About: http://data.cimple.eu/claim-review/282b716fd49fb150132db1b990797643bbe8b41589c91ee2ee3c0904     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ভাইৰেল হৈ থকা দলঙৰ ভগা অংশৰ ছবি পুৰণি হয়, শেহতীয়া নহয় বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা ছবিখন আচলতে 2020 চনৰ বিহাৰৰ হয়। তেতিয়া গোপালগঞ্জত দলঙৰ এটা অংশ ভাগি পৰিছিল। পুৰণি ছবিখনক ভুৱা দাবীৰ সৈতে শেহতীয়া প্ৰসংগ হিচাপে প্ৰচাৰ কৰা হৈ আছে। - By: Umam Noor - Published: Jul 23, 2024 at 06:07 PM নতুন দিল্লী (বিশ্বাস নিউজ)। ছচিয়েল মিডিয়াত দলঙৰ ভগা অংশৰ ছবি ভাইৰেল হৈ আছে। ভগা দলঙৰ ওচৰত বহুত মানুহক থিয় হৈ থকা দেখা পোৱা গৈ আছে। এই ছবিখন বিহাৰৰ শেহতীয়া ঘটনাৰ হয় বুলি কৈ ইউজাৰে ছবিখনক বেলেগ-বেলেগ প্লেটফৰ্মত শ্বেয়াৰ কৰি আছে। বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা ছবিখন আচলতে 2020 চনৰ বিহাৰৰ হয়। তেতিয়া গোপালগঞ্জত দলঙৰ এটা অংশ ভাগি পৰিছিল। পুৰণি ছবিখনক ভুৱা দাবীৰ সৈতে শেহতীয়া প্ৰসংগ হিচাপে প্ৰচাৰ কৰা হৈ আছে। ভাইৰেল পোষ্টত কি আছে? ফেচবুক ইউজাৰে ভাইৰেল পোষ্টক শ্বেয়াৰ কৰি লিখিছে, “মোৰ বিৰোধীসকলে বিহাৰৰ ভাগি পৰা দলংখন তো দেখা পাইছে, কিন্তু এয়া দেখা নাপালে যে, এই দলংখনক পুনৰ নিৰ্মাণ কৰোঁতে মানুহৰ বাবে কিমান কৰ্ম সংস্থাপন হ’ব… নীতিশ কুমাৰ।” পোষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক। তদন্ত আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে ভাইৰেল ছবিখনক গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ, এই ছবিখন ‘ভাইৰেল বেক ডট কম’ নামৰ এটা ৱেবছাইটত আপলোড হৈ আছে। ইয়াত বাতৰিটোক 16 জুলাই 2020 তাৰিখে প্ৰকাশ কৰা হৈছিল। সেই বাতৰিত থকা তথ্য অনুসৰি, এই ছবিখন বিহাৰৰ হয়। সেই বাতৰিত আমি তেজস্বী যাদবৰো এটা এক্স পোষ্ট দেখা পাইছোঁ। তেজস্বী যাদবে নিজৰ এক্স হেণ্ডলত ভাইৰেল ছবিখনক 16 জুলাই 2020 তাৰিখে শ্বেয়াৰ কৰি লিখিছিলে, ‘263 কৌটিৰে 8 বছৰত তৈয়াৰ হৈছিল। কিন্তু মাথোঁ 29 দিনতে ভাগি পৰিল দলং। সুসংগঠিত দুৰ্নীতিৰ ভীষ্ম পিতামহ নীতিশ জীয়ে এই ঘটনাক লৈ এটাও শব্দ উচ্চাৰণ নকৰিব লগতে চাইকেলে দি ৰেঞ্জ ৰ’ভাৰৰ যাত্ৰা কৰোৱা দুৰ্নীতিগ্ৰস্ত সহপাঠী পথ নিৰ্মাণ মন্ত্ৰীকো বহিষ্কাৰ নকৰিব। বিহাৰত চাৰিও ফালে কেবল লুঠ আৰু লুঠ চলি আছে।’ বিহাৰ চৰকাৰৰ তথ্য আৰু জন সংযোগ বিভাগে এই ঘটনাৰ সন্দৰ্ভত 16 জুলাই 2020 তাৰিখতে এক্স-ত পোষ্ট কৰি লিখিছিলে, ‘সত্তৰ ঘাট ঘাই দলঙৰপৰা প্ৰায় দুই কিমি দূৰত গোপালগঞ্জত আৰু এখন 18 মিটাৰ দৈৰ্ঘ্যৰ সৰু এখন দলংৰ অভিগমন পথ ছিন্ন হৈছে। এই সৰু দলংখন গণ্ডক নদীৰ বান্ধৰ ভিতৰত অৱস্থিত হয়। গণ্ডক নদীৰ পানীৰ হেঁচা গোপালগঞ্জৰ দিশত অধিক। সেয়ে দলংখনৰ অভিগমন পথৰ অংশ ছিন্ন হৈ গৈছে।’ ভাইৰেল ছবিখনৰ বিষয়ে নিশ্চিত হোৱাৰ কাৰণে আমি দৈনিক জাগৰণৰ গোপালগঞ্জৰ ব্যুৰ’ চীফ মনীশ কুমাৰৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, এই ছবিখন বিহাৰৰ গোপালগঞ্জৰ হে হয়। এই দলংখনৰ অভিগমন পথ ছিন্ন হৈ পৰিছিল। ছবিখন সেই সময়ৰে হয়। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পাইছোঁ যে, এইজন ইউজাৰক এঘাৰ হেজাৰ মানুহে ফল’ কৰি থাকে। উপসংহাৰ: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা ছবিখন 2020 চনৰ বিহাৰৰ হয়। তেতিয়া গোপালগঞ্জৰ দলঙৰ এটা অংশ ভাগি পৰিছিল। পুৰণি ছবিখনক হে ভুৱা দাবীৰ সৈতে শেহতীয়া প্ৰসংগ হিচাপে প্ৰচাৰ কৰা হৈ আছে। - Claim Review : বিহাৰত ভাগি পৰিছে দলং - Claimed By : FB User- Karan Singh - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software