About: http://data.cimple.eu/claim-review/1be7bd774395743fc860dc79ea93b0bb8e13c35ea6d5e407f7744e2e     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: ইউক্ৰেণ হেলিকাপ্টাৰ দুৰ্ঘটনাৰ নামত আমেৰিকা আৰু ৰুছৰ পুৰণী ভিডিঅ’ ভাইৰাল হ’ল। - By: Sharad Prakash Asthana - Published: Jan 28, 2023 at 04:11 PM - Updated: Feb 17, 2023 at 09:43 AM নতুন দিল্লী (বিশ্বাস নিউজ)। ইউক্ৰেনৰ ৰাজধানী কিৱ-ত হেলিকাপ্টাৰ দুৰ্ঘটনাত তাৰ গৃহ মন্ত্ৰীৰ লগত 14 জন যাত্ৰীৰ মৃত্যু হৈছে। এই ঘটনাক লৈ সামাজিক মাধ্যমত দুটা ভিডিঅ’ ভাইৰাল হৈ আছে। এইবিলাকত হেলিকাপ্টাৰ দুৰ্ঘটনাত পতিত হোৱা দেখা গৈছে। এইবিলাকক শ্বেয়াৰ কৰি কিছুমান ব্যৱহাৰকাৰীয়ে দুখন ভিডিঅ’ ইউক্ৰেণত হোৱা দুৰ্ঘটনাৰ হোৱা বুলি দাবি কৰি আছে। েবিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে দুখন ভিডিঅ’য় পুৰনা। এইবিলাকৰ ইউক্ৰেণত হোৱা দুৰ্ঘটনাৰ লগত কোনো সম্পৰ্ক নাই। এখন ভাইৰাল ভিডিঅ’ আমেৰিকতাৰ য’ত অইন এখন ভিডিঅ’ ৰুছত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ হয়। কি আছে ভাইৰাল পোষ্টত ফেচবুক ব্যৱহাৰকাৰী Viral Posts (আৰ্কাইভ লিঙ্ক)এ ১৮ জানুৱাৰীত ভিডিঅ’ পোষ্ট কৰি লিখিছে যে, টুইটাৰ ব্যৱহাৰকাৰী নিহাৰিকা শৰ্মা(আৰ্কাইভ লিঙ্ক) এ অন্য এক ভিডিঅ’ টুইট কৰিছে। তাতই হেলিকাপ্টাৰ দুৰ্ঘটনা হোৱা দেখা গৈছে। ইয়াৰ লগত লিখা আছে, (কিৱত হেলিকাপ্টাৰ দুৰ্ঘটনা হোৱাৰ বাবে গৃহ মন্ত্ৰীৰ লগত ১৬ জনৰ মৃত্যু হৈ গল।) তদন্ত ভাইৰাল দাবিৰ তদন্ত কৰিবলৈ আমি পুনপ্ৰথমতে প্ৰথম ভিডিঅ’খনক চেক কৰিলো। ভিডিঅ’ৰ কিফ্ৰেম ওলাই গুগল ৰিভাৰ্ছ ইমেজত বিছাৰোতে আমি ইউটিউব চেনেল WFAA ত 26 মাৰ্চ 2022 ত আপল’ড কৰা এখন ভিডিঅ’ পালো। তাত বিতং তথ্যত লিকা আছিল যে, ৰৱেল্টত বিমান দুৰ্ঘটনা হোৱাৰ বাবে পাইলটৰ লগত দুজন লোকৰ মৃত্যু হৈ গল। ইয়াৰ অৰ্থ ভাইৰাল ভিডিঅ’খন অলপতে ঘটা কোনো ঘটনাৰ নহয়। ডেলীমেল-ত 26 মাৰ্চ 2022ত প্ৰকাশিত হোৱা সংবাদত ভাইৰাল ভিডিঅ’ আপল’ড কৰা আছে। সেই সংবাদ মতে, দুৰ্ঘটনাটো আমেৰিকাৰ ডলাছৰ ওচৰত ঘটিছে। হেলিকাপ্টাৰ ৰলেটত দুৰ্ঘটনাত পতিত হৈছে। ইয়াৰ দ্বাৰা এয়া স্পষ্ট যে, এই ভিডিঅ’খনও ইউক্ৰেণৰ নহয়। ইয়াৰ পিছত দ্বিতীয় ভিডিঅ’খনৰ তদন্তৰ বাবে আমি ব্যৱহাকাৰী নিহাৰিকা শৰ্মাৰ টুইটক গুৰুত্ব সহকাৰে চালো। তাত কমেণ্ট বিভাগত বহুত ব্যৱহাৰকাৰীয়ে ভিডিঅ’খন পুৰনা বুলি কৈছে। ব্যৱহাৰকাৰী RoÆther এ লিখিছে যে, এই ফুটেজখন আঠ বছৰ পুৰণী। ভিডিঅ’খন 2014 ত ৰুছত এয়াৰ শ’ চলি থকা অৱস্থাত ঘটা দুৰ্ঘটনাৰ হয়। কিৱাৰ্ডৰ সৈতে বিছাৰি থাকোতে আমি 7 চেপ্টেম্বৰ 2014 ত মিলিট্ৰি ডট কম-ত প্ৰকাশিত ৰিপোৰ্ট পালো। তাত ভাইৰাল ভিডিঅ’খনৰ দিঘলীয়া সংষ্কৰণও আপল’ড কৰা হৈছে। ইয়াৰ মতে, ৰুছত এটা এয়াৰ শ’ চলি থাকোতে, এখন মিল এমআই-8 হিপ ইউটিলিটি হেলিকাপ্টাৰ দুৰ্ঘটনাত পতিত হ’ল। হেলিকাপ্টাৰটো ৰুছৰ ‘পান্হ হেলিকাপ্টাৰছ’ এয়াৰ ক’ম্পানীৰ লগত সম্পৰ্কিত। 21 মে 2018 ত Feelings ইউটিউব চেনেলতও এই ভিডিঅ’খনক আপল’ড কৰা হৈছে। ইয়াৰ বিতং তথ্যত লিখা আছে যে, 7 চেপ্টেম্বৰ 2014 ত ৰুছত এটা এয়াৰ শ’ চলি থাকোতে, এটা হেলিকাপ্টাৰ দুৰ্ঘটনাত পতিত হয়। ইয়াৰ অৰ্থ দ্বিতীয় ভিডিঅ’খনও ইউক্ৰেণত ঘটা দুৰ্ঘটনাৰ নহয়। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি ইউক্ৰেণৰ ইউক্ৰেণ নিউজ লাইভৰ লগত মেইল যোগে যোগাযোগ কৰিলো। তেঁওলোকক দুখন ভাইৰাল ভিডিঅ’ পঠালো। তেঁওৰ বক্তব্য হ’ল, ‘এই ভিডিঅ’খন ইউক্ৰেণৰ নহয়। ভাইৰাল হোৱা এই দাবি ভুৱা ’। আমেৰিকাৰ পুৰনা ভিডিঅ’খনক ইউক্ৰেণৰ নামত শ্বেয়াৰ কৰা ফেচবুক পেজ ‘ভাইৰাল পোষ্ট’ ক ষ্কেণ কৰা হ’ল। 31 জানুৱাৰী 2022 ত সৃষ্টি হোৱা এই পেজৰ আনুমানিক 300 অনুসৰণকাৰী আছে। উপসংহাৰ: ইউক্ৰেণৰ হেলিকাপ্টাৰ দুৰ্ঘটনাৰ নামত ভাইৰাল হোৱা দুখন ভিডিঅ’য়ে পুৰনা। ইউক্ৰেণৰ লগত এইবিলাকৰ কোনো সম্পৰ্ক নাই। ইয়াৰ মাজত এখন ভিডিঅ’ আমেৰিকাত 2022ৰ মাৰ্চত হোৱা হেলিকাপ্টাৰ দুৰ্ঘটনাৰ হয়, য’ত দ্বিতীয় ভিডিঅ’ 2014ত ৰুছত এয়াৰ শ’ চলি থকা অৱস্থাৰ হয়। - Claim Review : ইউক্ৰেণ হেলিকাপ্টাৰ দুৰ্ঘটনাৰ - Claimed By : Viral Posts - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software