About: http://data.cimple.eu/claim-review/14db999037e2a0babd5083356f835da94ca2623d08162f4f33da499f     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ' কি? কিদৰে সৃষ্টি কৰা হয় এই ফটো আৰু ভিডিঅ'? কিদৰে ধৰা পেলাব পাৰি এআই সৃষ্ট ফটো আৰু ভিডিঅ? অসমত ইয়াৰ শেহতীয়া প্ৰভাৱ কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান ঘটাৰ পাছৰে পৰা অসমত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বিভিন্ন ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। অতি শেহতীয়াকৈ পেৰিছ অলিম্পিকত পদকবিজয়ী বক্সাৰ ইমান খেলিফৰ মুখেৰে সৈতে এখন ফটো ভাইৰেল হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থান ঘটাৰ পাছৰে পৰা অসমত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বিভিন্ন ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। তেনেকুৱা একাধিক ভাইৰেল ফটোৰ সত্যতা আমি নিৰূপণ কৰি বিভিন্ন লেখা প্ৰকাশ কৰি আহিছোঁ। অতি শেহতীয়াকৈ পেৰিছ অলিম্পিকত পদকবিজয়ী বক্সাৰ ইমান খেলিফৰ মুখেৰে সৈতে এখন ফটো ভাইৰেল হৈছে। ইমান খেলিফে প্ৰতিপক্ষৰ বক্সাৰ ইটালীৰ এঞ্জেলা ছাৰিনীক পৰাভূত কৰাৰ সময়তে বহুতেই দাবী কৰিছিল যে ইমান খেলিফ আচলতে এগৰাকী পুৰুষহে। মহিলাৰ ৰূপ ধাৰণ কৰি তেওঁ মহিলা বক্সিঙত ভাগ লোৱা বুলি সেই সময়ত বহুতেই দাবী কৰিছিল। সম্প্ৰতি যিখন ফটো ভাইৰেল হৈছে তাত এগৰাকী সুগঢ়ী পুৰুষৰ শৰীৰৰে সৈতে খেলিফৰ মুখখন দেখা গৈছে আৰু দাবী কৰা হৈছে যে খেলিফ আচলতে পুৰুষ হে। আমি ইতিমধ্যেই সত্যতা নিৰূপণ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট বহুকেইখন ফটোৰ কথা পোহৰলৈ অনাৰ দৰে এই ফটোখনৰো সত্যাসত্য নিৰূপণৰ চেষ্টা কৰিছিলোঁ। আজিৰ এই লেখাত আমি এইধৰণে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোসমুহৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। লগতে ইমান খেলিফৰ সেই ফটোখনো যে কৃত্তিমভাৱেহে সৃষ্টি কৰা হৈছে, তাকো প্ৰতিপন্ন কৰি দেখুৱাব খুজিছোঁ। নিম্নোক্ত ফটোখন ভাইৰেল হৈছে ইমান খেলিফৰ ফটো বুলি। ফেচবুকত ব্যংগাত্মকভাৱে সেই ফটোখন আপলোড কৰা হৈছে। সেই ফেচবুক পোষ্টটো যথেষ্ঠ শ্বেয়াৰো হোৱা দেখা গৈছে। ৰসাত্মকভাৱে পোষ্টটো দিয়া হৈছে যদিও কিছুসংখ্যক ব্যৱহাৰকাৰীয়ে সেয়া সত্য বুলি মানি লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। প্ৰথমতে জানো আহক, কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ফটো আৰু ভিডিঅ'ৰ বিষয়ে- কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন প্ৰযুক্তিগত কৰ্ম সম্পাদন কৰাটো বৰ্তমান সময়ত সমগ্ৰ বিশ্বতেই এক সাধাৰণ ঘটনালৈ ৰূপান্তৰিত হৈছে। আমাৰ হতত থকা মোবাইলটোৰ পৰা আৰম্ভ কৰি দৈনন্দিন ব্যৱহাৰ কৰা টিভিটো, লেপটপটো অথবা আমাৰ পাকঘৰত ব্যৱহাৰ কৰা বিভিন্ন সজুলিয়ো বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত ব্যৱহাৰ কৰি আমি জীৱন জী আছোঁ। আনকি শিক্ষা ব্যৱস্থাতো কৃত্ৰিম বুদ্ধিমত্তাৰে শিক্ষণ শিকন পদ্ধতি অৱলম্বন কৰা হৈছে। তেনেকৈয়ে ঢাপে ঢাপে আগুৱাই আজি কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বিভিন্ন ফটো আৰু ভিডিঅ'ও প্ৰস্তুত কৰিব পৰা হৈছে। নাভূত-নাশ্ৰুত কাণ্ড কিছুমান কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰি দিব পৰা হৈছে। উদাহৰণ স্বৰূপে কিছুদিন পূৰ্বে আমাৰ দেশৰ চিৰ স্মৰণীয় কণ্ঠশিল্পী মহম্মদ ৰফীৰ কণ্ঠত নতুন গীত সৃষ্টিৰ পৰা আৰম্ভ কৰি কোনেও কেতিয়াও কোনো কেমেৰাৰে সংগ্ৰহ নকৰা দৃশ্য কিছুমান সৃষ্টি কৰালৈকে বিভিন্ন ঘটনা ঘটিছে। অতিকৈ উন্নত কিন্ত ইণ্টাৰনেটত তেনেই সুলভভাৱে উপলব্ধ বিভিন্ন অনলাইন আহিলাৰে এইধৰণৰ কৰ্মকাণ্ড সম্পাদন কৰিব পৰা পৰিবেশ সৃষ্টি হৈছে। সেই পৰিবেশৰ বাবেই সময়ে সময়ে আমাৰ আগত এনে কিছু ফটো বা দৃশ্য ধৰা দিয়েহি, যিবোৰক লৈ সন্দেহ ওপজে কিন্তু সাধাৰণ দৃষ্টিত তাৰ সত্যতা অনুধাৱন কৰিবলৈ কঠিন হয়। তাৰ বাবেই লাগে সত্যতা নিৰূপক কিছু আহিলাৰ। সেই আহিলাসমুহৰ সহায়ত সেয়া প্ৰকৃত ফটো বা ভিডিঅ' নে তাক কোনো লোকে কৃত্ৰিমভাৱে সৃষ্টি কৰিছে, সেই কথা ধৰা পেলাব পাৰি। ইতিমধ্যেই আমি আমাৰ এই লেখাৰ আৰম্ভনীতে উল্লেখ কৰিছোঁ যে ইতিপূৰ্বে আমি তেনেকুৱা বহু ফটো আৰু ভিডিঅ' ধৰা পেলাইছোঁ, যিবোৰ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছিল আৰু সাধাৰণ ৰাইজ বিভ্ৰান্ত হৈছিল। কৃত্ৰিম বুদ্ধিমত্তাৰে কিদৰে সৃষ্টি কৰা হয় ফটো বা ভিডিঅ'ঃ কৃত্ৰিম স্নায়ৱিক নেটৱৰ্কে মানুহৰ মগজুৰ প্ৰক্ৰিয়াক অনুকৰণ কৰি এক আৰ্হি চিনাক্ত কৰে। কনভল্যুচনেল নিউৰেল নেটৱৰ্ক (Convolutional neural networks চমূকৈ ConvNets)ত যিকোনো বস্তু আৰু আৰ্হিক চিনাক্ত কৰাৰ বিশেষ ক্ষমতা থাকে। নিউৰন হৈছে এক বিশেষ ৰূপ যিয়ে মানুহৰ চকুৰ দৰেই কাম কৰে। মানুহৰ মগজুৰ দৰে জটিল নহ’লেও এই যান্ত্ৰিক ব্যৱস্থাটোৱে মানুহে চকুৰে দেখাৰ দৰেই ছবি একোখন চিনি পাব পাৰে। এটা ConvNetক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত যিকোনো এটা ডাটাবেছ যেনে ImageNet, WordPress, Blogspot, Getty Images, আৰু Shutterstock আদিৰ পৰা লাখ লাখ ফটো ফিড কৰা বা যোগান ধৰাটো জৰুৰী হয় । উদাহৰণস্বৰূপে, ইমেজনেটত ১৪ মিলিয়নতকৈ অধিক ফটোৰ URL আছে, কিন্তু ফটোসমূহৰ কপিৰাইটৰ স্বত্বাধীকাৰ নাই তেওঁলোকৰ ওচৰত। এই ফটোবোৰ অযান্ত্ৰিকভাৱে অৰ্থাত একপ্ৰকাৰ হাতেৰে নিৰ্বাচিত কৰি বিষয়বস্তুসমুহ নিৰ্দিষ্ট কৰা হয়, আৰু যান্ত্ৰিক ব্যৱস্থাটোৱে বিশেষ শ্ৰেণীবিভাজনখিনি শিকি নোযোৱালৈকে প্ৰশিক্ষিত কৰা হয়। মন কৰিবলগীয়া যে যন্ত্ৰই ছবি দেখা নাপায়, বৰঞ্চ নিৰ্দিষ্ট সংখ্যাৰ একোটা গোটহে চিনি পায় বা চিনাক্ত কৰিব পাৰে। ছবি একোখনক নিৰ্দিষ্ট পিক্সেলত বিভক্ত কৰা হয়, যিবোৰক সংখ্যাৰে নিৰ্ণয় কৰি ৰেখা, প্ৰান্ত, ৰং আদিক প্ৰতিনিধিত্ব কৰে। "এআই-জেনেৰেটেড ইমেজ অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট ফটো প্ৰস্তুত কৰিবলৈ মেচিন লাৰ্নিং মডেলে ইণ্টাৰনেটৰ লাখ লাখ ছবিৰ সৈতে জড়িত লেখাবোৰ স্কেন কৰে। এলগৰিদমসমূহে ছবি আৰু টেক্সট(লেখা)ৰ ট্ৰেণ্ড(ধাৰা)টো ধৰা পেলায় আৰু শেষত কোনটো ছবি আৰু টেক্সট একেলগে মিলি যায় সেইটো অনুমান কৰিবলৈ আৰম্ভ কৰে। এবাৰত এই মেচিন লাৰ্নিং মডেলে একোটা নিৰ্দিষ্ট লেখাৰ বাবে এটা ফটো কেনেকুৱা হ'ব লাগে সেইটো ভৱিষ্যদ্বাণী কৰিব পাৰে। এই যান্ত্ৰিক ব্যৱস্থাই ব্যৱহৃত এপটোত ব্যৱহাৰকাৰীয়ে দিয়া বৰ্ণনাত্মক লেখাৰ নতুন গোটৰ ভিত্তিত শূন্যৰ পৰা সম্পূৰ্ণ নতুন এখন ছবি সৃষ্টি কৰিব পাৰে। এটা ছবি সৃষ্টি কৰিবলৈ এজন ব্যৱহাৰকাৰীয়ে কী-ৱৰ্ড বা মূলগত শব্দসমূহ প্ৰদান কৰে আৰু এই মডেলে সেই মূল শব্দসমূহ ব্যৱহাৰ কৰি ছবি সৃষ্টি কৰে। শব্দৰ ষ্ট্ৰিং বা লানিও ইয়াত ব্যৱহাৰ কৰিব পাৰি। থিক একেদৰেই ভিডিঅ'সমুহো সৃষ্টি কৰা হয়। ফটো আৰু ভিডিঅ' সৃষ্টি কৰাৰ ক্ষেত্ৰত কাৰিকৰী ব্যৱস্থাটো একেই। এই সম্পৰ্কে কিছু তথ্য আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব। সাধাৰণ জনতাই কিদৰে ধৰা পেলাব কৃত্ৰিমভাৱে সৃষ্ট ফটো বা ভিডিঅ'ঃ সাধাৰণ দৃষ্টিত কোনো কৃত্ৰিম বুদ্ধিমত্তা সৃষ্ট ফটো বা ভিডিঅ' ধৰা পেলোৱাটো কঠিন যদিও কিছুমান বিশেষ ব্যৱস্থা বা মানুহৰ মগজুৰ বুদ্ধিমত্তাৰে সেইবোৰ ধৰা পেলাব পৰা যায়। ইয়াত আমি প্ৰাথমিক স্তৰৰ পৰা কাৰিকৰী স্তৰলৈ বিভিন্ন উপায় উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ। অস্বাভাৱিক বা অপ্ৰাকৃতিক উপাদান: প্ৰথমতেই ফটোখনত কোনো অস্বাভাৱিক উপাদান দেখা পায় নেকি বিচাৰিব। কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোট কেতিয়াবা অদ্ভুত বা অবিশ্বাস্য বৈশিষ্ট্য দেখা যায়। যেনে ধৰক যিকোনো বস্তু বা মানুহক অদ্ভুত অৱস্থাত দেখা যাব, অবাস্তৱ ধৰণৰ পোহৰ দেখা যাব বা বিকৃত কিছুমান উপাদান দেখা যাব। একেবাৰে নিখুঁত প্ৰতিসমতা আৰু ত্ৰুটিহীন আৰ্হি: এআই মডেলসমূহে প্ৰায়ে নিখুঁত প্ৰতিসমতা বা মসৃণতা অথবা ত্ৰুটিহীনভাৱে পুনৰাবৃত্তিমূলক আৰ্হিৰ ছবি উৎপাদন কৰে। যদি আপুনি এটা অবাস্তৱ ধৰণৰৰ প্ৰতিসমতা বা মসৃণতাৰ সৈতে এটা অতি নিয়মীয়া আৰ্হিৰ ফটো লক্ষ্য কৰে যিটো সঁচা হোৱাৰ ক্ষেত্ৰত অতি বেছি নিখুঁত যেন লাগে, তেতিয়াহ'লে ই এটা AIসৃষ্ট ফটো হ'ব পাৰে। অত্যধিক স্পষ্ট বা সংপৃক্ত ৰং: AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ এলগৰিদমে ছবিসমূহত ৰং বৃদ্ধি কৰিব পাৰে, যাৰ ফলত অত্যধিক প্ৰাঞ্জল অৰ্থাত স্পষ্ট বা সংপৃক্ত টোনৰ ৰং পোৱা যায়। যদি কোনো ছবিত বিশেষকৈ নিৰ্দিষ্ট অঞ্চলত অবাস্তৱভাৱে স্পষ্ট ৰং থকা যেন লাগে, তেন্তে ই এআই সৃষ্ট ফটোৰ ইংগিত হ’ব পাৰে। মেটাডাটা আৰু উৎসৰ তথ্য: যদি সম্ভৱ হয় ছবিখনৰ মেটাডাটা বা ইয়াৰ উৎস তথ্য পৰীক্ষা কৰিব পাৰে। AI-উৎপন্ন ছবিত প্ৰায়ে বিস্তৃত মেটাডাটাৰ অভাৱ দেখা দিয়ে অথবা ছবিখনৰ উৎপত্তিৰ বিষয়ে অসামঞ্জস্যপূৰ্ণ বা অসম্পূৰ্ণ বিৱৰণ থাকিব পাৰে। ইয়াৰ উপৰিও, এজন প্ৰকৃত ছবি সৃষ্টিকৰ্তাই, তেওঁলোক ফটোগ্ৰাফাৰ হওক বা ডিজিটেল শিল্পী হওক, সাধাৰণতে তেওঁলোকৰ কামৰ বাবে ক্ৰেডিট বা কৃতিত্ব দাবী কৰে। গতিকে সৃষ্টিকৰ্তাক বিচাৰি উলিওৱাটো তুলনামূলকভাৱে সহজ হয়। যদি তেনেকুৱা তথ্য লাভ নকৰে তেনেহ'লে সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো হোৱাৰ সম্ভাৱনায়ে অধিক। ৰিভাৰ্ছ ইমেজ ছাৰ্চঃ Google Images ৰ দৰে চাৰ্চ ইঞ্জিন বা TinEye ৰ দৰে বিশেষ সঁজুলি ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্চ উপায়েৰে ফটোৰ অনুসন্ধান কৰিব পৰা যায়। যদি ফটোখন কোনো সামঞ্জস্যপূৰ্ণ উৎস নোহোৱাকৈ একাধিক অসংলগ্ন ৱেবছাইট বা ষ্টক ফটো ডাটাবেছত দেখা দিয়ে, তেন্তে ই এটা AI-উৎপন্ন ফটো হ'ব পাৰে। ভিডিঅ'ৰ ক্ষেত্ৰত কি কৰিব পৰা যায় ওপৰোক্ত যিখিনি ব্যৱস্থাৰ কথা কোৱা হৈছে। সেই ব্যৱস্থাৰেই ভিডিঅ'ৰ ক্ষেত্ৰতো পৰীক্ষা কৰিব পৰা যায়। তাৰ কাৰণে পৰীক্ষা কৰিবলগীয়া ভিডিঅ'টোক বিভিন্ন কী-ফ্ৰেমত ভাগ কৰিব ল'ব লাগিব। সেই কী-ফ্ৰেমবোৰক একোটা ফটো বা ইমেজ হিচাপে ধৰি লৈ পৰীক্ষাসমুহ কৰিলে সেই ভিডিঅ'টো প্ৰকৃত ভিডিঅ' নে কৃত্ৰিম ধৰা পেলাব পাৰি। তদুপৰি ভিডিঅ'ৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া হয় যে ভিডিঅ'টোত দেখা ব্যক্তিগৰাকীৰ কথাখিনি তেওঁৰ ওঁঠৰ সৈতে একেবাৰে মিলি গৈছেনে নাই। বহু সময়ত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ভিডিঅ'ত কথা কৈ থকা মানুহজনাৰ ওঁঠৰ সৈতে তেওঁৰ কণ্ঠৰ মিল নাথাকে। অৰ্থাত 'লিপ চিংক' হৈ নাথাকে। এই সম্পৰ্কে কিছু তথ্য আপোনালোকে ইয়াত পঢ়িবলৈ পাৰিব। আজিৰ লেখাত আমি পৰীক্ষা কৰা ফটো আৰু ভিডিঅ’ৰ সবিশেষ আৰম্ভনীতে আমি শেহতীয়াকৈ ভাইৰেল হোৱা বক্সাৰ ইমান খেলিফৰ ফটোখনত কিছুমান ভুল লক্ষ্য কৰিলোঁ। যেনে ফটোখনৰ পৃষ্ঠত বিকৃত মুখাৱয়বৰ এজন মানুহ, বাওঁফালে শৰীৰৰ সৈতে অমিল হাত থকা এজন মানুহ, সোঁফালে ওলাই অহা হাতখন যেন জোখতকৈ ডাঙৰ আৰু অমিল নখ আছে। পিছৰজনে হাতত টিকট এটা লৈ আছে য’ত লিখা কথাখিনি সম্পূৰ্ণ অপাঠ্য। তদুপৰি আমিও আমাৰ ফালৰ পৰা সেই ফটোখন কৃত্ৰিমভাৱে সৃষ্ট হয়নে সেয়া পৰীক্ষা কৰিলোঁ। একাধিক এআই ডিটেক্টৰ ৱেবছাইটত আমি সেই ফটোখন পৰীক্ষা কৰোতে সেয়া কৃত্ৰিমাভাৱে সৃষ্ট বুলি ধৰা পৰে। ট্ৰু মিডিয়া, হাগিংফেচ আৰু হাইভ মোডাৰেছনৰ মতেও সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ফটো। ইয়াৰ পাছত আমাৰ অনুসন্ধানত মিডজাৰ্ণী প্ৰম্পট নামৰ এটা এক্স হেণ্ডেলে কৰা ২৪ আগষ্টত কৰা এটা টুইট লাভ কৰিলোঁ। মিডজাৰ্ণী হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰে ফটো সৃষ্টি কৰা এটা গোট। তেওঁলোকে টুইটটোত ইমান খেলিফৰ সেই ফটোখন অন্তৰ্ভুক্ত কৰি সেয়া কৃত্ৰিমভাৱে সৃষ্টি কৰা বুলি উল্লেখ কৰিছে। এইখিনি তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে ইমান খেলিফ প্ৰকৃততে এগৰাকী পুৰুষ বুলি দাবী কৰি ভাইৰেল কৰা সেই ফটোখন আচলতে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাত এআইৰ জৰিয়তে হে সৃষ্টি কৰা হৈছে। ইতিপূৰ্বে আমি সামুদ্ৰিক গৰুৰ দৰে প্ৰানী উদ্ধাৰ হোৱা বুলি দাবী কৰি ভাইৰেল কৰা এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিছিলোঁ আৰু প্ৰমাণ কৰি দিছিলোঁ যে সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। কিছুদিন পূৰ্বে অসমৰ ফেচবুকত সেই বিশেষ ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল। ভিডিঅ’টোত দেখা গৈছিল যে এক সমুদ্ৰতীৰত এটা অদ্ভুত জীৱ, যাৰ মুৰটো এটা গৰুৰ আৰু দেহৰ বাকী অংশ এক জলচৰ প্ৰানীৰ। সেই ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ ব্যৱহাৰকাৰীয়ে ঈশ্বৰৰ নামত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ আহ্বান কৰিছে। সাগৰত এই জীৱবিধ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে ভিডিঅ’টোত। সেই দাবীটো আপোনালোকে ইয়াত ক্লিক কৰিলে চাব পাৰিব। আমি সত্যতা নিৰূপণ কৰি প্ৰস্তুত কৰা সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব। তাৰ পাছত আমি নাহৰফুটুকী বাঘৰ মুখৰ কোনো মাছ অসমৰ ওডালগুৰি জিলাত উদ্ধাৰ হোৱা বুলি দাবী কৰা এটা ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেয়াও কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি প্ৰমাণ কৰিছিলোঁ। ওদালগুৰি জিলাত যোৱা ৭ জুলাই ২০২৪ত ৰমেশ বড়ো নামৰ লোক এজনে এটা আচৰিত ধৰণৰ মাছ উদ্ধাৰ কৰা বুলি দাবীৰে ভাইৰেল হোৱা ৭ চেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছিল যে এজন লোকে পথাৰৰ মাজত এটা পাত্ৰত বিশেষ মাছ এটা লৈ আছে। মাছটোৰ গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে বৰণৰ আৰু মুখখনো নাহৰফুটুকীৰ দৰে। Whatsappত ভাইৰেল হৈ পৰিছিল সেই ভিডিঅ’টো । সেই লেখাটো আপোনালোকে ইয়াত পঢ়িব পাৰিব। আনকি ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচএপ নম্বৰলৈও (9049053770) ফ'ৰৱাৰ্ড কৰা হৈছিল সত্যাসত্য জানিবলৈ। আমি সত্যতা নিৰূপণ কৰি প্ৰস্তুত কৰা সেই লেখাটো আপোনালোকে ইয়াত চাবলৈ পাৰিব। উপসংহাৰ ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো অসত্য। ইমান খেলিফ পুৰুষ বুলি দাবী কৰি ভাইৰেল কৰা ফটোখন আচলতে কৃত্ৰিমভাৱে সৃষ্টি কৰা। সময়ে সময়ে এইধৰণে কিছুমান ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত উপলব্ধ হৈ পৰে। সেই ফটো আৰু ভিডিঅ’সমুহক বহুলোকে সত্য বুলি পতিয়ন যায়। কিন্তু প্ৰকৃত অনুসন্ধানত স্পষ্ট হৈ পৰে যে সেইবোৰ আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো আৰু ভিডিঅ’হে। যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক। যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে: ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ Sources Midjourney Prompt https://x.com/MidJourneyPorn/status/1827358900565512444?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1827358900565512444|twgr^eff9403d56b8f731ab4de22ae76d529dd9914342|twcon^s1_&ref_url=https://www.thequint.com/news/webqoof/ai-generated-image-imane-khelif-as-a-man-shared-on-social-media-fact-check
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software