰি, পিএছএল 2024 প্ৰতিযোগিতা চলি থকাৰ সময়ত মানুহৰ ভিৰত উপস্থিত কেইজনমান মানুহে বাবৰ আজমক ‘জিম্বাবৰ’ বুলি জোকাইছিল। এই কথা শুনি বাবৰ আজমৰ খং উঠি গৈছিল আৰু তেতিয়া তেওঁ জোকাই থকা লোকসকলক বটলে দি মাৰিব বুলি ভাবুকি দিছিলে। ভাইৰেল ভিডিঅ’ সম্বন্ধীয় বাতৰি ইয়াত পঢ়ি চাব পাৰে। আগতেই এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই সময়ত আমি ভিডিঅ’টোক লৈ পাকিস্তানৰ সাংবাদিক আদিল আলীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ ভাইৰেল দাবীক ভুল বুলি কৈছিলে। তেওঁ কৈছিলে যে, আচল ভিডিঅ’ক এডিট কৰি ভাইৰেল কৰা হৈ আছে। সেইটোৰ ফেক্ট চেক ৰিপ’ৰ্ট ইয়াত পঢ়ি চাব পাৰে। সদৌ শেষত আমি সেই জন ইউজাৰৰ প্ৰ’ফাইল স্কেন কৰি চালোঁ যিজনে ভিডিঅ’টো শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, এইজন ইউজাৰক 5 হেজাৰৰ অধিক মানুহে ফল’ কৰি থাকে। ইউজাৰ জনে নিজক উত্তৰ প্ৰদেশৰ মোতিপুৰৰ নিবাসী বুলি পৰিচয় দিছে। সিদ্ধান্ত: বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, বাবৰ আজমৰ যিটো ভিডিঅ’ ভাইৰেল হৈ আছে সেয়া এডিটেড হয়। এই ভিডিঅ’টোৰ লগত চেম্পিয়ন্স ট্ৰফি 2025-ৰ কোনো সম্বন্ধ নাই। এই ভিডিঅ’টো আচলতে পাকিস্তান ছুপাৰ লীগ 2024-ৰ হয়। সেই সময়ত বাবৰ আজমক লক্ষ্য কৰি দৰ্শকে ‘জিম্বাবৰ’ বুলি জোকাইছিল। সেইটো ভিডিঅ’ক হে শেহতীয়া বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে। Claim Review : এইটো বাবৰ আজমৰ শেহতীয়া ভিডিঅ’ হয়। - Claimed By : ফেচবুক ইউজাৰ- Prakash Maurya - Fact Check : False - Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software