About: http://data.cimple.eu/claim-review/1eda20f26c2a29dfa7be1ca16d711e122ddf2b24c665df855809cf23     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: অংকিতা কুলকাৰ্ণী ছেপ্তেম্বৰ 20 2024 ভাইৰেল ফটোকেইখন লেবাননৰ শেহতীয়া বিস্ফোৰণৰ আগৰ হয়, আইফোনৰ ফটোখন ২০২১ চনৰ, আনহাতে টয়লেট চিটৰ ফটোখন ২০২০ চনৰ। কি দাবী কৰা হৈছে? এটা ভঙা আইফোন আৰু অটা ভঙা টয়লেটৰ ফটো ছ’চিয়েল মিডিয়াত একাধিক লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি এইসমূহ লেবাননত শেহতীয়াকৈ সংঘটিত বিস্ফোৰণৰ দৃশ্য বুলি দাবী কৰিছে। ইৰাণৰ দ্বাৰা সমৰ্থিত উগ্ৰপন্থী সংগঠন হিজবুল্লাৰ সদস্যই ব্যৱহাৰ কৰা হাতেৰে ধৰা যন্ত্ৰৰ দ্বাৰা সংঘটিত উক্ত বিস্ফোৰণত দুদিনত প্ৰায় ৩২ জন লোকৰ মৃত্যু হয় । এক্সত ভঙা আইফোনটোৰ ফটো আপলোড কৰি এজনে লিখিছে, “শুনা মতে ফোনৰো বিস্ফোৰণ হৈছিল। ঘড়ী, ৰেডিঅ’, ফিংগাৰপ্ৰিণ্ট মেচিন, ছ’লাৰ পেনেল, পেজাৰ আদিও বিস্ফোৰণ হোৱা বুলি বাতৰি ওলাইছে।” এই পোষ্টটোৱে প্ৰায় ২০০ টা লাইক আৰু ১১৮ টা ৰিপোষ্ট লাভ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব। আন এটা এক্স পোষ্টত বিস্ফোৰণত ক্ষতি হোৱা এটা টয়লেট চিটৰ ফটো বুলি দাবী কৰা এখন ফটো আপলোড কৰি লিখিছে, “ব্ৰেকিং: লেবাননত শৌচালয়ত বিস্ফোৰণৰ প্ৰাৰম্ভিক খবৰ।” এই পোষ্টটোৱে প্ৰায় ১০০০ লাইক লাভ কৰিছিল। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত উপলব্ধ৷ অৱশ্যে লজিকেলি ফেক্টছে নিশ্চিত কৰিছে যে এই ফটোসমূহৰ শেহতীয়াকৈ লেবাননত সংঘটিত বিস্ফোৰণৰ সৈতে কোনো সম্পৰ্ক নাই। আমি কি বিচাৰি পালোঁ? ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে দেখা গ’ল যে দুয়োখন ফটো লেবাননত সংঘটিত বিস্ফোৰণৰ আগৰে পৰা ইণ্টাৰনেটত উপলব্ধ। ২০২১ চনৰ আইফোনৰ ফটো ভঙা আইফোনটোৰ ফটোখন প্ৰথমে ইজিপ্তৰ সংবাদ মাধ্যম কায়ৰো ২৪-এ ২০২১ চনৰ ১৯ মাৰ্চত প্ৰকাশ কৰিছিল। প্ৰতিবেদনটোৰ মতে ইজিপ্তৰ এটা চাৰ্জিং দি থকা আইফোন বিস্ফোৰণৰ ফলত মাদি দ্বীপৰ হামজা নামৰ এটি শিশুৱে হাতত আঘাতপ্ৰাপ্ত হৈছিল। শিশুটিৰ পিতৃয়ে কোম্পানীটোৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ আনি এখন এজাহাৰ দাখিল কৰিছিল আৰু কৈছিল যে ফোনটো কিনা মাত্ৰ এমাহহে হৈছিল। প্ৰতিবেদনটোত হাতত বেণ্ডেজ লগোৱা হামজাৰ ফটোৰ লগতে জ্বলি যোৱা ফোনটোৰ কেইবাখনো ফটো সন্নিবিষ্ট কৰা হৈছিল। ইয়াৰ উপৰি Nabd App নামৰ এটা আৰবী সংবাদ মাধ্যমে ফটোখন প্ৰকাশ কৰি উক্ত ঘটনাটোৰ সন্দৰ্ভত একেধৰণৰ তথ্য আগবঢ়াইছিল। ২০২০ চনৰ পৰা টয়লেট চিটৰ ছবি ২০২০ চনৰ ২৮ জানুৱাৰীত চাউথ চাইনা মৰ্নিং পোষ্টে ভঙা শৌচাগাৰৰ আসনৰ ছবিখন প্ৰথম প্ৰকাশ কৰিছিল। প্ৰতিবেদনটত হংকঙৰ এটা ৰাজহুৱা শৌচাগাৰত এটা ঘৰোৱাভাৱে নিৰ্মিত সন্দেহযুক্ত বোমা বিস্ফোৰণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। ফটোখনৰ কেপচনত লিখা আছিল: “২৭ জানুৱাৰীত পশ্চিম ক’লুনৰ জৰ্ডান ৰোডৰ কিং জৰ্জ পঞ্চম মেম’ৰিয়েল পাৰ্কত এটা সন্দেহযুক্ত ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰই এটা ৰাজহুৱা শৌচাগাৰ ধ্বংস কৰে।” স্থানীয় সংবাদ মাধ্যম চিং টাও আৰু ৱাউ টিভিয়ে এই ঘটনাৰ বিষয়ে বাতৰি প্ৰকাশ কৰি একেখন ছবি শ্বেয়াৰ কৰিছিল, যাৰ দ্বাৰা এয়া নিশ্চিত হয় যে ভাইৰেল ছ’চিয়েল মিডিয়া পোষ্টসমূহে প্ৰচাৰ কৰা ফটোখন হংকঙৰ হয়, লেবাননৰ নহয়। এই প্ৰতিবেদনসমূহত উল্লেখ কৰা মতে ২০২০ চনৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত হংকঙত একাধিক বিস্ফোৰণ সংঘটিত হৈছিল ৷ লেবাননৰ বিস্ফোৰণ ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত হিজবুল্লাৰ সদস্যসকলে ব্যৱহাৰ কৰা সহস্ৰাধিক পেজাৰ প্ৰায় একেলগে বিস্ফোৰণ ঘটিছিল, উক্ত বিস্ফৰোণত লেবাননস্থিত ইৰাণৰ ৰাষ্ট্ৰদূত মোজতাবা আমানীকে ধৰি হাজাৰ হাজাৰ লোক আহত হৈছিল আৰু কমেও ১২ জন লোক নিহত হৈছিল। পিছদিনা ১৮ ছেপ্টেম্বৰত বেইৰুট আৰু লেবাননৰ আন একাধিক অঞ্চলত সংঘটিত দ্বিতীয়লানি বিস্ফোৰণত ৱাকি-টকিৰ দৰে হেণ্ডহেল্ড ৰেডিঅ’ সঁজুলিসমূহক লক্ষ্য কৰি লোৱা হৈছিল। ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ইজৰাইল-হামাছ যুদ্ধ আৰু হিজবুল্লাৰ সৈতে বৃদ্ধি পোৱাৰ উত্তেজনাৰ মাজতে ইজৰাইলে এই আক্ৰমণ কৰা বুলি বহুতে সন্দেহ কৰিছে। ইজৰাইলে এই সন্দৰ্ভত এইপৰ্যন্ত কোনো মন্তব্য কৰা নাই যদিও হিজবুল্লাই ইজৰাইলক দোষাৰোপ কৰাৰ লগতে প্ৰতিশোধ লোৱাৰ কথা কৈছে। লেবানন চৰকাৰে এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে ইয়াক “ইজৰাইলৰ অপৰাধী আগ্ৰাসন” বুলি অভিহিত কৰে। সিদ্ধান্ত ২০২০ আৰু ২০২১ চনৰ পুৰণি আৰু অসংলগ্ন ফটো লেবাননত শেহতীয়াকৈ সংঘটিত হোৱা বিস্ফোৰণৰ দৃশ্য বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। (চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software