About: http://data.cimple.eu/claim-review/1434fbe6adf7dba3e3cd2e6232d89c87034fbe35243ed3b6c2d4d789     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: পথ নাটকৰ ভিডিঅ’টোক কেৰেলাত RSS সমৰ্থক মহিলাৰ হত্যাৰ ভুৱা দাবিৰ সৈতে ভাইৰাল কৰা হৈছে বিশ্বাস নিউজত তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’টো এটা পথ নাটক অৰ্থাৎ ষ্ট্ৰীট প্লে-ৰ হয়। এই ভিডিঅ’টো কোনো সত্য ঘটনাৰ নহয়। ভিডিঅ’টোক ইয়াৰ আগতও ভুৱা দাবিৰ সৈতে আৰু পৰিকল্পিতভাবে প্ৰচাৰ কৰা হৈছিল। - By: Umam Noor - Published: Jun 25, 2024 at 02:56 PM - Updated: Jul 19, 2024 at 05:06 PM নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰাল হৈ আছে য’ত, কিছুমান লোকক গাড়িৰ পৰা নামি এজন মহিলাক গুলি মাৰি থকা অৱস্থাত দেখা পোৱা যায়। ভাইৰাল ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে কই আছে যে, এই ভিডিঅ’টো কেৰেলাৰ, য’ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ(আৰএচএচ) সমৰ্থক মহিলাক, বিশেষ ধৰ্মাবলম্বী মানুহে হত্যা কৰিছে। বিশ্বাস নিউজত তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’টো এটা পথ নাটক অৰ্থাৎ ষ্ট্ৰীট প্লে-ৰ হয়। এই ভিডিঅ’টো কোনো সত্য ঘটনাৰ নহয়। এই ভিডিঅ’ সন্দৰ্ভত কৰা দাবি সম্পূৰ্ণ ভুৱা। ভাইৰাল পোষ্টত কি আছে? ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে,” কেৰেলাত আৰএচএচ সমৰ্থন কৰা মহিলাক গাড়িৰ পৰা টানি বজাৰৰ মাজমজিয়াত মুচলমান ধৰ্মাবলম্বী মানুহে হত্যা কৰিছে, তাৰ পিছত হিন্দুসকলক শকিয়নি দিছে যে- যদি কোনোবাই আৰএচএচ আৰু বিজেপি-ক সমৰ্থন কৰে তেন্তে তেঁওলোকৰও একে অৱস্থা কৰি দিয়া হ’ব*= *আৰু কিমান দিন মোদীজী….কাশ্মিৰ, বঙ্গ, কেৰেলা আৰু এতিয়া দেশৰ ৰাজধানী দিল্লীতও দিনৰ পোহৰত….আৰু কিমান দিন….এই কংগ্ৰেছ ইণ্ডিয়া চৰকাৰ যতে আছে সকলোতে এনেকাই হই আছে। কিন্তু বিজেপি চৰকাৰ থকা জয়পুৰৰ দৰে সুৰক্ষিত নাই। আৰু কিমান দিন….হে সনাতনীসকল 1 জনৰ বিপৰীতে 4 জন নকৰিবনে। তোমালোকে মৰিয়ে থাকিবানে। বন্দে মাতৰম দল।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তৰ আৰম্ভণিত পোনপ্ৰথমতে আমি গুগ’ল লেঞ্চৰ সহায়ত ভাইৰাল ভিডিঅ’ৰ কি-ফ্ৰেম বিছাৰিলোঁ। এই অনুসন্ধানত এই সন্দৰ্ভত এটা সংবাদ হিন্দুস্তান টাইমছৰ ৱেবচাইটত পোৱা গ’ল। 2017 চনৰ 1 অক্টোৱৰত প্ৰকাশিত সংবাদত ভাইৰাল ভিডিঅ’ৰ ফ্ৰেমসমূহও দেখা পোৱা যায়, ইয়াত মালায়েলাম সংবাদপত্ৰ মাতৃভূমিৰ তৰফৰ পৰা প্ৰকাশিত এটা সংবাদত লিখা হৈছে যে, ভাইৰাল ভিডিঅ’ত কোনো সত্যতা নাই। আনকি মহিলাৰ মৃত্যুও হোৱা নাই। এই ভিডিঅ’টো ডেম’ক্ৰেটিক ইউথ ফেডাৰেশ্বন অফ ইণ্ডিয়া(ডিওৱাইএফআই)-ৰ দ্বাৰা মল্লপুৰমৰ কলিকাবুত অনুষ্ঠিত কৰা পথ নাটকৰ ক্লিপ। এই পথ নাটকখনত পত্ৰকাৰ-কাৰ্যকৰ্তা গৌৰি লঙ্কেশৰ হত্যাৰ ঘটনাটোৰ নাটকীয় ৰুপান্তৰ কৰা হৈছিল, যাক চেপ্টম্বৰ মাহৰ 5 তাৰিখে তেঁওৰ ঘৰৰ সন্মূখত গুলিবিদ্ধ কৰি হত্যা কৰা হৈছিল। এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালোঁ আৰু ডেম’ক্ৰেটিক ইউথ ফেডাৰেশ্বন অফ ইণ্ডিয়াৰ (ডিওৱাইএফআই)-ৰ ফেচবুক পেজত ভাইৰাল ভিডিঅ’টো 2017 চনৰ, 8 চেপ্টেম্বৰ তাৰিখে আপল’ড হই থকা পোৱা গ’ল। ইয়াত থকা তথ্য মতেও, এয়া এখন পথ নাটকৰ দৃশ্য হয়। আমি ইয়াৰ আগতেও ভাইৰাল ভিডিঅ’টোৰ ফেক্ট চেক কৰিছো আৰু সেই সময়ত আমি কেৰেলাৰ মধ্যমম ডেইলিৰ সম্পাদক ফিৰোজ খানৰ লগত যোগাযোগ কৰিছিলো। আৰু তেঁও এই সন্দৰ্ভত জঁনালে যে, ”এয়া বহুত পুৰণি এখন ঘটনা আৰু ভিডিঅ’টো কোনো সত্য ঘটনাৰ নহয়, এয়া প্ৰকৃততে এখন পথ নাটকৰ দৃশ্য। ” इस खबर को हिंदी में यहां पढ़ा जा सकता है। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেণিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনক 17 স-ত কৈ অধিক মানুহে অনুসৰণ কৰে। নিষ্কৰ্ষঃ বিশ্বাস নিউজত তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’টো এটা পথ নাটক অৰ্থাৎ ষ্ট্ৰীট প্লে-ৰ হয়। এই ভিডিঅ’টো কোনো সত্য ঘটনাৰ নহয়। ভিডিঅ’টোক ইয়াৰ আগতও ভুৱা দাবিৰ সৈতে আৰু পৰিকল্পিতভাবে প্ৰচাৰ কৰা হৈছিল। - Claim Review : এই ভিডিঅ'টো কেৰেলাৰ, য'ত, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ(আৰএচএচ) সমৰ্থক মহিলাক, বিশেষ ধৰ্মাবলম্বী মানুহে হত্যা কৰিছে। - Claimed By : FB User- Tapas Malas - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software