About: http://data.cimple.eu/claim-review/36da042e2562798f7770172905be009c5384e4143ba441f5894dcbfd     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: ফুটবলাৰ লিঅনেল মেচিক দ’হাত আটক কৰাৰ সংবাদ ভুৱা ফিফা বিশ্বকাপ চলি থকা অৱস্থাত দ’হাত লিঅনাল মেচি আটক হোৱাৰ এই ঘটনা ভুৱা। 2012 ৰ ছবিখন ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। - By: Umam Noor - Published: Nov 30, 2022 at 08:53 PM - Updated: Jul 13, 2023 at 12:23 PM নতুন দিল্লি (বিশ্বাস নিউজ). সামাজিক মাধ্যমত আৰ্জেণ্টিনাৰ ফুটবল খেলৈ লিঅনেল মেচিৰ এখন ছবি ভাইৰাল হৈ আছে, য’ত, তেঁওৰ চাৰিওকাষত পুলিচকৰ্মীক দেখা পোৱা গৈছে। এতিয়া এই ছবিখনক বিয়পাই দি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, দ’হা পুলিচে যৌন উৎপীড়নৰ ঘটনাত লিঅনেল মেচিক আটক কৰিছে। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, পুলিচে মেচিক আটক কৰা নাই, এয়া এখন ভুৱা সংবাদ।ভাইৰাল হোৱা ছবিখন ২০১২ ৰ, যেতিয়া মেচি চৌদি আৰব গৈছিলে। সেইসময়ত ভীড়ৰ পৰা তেঁওৰ সুৰক্ষাৰ বাবে এটা সুৰক্ষা বেষ্টণী প্ৰস্তুত কৰা হৈছিল, যি সাধাৰণতে চেলিব্ৰেটি( বিশেষ ব্যক্তি)সকলৰ ক্ষেত্ৰত দেখা পোৱা যায়। এতিয়া এই পুৰণী ছবিখনক ভুল ভাবে দেখুৱাই ভাইৰাল কৰা হৈ আছে। কি আছে ভাইৰাল পোষ্টটোত ? ফেচবুক ব্যৱহাৰকাৰীয়ে ফেচবুক পোষ্টটোক শ্বেয়াৰ কৰি লিখিছে, ‘BREAKING : The Police of Qatar has arrested Argentinian footballer Leo Messi in Doha due to sexual harassment.” (ব্ৰেকিং : কাতাৰৰ পুলিচে আৰ্জেণ্টিনাৰ ফুটবলাৰ লিঅ’ মেচিক যৌন উৎপীড়নৰ ঘটনাত দ’হাত আটক কৰিছে) পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত পুনপ্ৰথমতে আমি কিৱাৰ্ডৰ সহায়ত সংবাদখন বিছাৰিলো, সকলো তদন্তৰ পিছতও আমি অলপতে ঘটা এনে কোনো ঘটনাৰ সংবাদ নাপালো। যদিহে সম্প্ৰতি এনে কোনো ঘটনা ঘটিলহেঁতেন, এই সংবাদ, আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদৰ তালিকাত থাকিলেহেঁতেন। এই কথা জনাই দিঁও যে কাতাৰত বৰ্তমান ফিফা বিশ্বকাপ 2022 চলি আছে, য’ত লিঅনেল মেচিও নিজৰ দলৰ হৈ খেলিবলৈ উপস্থিত হৈছেহি। তেঁওৰ ষ্ক’ৰ আৰু খেলৰ লগত জড়িত সকলো আপডেট আমি সংবাদ বিছাৰোঁতে পালো, কিন্তু কোনো প্ৰমানিত নিউজ চেনেল নাইবা ওৱেবচাইটত, দ’হাত মেচিৰ আটক হোৱাৰ সংবাদ নাই। ভাইৰাল হোৱা ছবিৰ সত্যতা জানিবলৈ আমি গুগ’ল লেঞ্চৰ সহায়ত ভাইৰাল ছবিখন শ্বেয়াৰ কৰিলো। ছাৰ্চত এই ছবিখন 13 নভেম্বৰ 2012 ত প্ৰকাশিত স্পৰ্টচ ডট ইয়াহু-ৰ ওৱেবচাইটত পোৱা গ’ল। ইয়াত থকা তথ্য অনুসৰি, ‘আৰ্জেণ্টিনাৰ ফুটবলাৰ লিঅনেল মেচিৰ চৌদি আৰবৰ বিমানবন্দৰত আগমনৰ ছবি, য’ত তেঁও নিৰাপত্তা বেষ্টণীত আবদ্ধ হৈ আছে।” 13 নভেম্বৰ 2021 ৰ ডেলী মেল ওৱেবচাইটতও ভাইৰাল ছবিৰ দৰে ছবি দেখা পোৱা গ’ল। ইয়াতও মেচিক চৌদি বিমানবন্দৰত নিৰাপত্তা ৰক্ষীৰ মাজত আবদ্ধ বুলি কোৱা হৈছে। ছাৰ্চত আমি মেট্ৰ’ ডট ইউকে-ৰ ওৱেবচাইটত 13 নভেম্বৰ 2021 ত প্ৰকাশিত এই ছবিৰ লগত মিল থকা আৰু এখন ছবি, সংবাদৰ সৈতে পালো। সংবাদত দিয়া তথ্য অনুসৰি, যেতিয়া বাৰ্চিল’না তাৰকা মেচি নিজৰ দেশৰ হৈ খেলিবলৈ চৌদি আৰবত উপস্থিত হ’ল বিমানবন্দৰত এক উৎসাহ উন্মাদনাৰ দৃশ্য দেখা পোৱা গ’ল। আৰু ইয়াৰ মাজত বিমানবন্দৰৰ পৰা ওলাই আহি থকা অৱস্থাত এজন সৈনিকৰ বন্দুক ভুলতে তেঁওৰ মুখত লাগি গ’ল, যাৰ পিছত তেঁওৰ প্ৰতিক্ৰিয়া আশ্চৰ্যজনক আছিল। ইয়াত আমি ছবি ঋণত লেখকৰ নাম পালো। লেখকহঁতৰ ফোটো গেলাৰীত ছাৰ্চ কৰিও একে ছবি দেখা পোৱা গ’ল। ইয়াত এই ছবিৰ লগত থকা তথ্য মতে, ‘আৰ্জেণ্টিনাৰ লিঅনাল মেচি 12 নভেম্বৰ 2012 ত নিজৰ দলৰ লগত ৰিয়াদত উপস্থিত হৈ নিজৰ নিৰাপত্তা ৰক্ষীসকলৰ লগত। আৰ্জেণ্টিনায় বুধবাৰ চৌদি আৰবৰ বিপৰীতে এক বান্ধবসুলভ খেল খেলিব। ভাইৰাল ভিডিঅ’ সন্দৰ্ভত থকা সংবাদৰ নিশ্চিতিকৰণৰ বাবে আমি আমাৰ সহযোগী দৈনিক জাগৰণত খেলৰ সংবাদ প্ৰস্তুত কৰা সংবাদদাতা অভিষেক ত্ৰিপাঠীৰ লগত যোগাযোগ কৰিলো আৰু তেঁও আমাক জঁনালে যে, লিঅনেল মেচিৰ দ’হাত আটক হোৱাৰ সংবাদ সত্য নহয়। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ ছ’ছিয়েল ষ্কেণিঙত আমি গ’ম পালো যে এই পেজটোক 2,350 মানুহে অনুসৰণ কৰে। নিষ্কৰ্ষঃ ফিফা বিশ্বকাপ চলি থকা অৱস্থাত দ’হাত লিঅনাল মেচি আটক হোৱাৰ এই ঘটনা ভুৱা। 2012 ৰ ছবিখন ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে। - Claim Review : কাতাৰৰ পুলিচে আৰ্জেণ্টিনাৰ ফুটবলাৰ লিঅ’ মেচিক দ’হাত আটক কৰিছে - Claimed By : Yellow Yard - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software