About: http://data.cimple.eu/claim-review/2bb362bde0d7622d2128fb809bdd854854131005815c0fd29c4b8c80     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: মন্দিৰত পূজা কৰি থকা মেহবুবা মুফতিৰ এই ছবিখন সাত বছৰ আগৰ পুৰণি ছবি হয়, বিভ্ৰান্তিকৰ দাবীৰ সৈতে ইয়াক শ্বেয়াৰ কৰা হৈ আছে - By: Jyoti Kumari - Published: Feb 27, 2023 at 11:44 AM নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত জম্ম-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেমোক্ৰেটিক পাৰ্টি (পিডিপি)-ৰ মুৰব্বী মেহবুবা মুফতিক লৈ হোৱা এখন পোষ্ট ভাইৰেল হৈ আছে। ভাইৰেল পোষ্টটো এখন বাতৰি কাকতৰ কাটিং হয়। য’ত দেখা পোৱা গৈ আছে যে, মেহবুবা মুফতিয়ে মন্দিৰত পূজা কৰি আছে। কেইজনমান ইউজাৰে এইটোক শেহতীয়া বুলি কৈ শ্বেয়াৰ কৰি দাবী কৰি আছে যে, অনুচ্ছেদ 370 বাতিল হোৱাৰ পাছত মেহবুবা মুফতিয়ে মন্দিৰত পূজা দিছে। বিশ্বাস নিউজে নিজাববীয়া তদন্ত কৰাৰ পাছত গম পাইছে যে পিপলছ ডেমোক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতিক লৈ ভাইৰেল হোৱা এই ছবিখন 2016-ৰ জুন মাহৰ হয়। অনুচ্ছেদ 370 বাতিল হৈছিল 2019-ৰ আগষ্ট মাহত। কিন্তু এতিয়া ভাইৰেল হোৱা ছবিখন অনুচ্ছেদ 370 বাতিল হোৱাৰ পূৰ্বৰ হয়। সেইটোক হে বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। ভাইৰেল পোষ্টত কি আছে ফেচবুক ইউজাৰ ‘সুনীল কুমাৰ’ 20 ফেব্ৰুৱাৰী তাৰিখে এই পোষ্ট শ্বেয়াৰ কৰিছিলে। পোষ্ট শ্বেয়াৰ কৰি লিখিছিলে, “হায় ভগৱান…!! মোডীজী এতিয়ো তো চকুত পানী আহি যায় এনেকুৱা ছবিবোৰ চাই। এয়া আপুনি কিহৰপৰা কি কৰি দিলে?? 370 বাতিল হোৱাৰ লগে-লগে তেওঁলোকৰ জগতখনে সলনি হৈ গ’ল। ওঁ নমঃ শিৱায়।” এই পোষ্টক সঁচা বুলি ভাবি আন ইউজাৰসকলেও এইটোক ভাইৰেল কৰি আছে। ইয়াৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পৰা যাব। তদন্ত ভাইৰেল হোৱা স্ক্ৰীণশ্বটৰ প্ৰকৃত সত্য গম পোৱাৰ কাৰণে আমি গুগল লেন্স ব্যৱহাৰ কৰিছিলোঁ। তেতিয়া আমি সেই পোষ্টত থকা ছবিখন বহুকেইখন ৰিপোৰ্টত পাইছোঁ। এনডিটিভি-ৰ আনুষ্ঠানিক ইউটিউব চেনেলত সেই পোষ্টৰ লগত যুক্ত ভিডিঅ’ ৰিপোৰ্ট পোৱা গ’ল। 12 জুন 2016-ত এনডিটিভি-ৰ ইউটিউব চেনেলত আপলোড হোৱা ভিডিঅ’ত মেহবুবা মুফতিয়ে পূজা কৰি থকা দেখা পোৱা গৈছে। সেই ভিডিঅ’ আপলোড কৰি এই ডেছক্ৰিপছন দিয়া হৈছিল, “জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতি আজি শ্ৰীনগৰৰপৰা 35 কিলোমিটাৰ দূৰত গান্দৰবলত খীৰ ভৱানীৰ মেলাত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে সাক্ষাত কৰিছে। কালি বিক্ষোভ প্ৰদৰ্শনকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত জখম হোৱা দুইজন পণ্ডিত তীৰ্থযাত্ৰীৰ সৈতে সাক্ষাত কৰিছে।” ছাৰ্চ কৰি থাকোঁতে আমি নিউজ 18 ডট কম-ত 13 জুন 2016-ত প্ৰকাশ পোৱা বাতৰিত এতিয়া ভাইৰেল হোৱা ছবি পাইছোঁ। সেই বাততৰিৰ শিৰোনামত আছিল, “খীৰভৱানী মন্দিৰত মেহবুবা মুফতিয়ে পানী আগবঢ়াইছে, তেওঁ কৈছে যে, পণ্ডিতসকলৰ অবিহনে কাশ্মীৰ অসম্পূৰ্ণ হয়।” তাত প্ৰদান কৰা তথ্য অনুসৰি, মেহবুবা মুফতি শ্ৰীনগৰৰপৰা প্ৰায় 25 কিলোমিটাৰ দূৰত অৱস্থিত মাতা খীৰভৱানী মন্দিৰত দৰ্শন কৰাৰ পাছত তাত সাংবাদিকসকলক কৈছে, “মই কাশ্মীৰী পণ্ডিতসকলৰ প্ৰতি এয়াই আৱেদন জনাওঁ যে, তেওঁলোকে আমাক ভৰসা কৰিব লাগে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিব লাগে। ইয়াত আমি শান্তি প্ৰতিষ্ঠিত কৰি ৰাখিবলৈ চেষ্টা কৰি আছোঁ। কাশ্মীৰী পণ্ডিতসকলৰ অবিহনে কাশ্মীৰ অসম্পূৰ্ণ হয়।” তেওঁ কৈছিলে যে, তেওঁলোকে যেন নিজৰ পৈতৃক স্থানত উভতি যাব পাৰে, তাৰ আগতে তেওঁলোকৰ মনত ভৰসা জগাই তুলিব লাগিব। ভাইৰেল হোৱা স্ক্ৰীণশ্বটৰ লগত যুক্ত আন বাতৰিসমূহ ইয়াত পঢ়িব পৰা যাব। আগতেও এই স্ক্ৰীণশ্বট একে ধৰণৰ দাবীৰ সৈতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। তেতিয়া বিশ্বাস নিউজে ইয়াৰ তদন্ত কৰিছিল। আপোনালোকে আমাৰ পূৰ্বৰ তদন্ত ইয়াত পঢ়ি চাব পাৰে। অনুচ্ছেদ 370 আমি অনুচ্ছেদ 370-ক লৈ গুগলত ছাৰ্চ কৰিছোঁ। তেতিয়া আমি বহুকেইখন নিউজ ৰিপোৰ্ট পাইছোঁ। সেইবোৰত কোৱা হৈছে যে, 5 আগষ্ট 2019-ত অনুচ্ছেদ 370-ক সমাপ্ত কৰি দিয়া হৈছিল। দৈনিক জাগৰণ-ত 5 আগষ্ট 2019-ত প্ৰকাশ পোৱা বাতৰিৰ মতে, 70 বছৰ পাছত কেন্দ্ৰ চৰকাৰে অনুচ্ছেদ 370 সমাপ্ত কৰিছে। সোমবাৰ ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ঘোষণা কৰিছে যে, ৰাষ্ট্ৰপতি কোবিন্দে 370-ক সমাপ্ত কৰাৰ অধিসূচনা সদৰী কৰি দিছে। ভাইৰেল হোৱা দাবীৰ সত্যতা প্ৰমাণ কৰিবলৈ আমি আমাৰ সহযোগী দৈনিক জাগৰণৰ জম্মুৰ বুৰো চীফ নবীন নৱাজৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁৰ লগত ভাইৰেল হোৱা পোষ্ট শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক জনাইছে যে, এই ছবিখন বহুত পুৰণি হয়। ইয়াক শেহতীয়া বুলি কৈ ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। তদন্তৰ অন্তিম পৰ্যায়ত আমি পুৰণি স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা ইউজাৰৰ বিষয়ে সকলো কথা চালিজাৰি চাইছোঁ। তেতিয়া আমি গম পালোঁ যে এইজন ইউজাৰ মধ্য প্ৰদেশৰ জবলপুৰৰ নিবাসী হয়। ফেচবুকত এইগৰাকী ইউজাৰৰ 193 জন ফ্ৰেণ্ড আছে। উপসংহাৰ: মন্দিৰত পূজা কৰি থকা মেহবুবা মুফতিৰ যি ছবি ভাইৰেল হৈ আছে সেয়া 2016-ৰ জুন মাহৰ হয়। কিন্তু অনুচ্ছেদ 370 সমাপ্ত কৰাৰ ঘোষণা হৈছিল 2019-ৰ আগষ্ট মাহত। ভাইৰেল হোৱা ছবিখন অনুচ্ছেদ 370 সমাপ্ত হোৱাৰ পূৰ্বৰ হয়। সেইখন ছবিক বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে। - Claim Review : মেহবুবা মুফতি মন্দিৰত পূজা দি আছে। - Claimed By : ফেচবুক ইউজাৰ- সুনীল কুমাৰ - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software