About: http://data.cimple.eu/claim-review/f962ad0cdda5a5b7e3c7cd4e7abc0af7503e2f9b4dab2a2c24694694     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: বিনোদ বাবাৰ লগত সাক্ষাৎ কৰি থকা ধীৰেন্দ্ৰ শাস্ত্ৰীৰ ছবিখন মহিলাক আলিঙ্গন কৰাৰ ভুৱা দাবিৰ সৈতে ভাইৰাল হৈ আছে। - By: Umam Noor - Published: Jun 22, 2023 at 07:02 PM নতুন দিল্লি(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত প্ৰায় বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীৰ লগত সম্পৰ্কিত ভুৱা সংবাদ ভাইৰাল হৈ থাকে। এই সন্দৰ্ভত আকৌ এবাৰ তেঁওৰ ছবি ভাইৰাল হৈ আছে, য’ত তেঁওক কাৰোবাৰ লগত আলিঙ্গন কৰা দেখা পোৱা গৈছে। এই ছবিখনক ব্যৱহাৰকাৰীসকলে আপত্তিজনক মন্তব্যৰ সৈতে ভাইৰাল কৰি আছে আৰু দাবি কৰা হৈছে যে, ধীৰেন্দ্ৰ শাস্ত্ৰীক যাৰ লগত আলিঙ্গন কৰা দেখা পোৱা গৈছে, তেঁও এজন মহিলা। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে এই দাবি ভুল। এই ছবিখন সেইসময়ৰ যেতিয়া ধীৰেন্দ্ৰ শাস্ত্ৰী মথুৰাৰ বৰছনাৰ সাধু বিনোদ বাবাক আলিঙ্গন কৰি আশীৰ্বাদ লৈ আছিল। ভাইৰাল পোষ্টত কি আছে? ফেচবুক ব্যৱহাকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, ”এয়া হ’ল বাবাৰ প্ৰকৃত চৰিত্ৰ, এঁওক ততালিকে জেলত ভৰাব লাগে যিজনে ধৰ্মৰ আঁৰত এনে ঘৃণ্য কাম কৰি থাকে, এঁওলোকক কেতিয়াও ক্ষমা কৰিব নালাগে আৰু দেশৰ সৰল সন্মানিয় জনাতায়ও এইসকলৰ পৰা শিক্ষা লৈ তেঁওলোকক ক্ষেদিবলৈ তৎপৰ হ’ব লাগে যিসকলে দেশক বদনাম কৰি আছে।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পুনপ্ৰথমতে আমি গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল ছবিখনক বিছাৰিলো। এই প্ৰক্ৰিয়াত এই ছবিখন বাগেশ্বৰ ধাম চৰকাৰ নামৰ ফেচবুক একাউণ্টত 20 মে 2022 ত আপল’ড হৈ থকা পোৱা গ’ল। ইয়াত এই ছবিৰ লগত এই ঘটনাৰ অন্যান্য ছবিও আপল’ড কৰা হৈছে। কেপশ্বনৰ মতে, ”পবিত্ৰ আত্মাৰ মিলন…সাধুৰ মিলন…বৰছনাত ৰাধাৰানীৰ ভক্তিত বিলীন পূজ্য বিনোদ বাবা, বাঁকে বিহাৰীৰ অনন্য ভক্ত পূজ্য দেবিকানন্দ ঠাকুৰ জী মহাৰাজ আৰু বালাজী ঠাকুৰৰ অতি প্ৰিয় বাগেশ্বৰ ধাম চৰকাৰৰ অদ্ভুত মিলন… আনন্দৰ অদ্ভুত ক্ষণ… .” ইয়াৰ আগত যেতিয়া আমি ভাইৰাল হোৱা পোষ্টখনৰ তদন্ত কৰি আছিলো, তেতিয়া ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ সহযোগী ৰিকি সিঙৰ লগত যোগাযোগ কৰিছিলো। তেঁও আমাক জঁনাইছিল যে, কিছুমান মানুহে ক্ৰমাগত বাগেশ্বৰ ধামৰ পীঠাধীশ্বৰৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰি আছে। ছবিখনত কোনো মহিলা নাই, মথুৰাৰ সাধু বিনোদ বাবাহে আছে। আকৌ বিনোদ বাবাৰ সহযোগী পণ্ডিত বাবায় কৈছিল যে, কিছুমান মানুহে বেয়া উদ্দেশ্যৰে ধীৰেন্দ্ৰ শাস্ত্ৰী আৰু বিনোদ বাবাৰ ছবিক ভাইৰাল কৰি আছে। ছবিখনত কোনো মহিলা নাই, বিনোদ বাবাক হে দেখা পোৱা গৈছে। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক ষ্কেনিঙত আমি জানিব পাইছো যে, ‘Ramganesh Prajapati’-ৰ প্ৰ’ফাইলৰ পৰা এটা নিৰ্দিষ্ট দলৰ পোষ্ট শ্বেয়াৰ কৰা হৈ থাকে। ভাইৰাল হোৱা ছবিখনৰ আগতে কৰা ফেক্ট চেক আৰ্টিকল-খন ইয়াত পঢ়িব পাৰিব। উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ধীৰেন্দ্ৰ শাস্ত্ৰীৰ এই ছবিখন কোনো মহিলাৰ লগত থকা ছবি নহয়, প্ৰকৃততে এই ছবিখন সেইসময়ৰ যেতিয়া, তেঁও মথুৰাৰ বৰছনাৰ সাধু বিনোদ বাবাৰ লগত আলিঙ্গন কৰি আশীৰ্বাদ লৈ আছিল। - Claim Review : এয়া হ’ল বাবাৰ প্ৰকৃত চৰিত্ৰ, এঁওক ততালিকে জেলত ভৰাব লাগে যিজনে ধৰ্মৰ আঁৰত এনে ঘৃণ্য কাম কৰি থাকে, এঁওলোকক কেতিয়াও ক্ষমা কৰিব নালাগে আৰু দেশৰ সৰল সন্মানিয় জনাতায়ও এইসকলৰ পৰা শিক্ষা লৈ তেঁওলোকক ক্ষেদিবলৈ তৎপৰ হ’ব লাগে যিসকলে দেশক বদনাম কৰি আছে। - Claimed By : Fb User- Ramganesh Prajapati - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software