About: http://data.cimple.eu/claim-review/24892a2b3c1c60b8ea0d57d9ad9e7c355e9b5f1b46ebb438c2f90b32     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: 2016 ত তেলেঙ্গানা পুলিছে মছজিদ চাফা কৰিছিল, যিটো ছবি বেঙ্গলৰ বুলি ভাইৰাল কৰা হৈ আছে - By: Umam Noor - Published: Jul 28, 2023 at 04:35 PM নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন পোষ্ট ভাইৰাল হৈ আছে, যত একে ঘটনাৰ কিছুমান ছবিৰ ক’লাজ এখন আছে আৰু এই ছবিসমূহত পুলিছকৰ্মীসকলক মছজিদ প্ৰাঙ্গন পৰিষ্কাৰ কৰি থকা দেখা পোৱা গৈছে। ব্যৱহাৰকাৰীসকলে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি ইয়াক পশ্চিম বঙ্গত সাম্প্ৰতিক সময়ত ঘটা এখন ঘটনা বুলি দাবি কৰিছে। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, পুলিছকৰ্মীসকলৰ এই ছবিখন পশ্চিম বঙ্গৰ নহয়, এয়া তেলেঙ্গানাৰ। 2016ৰ এই ছবিখন সেই সময়ৰ, যেতিয়া তেলেঙ্গানাৰ ভৈছা পুলিছে, স্বচ্ছতা অভিযানৰ অধীনত ধাৰ্মিক স্থানসমূহক পৰিষ্কাৰ কৰিছিল। এতিয়া এই পুৰণা ছবিখনক সাম্প্ৰদায়িক ৰং লগাই ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰি দিয়া হৈছে। কি আছে ভাইৰাল পোষ্টত ? ফেচবুক ব্যৱহাৰকাৰী ‘Ramkumar Yadav’এ, ভাইৰাল ছবিখন শ্বেয়াৰ কৰি লিখিছে যে, পশ্চিম বঙ্গৰ পুলিছক ধিক্কাৰ জঁনাইছো যি নমাজৰ বাবে মছজিদক পৰিষ্কাৰ কৰি আছে, যদি মঁই পশ্চিম বঙ্গৰ পুলিছত থাকিলোহেঁতেন, তেন্তে নিশ্চিতৰুপত পশ্চিম বঙ্গৰ পুলিছৰ চাকুৰিৰ পৰা অব্যাহতি লৈ, ইউনিফৰ্ম পিন্ধি মছজিদ পৰিষ্কাৰ কৰাৰ ভিডিঅ হাইকৰ্টত প্ৰদান কৰি, তাত পশ্চিম বঙ্গৰ চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন কৰিলোহেঁতেন যে, মোক মছজিদ পৰিষ্কাৰ কৰিবলৈ পুলিছত ভৰ্তি কৰোৱা হৈছে নে পশ্চিম বঙ্গৰ আইন ব্যৱস্থাৰ ৰক্ষাৰ বাবে। কাৰণ মঁই নিজে এজন অৱসৰপ্ৰাপ্ত পুলিছ কৰ্মী আৰু ইউনিফৰ্ম পিন্ধি মছজিদ পৰিষ্কাৰ কৰাৰ ভিডিঅয় মোক ভিতৰৰ পৰা জোঁকাৰি দিছে, ধিক্কাৰ জঁনাইছো পশ্চিম বঙ্গৰ পুলিশকৰ্মীসকলৰ, যিসকলে মছজিদ পৰিষ্কাৰ কৰি আছে, ওৱাক থু, যদি এই ছবিখন ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত নহই, এনে সাধাৰণ পোচাকত কোনোবা সমজোৱা ঠাই পৰিষ্কাৰ কৰি থকাৰ ছবি হলেহেঁতেন তেতিয়া মোৰ দেশৰ প্ৰতিজন নাগৰিকে আপোনাক চেলাম কৰিলে হয়, ওৱাক থু, ইয়াতকৈ পদত্যাগ কৰি দিয়ায় ভাল।” সেই ভাইৰাল পোষ্টখনত লিখা আছে, আপুনি কেতিয়াবা পুলিছক মন্দিৰ পৰিষ্কাৰ কৰি থকা দেখিছে নে? নাই নহয়? পশ্চিম বঙ্গৰ পুলিছে নমাজেৰ বাবে মছজিদ পৰিষ্কাৰ কৰি আছে আৰু মুছলমান মানুহে এই ছবিখন ফৰৱাৰ্ড কৰি এয়া কই আছে যে, চাওক হিন্দুসকলক আৰু ভাৰতৰ পুলিছৰ অৱস্থা, আপুনিও চাওক 44 4 আৰু এই পোষ্টখনক বিয়পাই দিয়ক…মানুহেও গম পাওক মমতা বেনাৰ্জীৰ ৰাজ্যত পুলিছৰ সন্মান এয়ায়! এই দেশক আৰু হিন্দুসকলক এতিয়া ভগৱানে বঁচাওক।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত আমাৰ তদন্তক আৰম্ভ কৰাৰ দিশত আমি পুনপ্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰাল হৈ থকা ছবিখন বিছাৰিলোঁ। এই খোঁজ প্ৰক্ৰিয়াত আমি এই ছবিখন নিউজ তেলেঙ্গানা টিভি নামৰ ফেচবুক পেজত 18 জুন 2016 ত পোষ্ট হোৱা পালো। থকা ছবিখনৰ মতে, ”#Bhainse_me_Ramadan ke Mouqe per #MasjidPANJESHA markaz Me #BHAINSA_police ki Janib se #Safayi Ka kaam….Salute Bhainsa police”. (”#ভৈছনাত ৰমাদানৰ অনুষ্ঠান উপলক্ষ্যে মছজিদত #মছজিদপানজেছা মাৰ্কাজ-ত #ভৈছ্না পুলিছৰ তৰফৰ পৰা পৰিষ্কাৰ কাৰ্য…ভৈছনা পুলিছক চেলাম”. এই ভিত্তিত আমি তদন্ত আগবঢ়ালো আৰু ‘AK NEWS’ নামৰ এখন ফেচবুক পেজতও ভাইৰাল ছবিখন পালো আৰু ইয়াত থকা তথ্য মতে, এইসমূহ তেলেঙ্গানাৰ ভৈছনা থানাৰ পুলিছ। ইয়াত এই ছবিসমূহক 18 জুলাই 2016 ত আপল’ড কৰা হৈছিল। এই পোষ্টখন ইয়াৰ আগতেও ভাইৰাল হৈছিল, যিটো ফেক্ট চেক আমি কৰিছিলোঁ আৰু তেতিয়া ভাইৰাল পোষ্ট সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে তেলেঙ্গানা টিভিৰ মূখ্য সম্পাদক ফৰাজ একেলৱীৰ লগত ফোন যোগে যোগাযোগ কৰিছিলোঁ। তেঁও আমাক জঁনাইছিল যে, “ভাইৰাল ছবিখন 2016-ৰ, যেতিয়া স্বচ্ছতা অভিযানৰ অধীনত তেলেঙ্গানাত ভৈছনা পুলিছে ৰমজান উপলক্ষ্যে পানজেছা মাৰ্কাজ মছজিদ পৰিষ্কাৰ কৰিছিল।” ভ্ৰমাত্মক পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাৰকাৰীজনক দুই হাজাৰতকৈ অধিক মানুহে অনুসৰণ কৰে। উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, পুলিছকৰ্মীসকলৰ এই ছবি পশ্চিম বঙ্গৰ নহয়, তেলেঙ্গানাৰ হয়। 2016 ৰ এই ছবিখন সেইসময়ৰ, যেতিয়া তেলেঙ্গানা পুলিছে স্বচ্ছতা অভিযানৰ অধীনত ধাৰ্মিক স্থানসমূহ পৰিষ্কাৰ কৰিছিল। এতিয়া সেই পুৰনা ছবিখনক এটা বেলেক ৰঙ লগাই ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰি দিয়া হৈছে। - Claim Review : পশ্চিম বঙ্গৰ পুলিছে নমাজৰ বাবে মছজিদ পৰিষ্কাৰ কৰি আছে। - Claimed By : Ramkumar Yadav (ৰামকুমাৰ যাদব) - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software