About: http://data.cimple.eu/claim-review/2ebae2139e083c431276b69581a625c9d64dc1a95d4cc1e37c6e7472     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Fact Check Claim অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি। বিত্ত বিভাগৰ চিঠি প্ৰেৰণ। Fact অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে অৱসৰৰ বয়স ৬০ বছৰেই বাহাল আছে। অৱসৰৰ বয়স বৃদ্ধি কৰাৰ বাবে কোনো নিৰ্দেশনা জাৰি হোৱা নাই। অৱশ্যে বিগত বহুবছৰ ধৰি এই অৱসৰৰ বয়স বৃদ্ধি কৰিবৰ বাবে চৰকাৰক দাবী জনাই আহিছে কৰ্মচাৰী সমাজে। অসম চৰকাৰৰ অধীনত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰা বুলি শেহতীয়াকৈ এটা দাবী হোৱাটছএপ্প মেছেজত ভাইৰেল হৈ পৰিছে। এটা ইউটিউব চেনেলৰ ভিডিঅ’ৰ স্ক্ৰীণশ্বট চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স বৃদ্ধিৰ দাবীৰে ভাইৰেল হৈ পৰিছে। এই মেছেজটোত দেখা গৈছে – অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি। বিত্ত বিভাগৰ চিঠি প্ৰেৰণ। তলত এই মেছেজৰ স্ক্ৰীণশ্বটো চাব পাৰিব। নিউজচেকাৰে এই ভাইৰেল স্ক্ৰীণশ্বটৰ উৎস জানিবৰ বাবে পোনপ্ৰথমেই গুগল ৰিভাৰ্ছ ইমেজ আৰু নিৰ্দ্দিষ্ট কী-ৱৰ্ড ছাৰ্ছ কৰো। ইয়াতেই আমি অৱসৰৰ বয়স সংক্ৰান্তীয় একাধিক ইউটিউব ভিডিঅ’ৰ লিংক দেখিবলৈ পাও। তাৰ ভিতৰত GOVT EMPLOYEES NEWS & INFORMATION নামৰ এটা ইউটিউব চেনেলৰ এটা ভিডিঅ’ৰ সৈতে ভাইৰেল স্ক্ৰীণশ্বটৰ মিল দেখিবলৈ পাও। ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব। উল্লেখ্য যে অসমৰ লগতে দেশৰ অধিকাংশ ৰাজ্যতে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬০। অসমত অভিযান্ত্ৰিক, কৃষি আৰু চিকিৎসা বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ সৈতে জড়িত কৰ্মচাৰীৰ বাহিৰে সকলো চৰকাৰী কৰ্মচাৰীৰে অৱসৰৰ বয়স ৬০ বুলি ৰাজ্য চৰকাৰৰ ৱেবছাইটত উল্লেখ কৰা আছে। ইয়াত ক্লিক কৰি সেয়া চাব পাৰিব। ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত এই একেই দাবীৰে এনেধৰণৰ পোষ্ট ভাইৰেল হৈ আহিছে। অৱশ্যে ২০২২ চনত অসম ৰাজ্যিক কেবিনেটে মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনৰ সকলো মেডিকেল কলেজৰ শিক্ষকতা (মেডিকেল) বৃত্তিৰ সৈতে জড়িত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স পূৰ্বৰ ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰা হৈছিল। এই সন্দৰ্ভত প্ৰকাশ পোৱা জাননী ইয়াত ক্লিক কৰি চাব পাৰিব। উল্লেখ্য যে অসমৰ চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স বৃদ্ধি কৰিবৰ বাবে বিভিন্ন সময়ত কৰ্মচাৰী গোটবোৰৰ পৰা দাবী উত্থাপন কৰি অহা হৈছে যদিও মেডিকেল শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ পিছত এই দাবী অধিক তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ মাজতে কেন্দ্ৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও অৱসৰৰ বয়সক লৈ চলি থকা ব্যাপক চৰ্চাৰ অৱসান ঘটাই বিগত ৯ আগষ্ট, ২০২৩ তাৰিখে লোকসভাৰ সদনত কেন্দ্ৰীয় মন্ত্ৰী ড. জীতেন্দ্ৰ সিঙে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ অৱসৰৰ বয়স সালসলনি কৰাক লৈ কোনোধৰণৰ প্ৰস্তাৱ আলোচনাৰ মঁজিয়ালৈ অহা নাই। এই সন্দৰ্ভত উক্ত দিনাই প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ই প্ৰকাশ কৰা প্ৰেছ বিবৃতি ইয়াত ক্লিক কৰি চাব পাৰিব। অৱশ্যে ২০২২ চনত অন্ধ্ৰপ্ৰদেশত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰা হৈছিল। এই সন্দৰ্ভত কৰা টুইট ইয়াত ক্লিক কৰি চাব পাৰিব। ইয়াৰ পিছত এই সন্দৰ্ভত সবিশেষ তথ্য জানিবৰ বাবে আমি যোগাযোগ কৰিছিলো অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাৰ সৈতে। তেওঁ আমাক কয়, “দীৰ্ঘদিন ধৰি এই সন্দৰ্ভত কৰ্মচাৰী গোটবোৰে দাবী কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। এতিয়াও অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬০ য়েই হৈ আছে।” আনফালে অসম ৰাজ্যিক আভ্যন্তৰীন জল পৰিবহন বিভাগৰ কৰ্মচাৰী সৌৰভ নাথৰ সৈতেও আমি যোগাযোগ কৰিছিলো, এই সম্বন্ধীয় তথ্যৰ সত্যতা জানিবৰ বাবে। সৌৰভ নাথে কয়, “অৱসৰৰ সময়সীমা বৃদ্ধিৰ কোনো আলোচনা শেহতীয়াকৈ হোৱা নাই। এতিয়াও অৱসৰৰ বয়স ৬০ য়েই হৈ আছে। ৬২ বছৰলৈ বৃদ্ধি হোৱাৰ খবৰ ভুৱা।” অসমৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰাৰ ভাইৰেল পোষ্ট ভুৱা। চৰকাৰী কৰ্মচাৰী, কৰ্মচাৰী গোটৰ বিষয়ববীয়া আৰু বিভাগীয় নথিৰ ভিত্তিত আমি লাভ কৰা তথ্য অনুসৰি চৰকাৰী চাকৰিয়ালৰ অৱসৰৰ বয়স বৃদ্ধিৰ কোনো সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰা নাই। এই ভাইৰেল পোষ্ট ভুৱা। Our Sources: 1. Department of Finance, Government of Assam 2. Video published by GOVT EMPLOYEES NEWS & INFORMATION 3. All India Radio News, Guwahati, X Profile 4. Press Information Bureau যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software