schema:text
| - Fact Check: চেম্পিয়ন্স ট্ৰফিত পৰাজয়ৰ পাছত পাকিস্তান দলৰ মনোবল বৃদ্ধি কৰি থকা মহম্মদ ৰিজৱানৰ এই ভিডিঅ’ 2024-ৰ হয়
দিল্লীত শেহতীয়াকৈ হৈ যোৱা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, সেইটোক এই বুলি ভুৱা দাবী কৰি শ্বেয়াৰ কৰা হৈছিল যে এয়া কংগ্ৰেছৰ পৰাজয়ক লৈ উদযাপন চলি আছে।
By: Umam Noor
-
Published: Feb 28, 2025 at 05:25 PM
-
Updated: Feb 28, 2025 at 05:50 PM
-
নতুন দিল্লী (বিশ্বাস নিউজ)। দিল্লীত শেহতীয়াকৈ হৈ যোৱা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছত কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, সেইটোক এই বুলি ভুৱা দাবী কৰি শ্বেয়াৰ কৰা হৈছিল যে এয়া কংগ্ৰেছৰ পৰাজয়ক লৈ উদযাপন চলি আছে। এতিয়া এই সন্দৰ্ভত চেম্পিয়ন্স ট্ৰফি 2025-ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয় সাব্যস্ত কৰাৰ পাছত পাকিস্তান দলৰ অধিনায়ক মহম্মদ ৰিজৱানৰ ভিডিঅ’ ভাইৰেল হৈ আছে।
ভাইৰেল ভিডিঅ’ত দেখা পোৱা গৈ আছে যে, তেওঁ নিজৰ দলক অনুপ্ৰাণিত কৰি আছে আৰু তেওঁৰ কথাত টিমৰ সকলে হাত চাপৰি দি আছে। ইউজাৰে দাবী কৰি আছে যে, ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত মহম্মদ ৰিজৱান নিজৰ টিমৰ সতীৰ্থসকলক হাত চাপৰি দিবলৈ কৈ বুজাই আছে যে তেওঁলোকেই চেম্পিয়ন হৈছে।
বিশ্বাস নিউজে নিজে অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে, ভাইৰেল হৈ থকা এই ভিডিঅ’টো 2024-ত হোৱা পাকিস্তান ছুপাৰ লীগ চলি থকা সময়ৰ হয়। ভিডিঅ’টো সেই সময়ৰ হয়, যেতিয়া মহম্মদ ৰিজৱানৰ দল ’মুল্তান ছুলতান্স’ পৰাস্ত হৈছিল ইছলামাবাদ ইউনাইটেড-ৰ হাতত। তাৰ পাছত হে হোৱা ঘটনাৰ ভিডিঅ’ক চেম্পিয়ন্স ট্ৰফিৰ বুলি কৈ ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে।
ভাইৰেল প’ষ্টত কি আছে?
ফেচবুক ইউজাৰ ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, ”সুপ্ৰিয়া শ্ৰীনেত জীৰ ভিডিঅ’ পাকিস্তানতো গৈ পাইছে। বহুত গভীৰ প্ৰভাৱ পেলাইছে।”
প’ষ্ট-ৰ আৰ্কাইভ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।
অনুসন্ধান
আমি নিজৰ অনুসন্ধান আৰম্ভ কৰিয়ে সদৌ প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ভিডিঅ’ৰ কী-ফ্ৰেম ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি এই ভিডিঅ’ৰ লগত যুক্ত বাতৰি স্প’ৰ্টছ গাগা নামৰ এটা ৱেবছাইটত দেখা পাইছোঁ। 23 মাৰ্চ 2024-ত প্ৰকাশ পোৱা বাতৰি অনুসৰি, পাকিস্তান ছুপাৰ লীগ (PSL) 2024-ৰ ফাইনেলত তীব্ৰ প্ৰতিযোগিতাৰ পাছত ইছলামাবাদ ইউনাইটেডৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল। অৱশ্যে, মহম্মদ ৰিজৱান নিজৰ দলৰ সতীৰ্থসকলক উদগনি দিছিলে।
নিউজ ছাৰ্চ কৰি থাকোঁতে আমি এই ভিডিঅ’ৰ লগত সম্পৰ্ক থকা বাতৰি এটা দেখা পালোঁ। যিটো লেটস্টলী-ৰ ৱেবছাইটতো 23 মাৰ্চ 2024-ত ওলাইছিল। বাতৰি-ত কোৱা হৈছে যে এই ভিডিঅ’টো পাকিস্তান ছুপাৰ লীগত পৰাস্ত হোৱাৰ পাছৰ হয়।
এই ভিডিঅ’টোক ’মুল্তান ছুলতান’ দলৰ ভেৰিফাইড এক্স হেণ্ডত 21 মাৰ্চ 2024-ত শ্বেয়াৰ কৰৈ হৈছিল।
ভাইৰেল ভিডিঅ’-ৰ ঘটনা সম্বন্ধে নিশ্চিত হোৱাৰ কাৰণে আমি নিজৰ সতীৰ্থ দৈনিক জাগৰণত খেলৰ বাতৰি কৰা ছিনিয়ৰ কৰছপণ্ডেণ্ট অভিষেক ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ লগত ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক নিশ্চিত কৰি জনাইছে যে, এয়া পুৰণি ভিডিঅ’ হয়।
ইয়াৰ পাছত সেই জন ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰি চালোঁ যিজনে ভুৱা প’ষ্টটো শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, এই ইউজাৰৰ প্ৰফাইলৰপৰা বিশেষ ভাৱাগৰ্শৰ দ্বাৰা অনুপ্ৰাণিত প’ষ্ট শ্বেয়াৰ কৰা হৈ থাকে। আনহাতে, প্ৰফাইলত দিয়া তথ্য অনুসৰি, তেওঁ মধ্য প্ৰদেশৰ ভিণ্ডৰ নিবাসী হয়।
সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ভিডিঅ’টো 2024-ৰ মাৰ্চত পাকিস্তান ছুপাৰ লীগ চলি থকাৰ সময়ৰ হয়। ভিডিঅ’টো সেই সময়ৰ হয়, যেতিয়া মহম্মদ ৰিজৱানৰ দল ’মুল্তান ছুলতান’ এখন খেলত ইছলামাবাদ ইউনাইটেডৰ হাতত পৰাস্ত হৈছিল। তাৰ পাছত হোৱা ঘটনাৰ ভিডিঅ’ক চেম্পিয়ন্স ট্ৰফি 2025-ৰ বুলি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে।
Claim Review : ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত মহম্মদ ৰিজৱান নিজৰ দলৰ সতীৰ্থসকলক হাত চাপৰি মাৰিবলৈ কৈ বুজাই আছে তেওঁলোকেই চেম্পিয়ন হৈছে।
-
Claimed By : ফেচবুক ইউজাৰ- ঠাকুৰ ৰাঘবেন্দ্ৰ সিঙ ৰাজাৱত
-
Fact Check : Misleading
-
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
|