About: http://data.cimple.eu/claim-review/1b8ab1d237480953dfc3b57d59f9d41dd27851ca69cc13940ee43d00     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেকঃ এই ছবিবোৰৰ লগত অসমৰ কোনো সম্বন্ধ নাই , উ.প্ৰ.ৰ দুটা বেলেগ বেলেগ ঘটনাৰ ছবি হৈ থকা ভাইৰেল - By: Bhagwant Singh - Published: Dec 26, 2019 at 01:39 PM নাগৰিকতা সংশোধন বিঘেয়ক (CAB)ৰ ৰাজ্যসভাত পাৰিত হোৱাৰ পাচত নেচনেল মিডিয়াত ভাইৰেল হোৱা কিছু ফটো , য’ত কিছুমান আহত মানুহ দেখিবলৈ পোৱা গৈছে| দাবী কৰা হৈছে যে অসম পুলিচে মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিছে| বিশ্বাস নিউজৰ অনুসন্ধানত এইটো ভুল দাবী বুলি ওলাল| যিবোৰ ফটো অসমৰ নামত ভাইৰেল হৈ আছে , সেইবোৰ বাস্তৱতে উত্তৰ প্ৰদেশৰ লগতহে জড়িত| কি আছে ভাইৰেল পোষ্টটোত ? চোছিয়েল মিডিয়া ইউজাৰ মৃদুল আৰ বি মুনু (Mridul RB Munu)ৱে ফটোবোৰ ছেয়াৰ কৰি অসমীয়া ভাষাত লিখিছে, “এয়ে নেকি চৰকাৰৰ বাহিনী| পুলিত কেইজনে মনত ৰখা ভাল যে তেওঁলোকো অসমীয়া| এজন অসমীয়া হৈ কেনেকৈ আন এজন অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিব পাৰে| অসম পুলিচৰ বেজটোত জনহিতাৰথে নিলিখি চৰকাৰৰ হিতৰথে লিখি দিয়ক| ফটো (সংগ্ৰহ)|” অনুসন্ধান ভাইৰেল পোষ্টত চাৰিখন ফটো ব্যৱহাৰ কৰা গৈছে, সেই কেইখনৰ বহুবাৰ পৰীক্ষা কৰা গৈছে| দুখন ফটোত কিছু পুলিচৰ সৈতে সেউজীয়া কাপোৰ পিন্ধা ছোৱালী আহত হোৱা দেখা পোৱা গৈছে| প্ৰথম ফটোত কোনো মহিলাৰ লগত উত্তৰ প্ৰদেশৰ পুলিচৰ বৰ্বৰ ব্যৱহাৰৰ দাবী কৰি ভাইৰেল হৈছিল| দাবী কৰা গৈছিল যে উত্তৰ প্ৰদেশৰ পুলিচে বৰ্বতাৰে মহিলাক পিতিছে| কিন্তু পৰীক্ষা কৰাৰ পাচত গম পোৱা গ’ল যে ফটো খন মৈনপুৰীত ২০১৬ চনত হোৱা ঘটনাৰ , য’ত জোকোৱাজোকিৰ বিৰোধ কৰাৰ কাৰণে কিছুমান দুষ্টলোকে মহিলাক পিটিছিল| মৈনপুৰীৰ কিশানী থানাৰ ওচৰত এই ঘটনা ঘটিছিল ,আৰু পুলিচ অধিক্ষকে এই ঘটনাত কিশানীৰ ইন্সপেক্টৰক লাইন হাজিৰ কৰাই দিলে| দৈনিক জাগৰণত 13 জানুৱাৰী 2017 ত প্ৰকাশ হোৱা খবৰত এই ঘটনাৰ বিৱৰণ পঢ়িব পৰা যাব| ঘটনাৰ পাচত এই ফটোখন ছচিয়েল মিডিয়াত ভুল দাবীৰ সৈতে ভাইৰেল হৈছিল ,তাৰ অনুসন্ধান বিশ্বাস নিউজে কৰিছিল| ইয়াৰ পাচত আমি অন্য দুখন আন ফটোৰ অনুসন্ধান কৰিলোঁ, য’ত অসম পুলিচে মাৰপিট কৰাৰ দাবী কৰি ভাইৰেল কৰা হৈছিল| ৰিভাৰ্চ ইমেজ কৰাত আমি নিউজ লিংক পালোঁ, য’ত দুয়োখন ছবি ব্যৱহাৰ কৰা গৈছিল| ফ্ৰী প্ৰেছ জাৰ্ণেলত 7 ডিচেম্বৰ 2019ত প্ৰকাশিত খবৰত প্ৰথম ফটোখন ব্যৱহাৰ কৰা গৈছিল| খবৰৰ মতে, ছবিখন উন্নাব ৰেপ কাণ্ডৰ বিৰোধত এনএচইউআই ত বিৰোধ প্ৰদৰ্শন কৰা হৈছে ,যেতিয়া পুলিচে এনএচইউআইৰ সদস্যৰ ওপৰত লাঠী চলাইছিল| দ্বিতীয় ফটোও সেই ঘটনাৰে ইংৰাজী বাতৰি কাকত ইণ্ডিয়ান এক্সপ্ৰেছত ছপা হোৱা খবৰত পাব পাৰে| বাতৰিকাকতত এই ফটো যুৱ কংগ্ৰেছৰ টিউটৰ হেণ্ডেলৰ পৰা লৈছে| যুৱ কংগ্ৰছৰ টবিটৰ হেণ্ডেলতোত এই ফটো দেখবলৈ পাব পাৰে| দুয়োখন ফটোক ফ্ৰীপ্ৰেছ জাৰ্নেলত কাম কৰা কাঞ্চন শ্ৰীবাস্তবে টবীট কৰিছে| বিশ্বাস নিউজে কাঞ্চন শ্ৰীবাস্তবৰ সৈতে কথা পাতিলে| তেখেতে জনালে| কাঞ্চন শ্ৰীৱাস্তব বৰ্তমান কোনো সংগঠনৰে সৈতে জড়িত নহয় আৰু ফ্ৰীলান্স পত্রকাৰৰ কাম কৰি আছে | শ্ৰীৱাস্তবে বিশ্বাস নিউজক জনাইছে, দুয়োখন ফটোৱেই লখনৌত হোৱা বিৰোধ প্ৰদৰ্শনৰ, যেতিয়া কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ কাৰ্যকৰ্তাসকলে উন্নাদত হোৱা ৰেপ আৰু হত্যাকাণ্ডক লৈ যোগী চৰকাৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰিছিল | নাগৰিক সংশোংধন বিঘেয়কখন দুয়োখন সংসদনত গৃহিত হোৱাৰ পাচত ছচিয়েল মিডিয়াত অহৰহ উৰাবাতৰি বিয়পাই থকা হৈছে| অসমৰ মূখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৰাইজক ইয়াৰ পৰা দূৰত থাকিবলৈ আপিল কৰিছে| তেখেতে কৈছে, ” কিছু লোকে মিছা আৰু ভ্ৰান্তিকাৰক খবৰ বিয়পাই পৰিস্থিতি নষ্ট কৰিবলৈ বিচাৰিছে| তেখেতে কয়, যে অসমত 1 কোটিৰ পৰা 1.5 কোটি মানুহে নাগৰিকত্ব পাবলৈ ওলাইছে, যিটো মিছা দুষ্টাচাৰ মাত্র|” নিষ্কৰ্ষ: অসমত মহিহাসকলৰ লগত পুলিচৰ বৰ্ব্বৰতাৰ দাবীৰ সৈতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা ছবিবোৰ উত্তৰ প্ৰদেশত হোৱা দুই বেলেগ বেলেগ ঘটনাৰ | - Claim Review : এয়ে নেকি চৰকাৰৰ বাহিনী| পুলিত কেইজনে মনত ৰখা ভাল যে তেওঁলোকো অসমীয়া| এজন অসমীয়া হৈ কেনেকৈ আন এজন অসমীয়াৰ ওপৰত অত্যাচাৰ কৰিব পাৰে| অসম পুলিচৰ বেজটোত জনহিতাৰথে নিলিখি চৰকাৰৰ হিতৰথে লিখি দিয়ক| ফটো (সংগ্ৰহ) - Claimed By : FB User- Mridul RB Munu - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software