About: http://data.cimple.eu/claim-review/17345c02c317ce38f9a7d5e5e5a58442fa8897b2fc66e3e52d21384f     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: শাহৰুখ খানে এবছ্ যুক্ত চুট(চোলা) পিন্ধি থকা অৱস্থাৰ ছবিখন প্ৰকৃততে এখন এডিট কৰা ছবি - By: Jyoti Kumari - Published: Feb 17, 2023 at 11:01 AM নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত শাহৰুখ খানৰ এখন ছবি দ্ৰুত গতিত ভাইৰাল হৈ আছে। ছবিখন শ্বেয়াৰ কৰি দাবি কৰা হৈ আছে যে, পাঠান বোলছবিত দেখা পোৱা শাহৰুখ খানৰ পেটৰ পেশী(এবছ্) সমূহ নকল আছিল। ছবিখনত, কিছুমান মানুহক শাহৰুখ খানক এবছ্ যুক্ত চোলাখন পিন্ধাই থকা অৱস্থাত দেখা পোৱা যায়। বিশ্বাস নিউজৰ তদন্তত উক্ত দাবি ভুল বুলি প্ৰমানিত হৈছে। ভাইৰাল ছবিখন এডিটেড হয়। প্ৰকৃত ছবিখন হলিউডৰ বোলছবি এভেঞ্জাৰ্ছ এণ্ডগেমৰ লগত সম্পৰ্কিত, য’ত অভিনেতা ক্ৰিছ হেম্সৱৰ্থক শকত দেখাবলৈ ফেট চুট পিন্ধোৱা হৈছিল। ছবিখনত অভিনেতা ক্ৰিছ হেম্সৱৰ্থৰ চেহেৰাৰ ঠাইত এডিটিঙৰ জৰিয়তে শাহৰুখ খানৰ চেহেৰা লগোৱা হৈছিল। কি আছে ভাইৰাল পোষ্টত ? ফেচবুক ব্যৱহাৰকাৰী ৰাজেশ গ’য়েলে ৮ ফেব্ৰুৱাৰী ভাইৰাল ছবিখন শ্বেয়াৰ কৰিছিল। ব্যৱহাৰকাৰীজনে ছবিখন শ্বেয়াৰ কৰি লিখিছে, “পাঠানৰ সংগ্ৰহ সিমানেই সঁচা যিমান এই ছবিখন” পোষ্টখনক সঁচা বুলি ভাবি অন্যান্য ব্যৱহাৰকাৰীসকলে ভাইৰাল কৰি আছে। পোষ্টৰ আৰ্কাইভ সংষ্কৰণক ইয়াত চাব পাৰিব। তদন্ত ভাইৰাল ছবিখনৰ তদন্তৰ বাবে আমি ছবিখনক গুগল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে বিছাৰিলো। আমি এই ছবিখন বিভিন্ন ঠাইত আপল’ড হোৱা পালো, কিন্তু ইয়াত ছবিত শাহৰুখ খান নাছিল, আনকি হলিউড বোলছবি, এভেঞ্জাৰ:এণ্ডগেমৰ অভিনেতা ক্ৰিছ হেম্সৱৰ্থক দেখা পোৱা গ’ল। হিন্দুস্তান টাইমছ ডট কমৰ ওৱেবচাইটত 1 আগষ্ট 2019 ত প্ৰকাশিত সংবাদত ভাইৰাল ছবিখন পোৱা গ’ল, কিন্তু এই ছবিখন শাহৰুখৰ নহয়, এয়া হলিউড অভিনেতা ক্ৰিছ হেম্সৱাৰ্থৰ হয়। প্ৰদত্ত তথ্য অনুসৰি, ছবিখন হলিউড বোলছবি এভেঞ্জাৰ:এণ্ডগেমৰ লগত জড়িত।ছবিখনত থৰৰ ভূমিকাত অভিনয় কৰা অভিনেতা ক্ৰিছ হেম্সৱাৰ্থক শকত দেখাবলৈ এই বডি চুটখন পিন্ধোৱা হৈছিল” তদন্ত প্ৰক্ৰিয়াত আমি JoBlo Superheroes নামৰ এখন ইউটিউব চেনেলত ভাইৰাল ছবিৰ লগত সংযুক্ত ভিডিঅ’ আপল’ড হৈ থকা পালো। 28 জানুৱাৰি 2020 ত আপল’ড হোৱা ভিডিঅ’ৰ লগত থকা বিৱৰণত লিখা হৈছিল যে, ”এভেঞ্জাৰ:এণ্ডগেম(2019) শকত থৰ বনাই আছে, পৰ্দাৰ আঁৰত” ভিডিঅ’ৰ ১ মিনিট ২৩ চেকেণ্ডৰ অংশটোত ভাইৰাল ছবিৰ লগত সম্পৰ্কিত দৃশ্য দেখা পোৱা যায়। ভিডিঅ’ত সেইসমূহ মানুহকে দেখা গৈছে, যিসকলক ভাইৰাল ছবিখনত দেখা পোৱা গৈছিল। ভাইৰাল ছবিৰ লগত সম্পৰ্কিত সংবাদ dailymail.co.uk ৰ ওৱেবচাইটতও দেখা পোৱা যায়। ইয়াত আমি এনেধৰণৰ বহুত ছবি পালো, যাৰ পৰা স্পষ্ট যে, ভাইৰাল ছবিখন হলিউড অভিনেত ক্ৰিছ হেম্সৱাৰ্থৰ সেই সময়ৰ ছবি যেতিয়া তেঁও এভেঞ্জাৰ:এণ্ডগেম বোলছবিখনত থৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বডি চটু পিন্ধিব লগা হৈছিল। ভাইৰাল ছবিৰ লগত যুক্ত অন্যান্য সংবাদ ইয়াত পঢ়িব পৰা যাব। আমাৰ এতিয়ালৈ হোৱা তদন্ত প্ৰক্ৰিয়াত এয়া প্ৰমানিত যে, সামাজিক মাধ্যমত ভাইৰাল হোৱা ছবিখন শাহৰুখ খানৰ নহয়, প্ৰকৃততে এয়া অভিনেতা ক্ৰিছ হেম্সৱাৰ্থৰ। তলত আপোনালোকে দুইখন ছবিৰ পাৰ্থক্য স্পষ্ট চাব পাৰিছে। অধিক তথ্যৰ বাবে আমি মুম্বাইৰ দৈনিক জাগৰণৰ সংবাদদাতা স্মিতা শ্ৰীৱাস্তৱৰ লগত যোগাযোগ কৰিলো। তেঁওক ভাইৰাল পোষ্টৰ বিষয়ে জঁনালো। তেঁও আমাক জঁনালে যে এই দাবি সম্পূৰ্ণ ভুল। ছবিখনক এডিট কৰা হৈছে। এডিট কৰা ছবিখন ভুল দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ তদন্ত কৰা হ’ল। এই প্ৰক্ৰিয়াত আমি গম পালো যে, ব্যৱহাৰকাৰীজন জয়পুৰৰ বাসিন্দা আৰু ফেচবুকত ব্যৱহাৰকাৰীজনৰ 792 জন বন্ধু আছে। উপসংহাৰ: বিশ্বাস নিউজে তেঁওলোকৰ তদন্ত প্ৰক্ৰিয়াত এয়া গম পালে যে, সামাজিক মাধ্যমত ভাইৰাল হোৱা শাহৰুখ খানৰ এবছ্ যুক্ত ছবিখন প্ৰকৃততে এখন এডিটেড ছবি। আচল ছবিখন হলিউড অভিনেতা ক্ৰিছ হেম্সৱাৰ্থৰ, যেতিয়া তেঁও এভেঞ্জাৰ এণ্ডগেম নামক বোলছবিখনত বৰ্ধিত ওজন দেখাবলৈ এনে এখন চুট পিন্ধিছিল, এতিয়া সেই ছবিখনকে এডিট কৰি ভাইৰাল কৰা হৈ আছে। - Claim Review : পাঠান বোলছবিতচ শাহৰুখ খানৰ পেটৰ পেশী নকল আছিল। - Claimed By : ফেচবুক ব্যৱহাৰকাৰী-ৰাজেশ গ’য়েল - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software