About: http://data.cimple.eu/claim-review/c10078caad3efe31b1b4cd8368ecedea46b2b2d93995678878770a89     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: অসমৰ গুৱাহাটী বিমান বন্দৰত লীকেজৰ পুৰণি ঘটনাৰ ভিডিঅ’ক শেহতীয়া বুলি কৈ শ্বেয়াৰ কৰা হৈ আছে - By: Abhishek Parashar - Published: Jul 16, 2024 at 02:34 PM নতুন দিল্লী (বিশ্বাস নিউজ)। দেশৰ বিভিন্ন ঠাইত অতিপাত মাত্ৰাত বৰষুণ হোৱাৰ ফলত ক্ষয়-ক্ষতি হৈ থকাৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ ক্লিপৰ বিষয়ে দাবী কৰা হৈ আছে যে এয়া গুৱাহাটী বিমান বন্দৰৰ ভিডিঅ’ হয়, য’ত বৰষুণৰ ফলত ছাদৰপৰা লীকেজ বা পানী বৈ অহাৰ ঘটনা পোহৰলৈ আহিছে। বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, উক্ত দাবী বিভ্ৰান্তিকৰ হয়। ভাইৰেল হৈ থকা ভিডিঅ’টো গুৱাহাটী বিমান বন্দৰৰ হে হয়, কিন্তু এয়া শেহতীয়া ঘটনাৰ ভিডিঅ’ নহয়, এয়া পুৰণি এটা ঘটনা হে। ইয়াৰ আগতে ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ক অযোধ্যা বিমান বন্দৰৰ বুলি ভাইৰেল কৰা হৈছিল। কি ভাইৰেল হৈ আছে? ছ’চিয়েল মিডিয়া ইউজাৰ ‘Sanjay Yadav’-এ ভাইৰেল ভিডিঅ’ ক্লিপ (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে, “গুৱাহাটী বিমান বন্দৰতো ভাল দৰেই লীক হৈ আছে…।“ ছ’চিয়েল মিডিয়াৰ বেলেগ-বেলেগ প্লেটফৰ্মতো আন বহুতো ইউজাৰে এই ভিডিঅ’ক সেই একে দাবীৰ সৈতে শ্বেয়াৰ কৰিছে। অনুসন্ধান ভাইৰেল ভিডিঅ’ৰ কী-ফ্ৰেমবোৰক ৰিভাৰ্ছ ইমেজত ছাৰ্চ কৰাৰ পাছত আমি দেখা পালোঁ যে, এই ভিডিঅ’টো বহু কেইজন ছ’চিয়েল মিডিয়া ইউজাৰৰ প্ৰফাইলত আছে। এই ভিডিঅ’টোক 2024 চনত শ্বেয়াৰ কৰা হৈছিল। আমি এই ভিডিঅ’টো ‘Meghalaya Vlogs’ নামৰ ইউটিউব চেনেলত দেখা পাইছিলোঁ। তাত কোৱা হৈছে যে, এই ভিডিঅ’টো গুৱাহাটীত অৱস্থিত বৰদলৈ বিমান বন্দৰৰ হয়। ভাইৰেল ভিডিঅ’ৰ এটা ফ্ৰেমত আমাৰ চকুত পৰিছে যে, তাত LGBI এয়াৰপ’ৰ্ট লিখা আছে, এয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ সংক্ষিপ্ত নাম হয় আৰু ইয়াৰ পৰিচালনাৰ দায়িত্বত আছে আদানী গোষ্ঠী। আন কেবাটাও নিউজ ৰিপ’ৰ্টতো উল্লেখ কৰা হৈছে যে, এই ঘটনা গুৱাহাটী বিমান বন্দৰৰ হয়। আমাৰ অনুসন্ধানত এয়া স্পষ্ট ভাৱে জানিবলৈ পোৱা গৈছে যে, ভাইৰেল হৈ থকা ভিডিঅ’টো এতিয়াৰ নহয়, এয়া পুৰণি এটা ঘটনা হয়। ভাইৰেল হোৱা দাবীৰ বিষয়ে আমি গুৱাহাটীৰ বিমান বন্দৰৰ সৈতে যোগাযোগ কৰিছিলোঁ। তাৰপৰা আমাক জনোৱা হৈছে যে, শেহতীয়া ভাৱে এনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই। লগতে এয়াও জনোৱা হৈছে যে, বিমান বন্দৰ পৰিচালনাৰ কাম ভাল দৰেই চলি আছে। যিজন ইউজাৰে বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছে, তেওঁ নিজৰ প্ৰফাইলত উল্লেখ কৰিছে যে, তেওঁ গাজীপুৰৰ নিবাসী হয়। ইয়াৰ আগতে এই ভিডিঅ’টো অযোধ্যা বিমান বন্দৰৰ হয় বুলি কৈ ভাইৰেল হৈছিল। সেইটোৰ ফেক্ট চেক ৰিপ’ৰ্ট ইয়াত পঢ়ি চাব পাৰে। উল্লেখনীয় যে, অসমত অতিপাত বৰষুণ আৰু বানপানীৰ ফলত বহুত ক্ষয়-ক্ষতি হৈছে আৰু ৰাজ্যৰ 28খন জিলাত প্ৰায় 23 লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছে বুলি অনুমান কৰা হৈছে। নিউজ ৰিপ’ৰ্ট অনুসৰি, ৰাজ্যত বানপানীৰ ফলত এতিয়ালৈ 66 জনৰ মৃত্যু হৈছে। উপসংহাৰ: বৰষুণৰ সময়ত লীকেজ হোৱা বুলি যি ভিডিঅ’ ভাইৰেল হৈ আছে, সেয়া গুৱাহাটীত অৱস্থিত বৰদলৈ বিমান বন্দৰত হোৱা ঘটনাৰ হে হয়, কিন্তু এই ঘটনা প্ৰায় তিনি মাহ আগৰ, সেইটোক শেহতীয়া ঘটনা বুলি কৈ বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। - Claim Review : অসমৰ গুৱাহাটী বিমান বন্দৰত লীকেজৰ ঘটনা। - Claimed By : FB User-Sanjay Yadav - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software