About: http://data.cimple.eu/claim-review/480a44c922f082e01062729a68748bc24a5054980634d98859b33d17     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Fact Check Claim কংগ্ৰেছ দলে এক ইছলামিক চিহ্নৰ ওপৰত ভিত্তি কৰি নিজৰ নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰস্তুত কৰিছিল। Fact নহয়, কংগ্ৰেছ দলক বৰ্তমানৰ নিৰ্বাচনী প্ৰতীক হাতৰ চিহ্ন প্ৰদান কৰিছিল নিৰ্বাচন আয়োগে , ইয়াৰ সৈতে ইছলামিক প্ৰতীক বা আইকন’গ্ৰাফীৰ সৈতে কোনো সম্পৰ্ক নাই। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ বিভিন্ন ব্যৱহাৰকাৰীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত কংগ্ৰেছৰ ভোটগ্ৰহণৰ চিহ্নৰ লগতে সোণেৰে নিৰ্মিত আৰু আৰবী কেলিগ্ৰাফীৰে সজ্জিত হাতৰ সজ্জাগত মডেলৰ ছবি দেখুওৱা হৈছে। এই পোষ্টটোৰ সৈতে ছ’চিয়েল মিডিয়া ইউজাৰসকলে দাবী কৰিছে যে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকটো ইছলামিক ধৰ্মীয় বিশ্বাস তথা উল্লেখিত স্বৰ্ণনিৰ্মিত হাতৰ পৰা অনুপ্ৰাণিত। এনেদৰে ভাইৰেল হৈ পৰা ভালেমান পোষ্টৰ কেপচনত লিখা হৈছে, “গদ্দাৰ কংগ্ৰেছে ইছলামৰ এই প্ৰতীকটোক নিজৰ নিৰ্বাচনী প্ৰতীক হিচাপে গঢ়ি তুলিলে। আজিও ৯৯% হিন্দু এই বিষয়ে অৱগত নহয়, আনহাতে ৯৯% মুছলমানেই এই কথা আৰম্ভণিৰে পৰাই জানে। কিন্তু সেইটো কোনেও নকয়, কাৰণ সেই কথা জানিলে হিন্দুসকলে হয়তো কংগ্ৰেছক ভোট দিয়া বন্ধ কৰিব।” এই পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব। | আৰ্কাইভ কৰা পোষ্ট একেধৰণৰ এক্স পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। ফেচবুকতো বিভিন্ন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। সেইবোৰ ক্ৰমে ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব। ভাইৰেল দাবীৰ আঁৰৰ সত্যটো বিচাৰি উলিয়াবলৈ আমি গুগলত “election symbol” আৰু “history of Congress symbol”শব্দৰে কী-ৱৰ্ড চাৰ্চ কৰিলোঁ। ইয়াতেই আমি ভাৰতীয় নিৰ্বাচন আয়োগে ২০১৭ চনত প্ৰদান কৰা এটা আদেশ লাভ কৰো। ইয়াৰ শিৰোনাম হৈছে THE ELECTION SYMBOLS (RESERVATION AND ALLOTMENT) ORDER, 1968. এই আদেশটোৰ ৮ আৰু ১০ নং পৃষ্ঠাত উল্লেখ কৰা হৈছে যে ৰাজনৈতিক দলসমূহে প্ৰস্তাৱ কৰা প্ৰতীকসমূহ বৰ্তমানৰ সংৰক্ষিত চিহ্ন বা মুক্ত প্ৰতীকৰ সৈতে কোনো সাদৃশ্য নাথাকিব, বা কোনো ধৰ্মীয় বা সাম্প্ৰদায়িক অৰ্থ বা কোনো চৰাই বা প্ৰাণীৰ চিত্ৰণ নাথাকিব। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীকৰ কোনো ধৰ্মীয় অৰ্থ নাই। আমি এই পৰীক্ষণকালতে News18 এ প্ৰকাশ কৰা Indian political party election symbols from 1951: When Congress had bullocks and the hand was Forward Bloc শীৰ্ষক এক প্ৰতিবেদন লাভ কৰো। ইয়াত উল্লখ আছে যে ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছক ‘দুটা ষাড়’ গৰু একেলগে খোজ কঢ়াৰ প্ৰতীক আবণ্টন দিয়া হৈছিল। আমাৰ এই পৰীক্ষণকালতে ২০১৯ চনৰ ৫ এপ্ৰিলত প্ৰকাশিত ‘The Times of India ৰ আন এক প্ৰতিবেদনো পাইছিলোঁ, য’ত উল্লেখ আছে যে ১৯৫২ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত কংগ্ৰেছ দলৰ বাবে প্ৰতীক আছিল দুটা ষাড়গৰু একেলগে জোৰা লগোৱা। কিন্তু কংগ্ৰেছৰ সভাপতি এছ নিজালিংগাপ্পাই ইন্দিৰা গান্ধীক INC (R) দলৰ পৰা বহিষ্কাৰ কৰাৰ পিছত ইন্দিৰা গান্ধীয়ে নিজাকৈ এটা ফৈদ আৰম্ভ কৰিলে, তেতিয়া এই প্ৰতীকটো সলনি হৈ এটা গৰুৱে এটা পোৱালীক স্তনপান কৰাই থকা চিত্ৰলৈ পৰিণত হয়। ইফালে, মাত্ৰ কেইজনমান সাংসদ সদস্যৰে সীমিত সমৰ্থন থকা “পুৰণি কংগ্ৰেছে” যোৰ থকা দুটা ম’হৰ প্ৰতীককে ধৰি ৰাখিছিল। ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ (আৰ) ফৈদৰ পৰা বিচ্ছিন্ন হৈ নতুন কংগ্ৰেছ (I) গঠন কৰাৰ পিছত ইন্দিৰা গান্ধীয়ে প্ৰথমে দলটোৰ বৰ্তমানৰ প্ৰতীক হাত ব্যৱহাৰ কৰিছিল। আমি The Wall Street Journal ৰ আন এটা প্ৰতিবেদনো পাইছিলোঁ, য’ত একেখিনি তথ্য উল্লেখ কৰা হৈছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ১৯৫১ চনত অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকে (ৰুইকাৰ গ্ৰুপ) হাতৰ প্ৰতীক গ্ৰহণ কৰে, পিছলৈ ১৯৬২ চনত আকালি দলে ইয়াক পৰিশোধন কৰে। প্ৰথম অৱস্থাত স্পষ্ট, আঙুলিবোৰ পৃথক হৈ থকা আৰু দীঘলীয়া জীৱনৰেখা থকাৰ পৰা ইয়াৰ বৰ্তমানৰ ৰূপলৈ বিকশিত হৈছে। সত্তৰৰ দশকৰ শেষৰ ফালেহে ই কংগ্ৰেছৰ প্ৰতীক হৈ পৰিল। ১৯৮০ চনৰ নিৰ্বাচনৰ পূৰ্বে দলৰ বিষয়াসকলৰ পৰামৰ্শত ইন্দিৰা গান্ধীয়ে হাত আৰু হাতীৰ মাজৰ পৰা এটা বাছি লৈছিল— দুয়োটাই সেই সময়ত আছিল “মুক্ত প্ৰতীক”। প্ৰতীকবোৰৰ পৰ্যবেক্ষণ কৰি তেতিয়া নিৰ্বাচন আয়োগে কংগ্ৰেছৰ পূৰ্বৰ প্ৰতীক (গৰু আৰু পোৱালি)টোক অক্ষত অৱস্থাত ৰাখিছিল। কিন্তু, শ্ৰীমতী গান্ধীয়ে হাতৰ প্ৰতীকটোকেই বাছি লৈছিল। এই কথা সাংবাদিক ৰছিদ কিদৱাইয়ে “২৪ আকবৰ ৰোড”ত বৰ্ণনা কৰিছে। NDTV আৰু The Times of India ইও একেধৰণৰ তথ্যই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলৰ হাতৰ প্ৰতীকৰ উৎপত্তি ইছলামিক আইকনগ্ৰাফীত আছে বুলি কৰা দাবী মিছা। Our Sources: 1. Report published by News18, dated 04 April, 2014 2. Order by the Election Commission of India 3. Report published by The Times of Inda, dated 05 April, 2019 4. Report published by The Wall Street Journal, dated 28 March, 2012 5. Report published by NDTV, dated 22 December, 2010 যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software