About: http://data.cimple.eu/claim-review/4a6d56da2369de0ac760f2672cee8c49bf896fdbbc86d3a8024c9ba1     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • তথ্য পৰীক্ষা: কৰ্কট ৰোগত প্ৰাণ হেৰুওৱা ক্ৰিকেটাৰ ডেভিদ মিলাৰৰ অনুৰাগীৰ ফটো, ভুৱা দাবীৰ সৈতে ভাইৰেল বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিলে যে এই দাবী মিছা। এইটো সঁচা যে ছবিখনত থকা ছোৱালীজনী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে, কিন্তু ছোৱালীজনী ডেভিদ মিলাৰৰ ছোৱালী আছিল বুলি কোৱাটো ভুল হৈছে। ছবিখনত থকা ছোৱালীজনী ডেভিদ মিলাৰৰ অনুৰাগীহে আছিল, তেওঁৰ কন্যা নহয়। - By: Pallavi Mishra - Published: Oct 11, 2022 at 06:52 PM - Updated: Jul 13, 2023 at 12:23 PM নতুন দিল্লী বিশ্বাস নিউজ। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এখন ছবি ভাইৰেল হৈ আছে য’ত দক্ষিণ আফ্ৰিকাৰ বেটছমেন ডেভিদ মিলাৰৰ সৈতে এজনী সৰু ছোৱালী দেখা যায়। পোষ্টটোত দাবী কৰা হৈছে যে এই ছোৱালীজনী ডেভিদ মিলাৰৰ জীয়ৰী আছিল যি কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিছিল যে এই দাবীটো মিছা। এইটো সঁচা যে ছবিখনত থকা ছোৱালীজনী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে, কিন্তু ছোৱালীজনী ডেভিদ মিলাৰৰ ছোৱালী আছিল বুলি কোৱাটো ভুল হৈছে। ছবিখনত থকা ছোৱালীজনী ডেভিদ মিলাৰৰ অনুৰাগীহে আছিল, তেওঁৰ কন্যা নহয়। এই ফটো ,খন শ্বেয়াৰ কৰি বহুলোকে দাবী কৰিছে যে “হৃদয়বিদাৰক খবৰটো হৈছে যে ডেভিদ মিলাৰৰ ছোৱালীৰ কৰ্কট ৰোগত মৃত্যু হৈছে। আৰআইপি ৰাজকুমাৰী।” পোষ্ট টোৰ আৰ্কাইভ লিংক ইয়াত চাওক। অনুসন্ধান এই পোষ্টটো অনুসন্ধান কৰিবলৈ, আমি কীৱৰ্ড অনুসন্ধানৰ আশ্ৰয় লৈছিলো। আমি এই ছোৱালীজনীৰ বিষয়ে বহুতো বাতৰি পাইছিলো। ৮ অক্টোবৰত Jagran.com ত প্ৰকাশিত বাতৰি প্ৰতিবেদন অনুসৰি, “অনুবাদ কৰা হৈছে: ডেভিদ মিলাৰৰ কনমানি অনুৰাগীৰ মৃত্যুহৈছে। তেওঁ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা জনায়। তেওঁ তেওঁৰ অফিচিয়েল ইনষ্টা একাউণ্টত তেওঁৰ অনুৰাগীৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। শ্বেয়াৰ কৰাৰ সময়ত তেওঁ লিখিছিল ‘মোৰ মৰমৰ ৰকষ্টাৰক ৰিপ কৰক, তোমাক সদায় ভাল পাওঁ।’ ডেভিদ মিলাৰেও তেওঁৰ Instagram ত এই ক্ষতিৰ বিষয়ে পোষ্ট কৰিছিল। আমি এই বিষয়ে বহুতো বাতৰি পাইছিলো। বাতৰি অনুসৰি, এই ছোৱালীজনী ডেভিদ মিলাৰৰ বৃহৎ অনুৰাগী আছিল আৰু তাইৰ নাম আছিল ‘এনী’। আমি ক্ৰীড়া সাংবাদিক চয়ীদ হুছেইনৰ সৈতে এই বিষয়ে কথা পাতিছিলো। তেওঁ কৈছিল “এই ছোৱালীজনী মিলাৰৰ কন্যা নহয় কিন্তু তেওঁৰ অনুৰাগী আছিল।” ক্ৰীড়া সাংবাদিক বিপ্লৱ কুমাৰেও নিশ্চিত কৰিছিল যে “ছোৱালীজনী অনুৰাগী আছিল, মিলাৰৰ কন্যা নহয়। দৈনিক জাগৰণৰ ক্ৰীড়া সাংবাদিক অভিষেক ত্ৰিপাঠীয়েও নিশ্চিত কৰিছিল যে ছোৱালীজনী ডেভিদ মিলাৰৰ কন্যা নহয়, কিন্তু তেওঁৰ কনমানি অনুৰাগী। বহুলোকে এই পোষ্টটো শ্বেয়াৰ কৰি আছে। ইয়াৰে ভিতৰত এজন হৈছে যশ শ্ৰীকান্ত নামৰ ব্যৱহাৰকাৰীজন। ব্যৱহাৰকাৰীজনৰ ফেচবুকত 2,426 জন অনুসৰণকাৰী আছে। নিষ্কৰ্ষঃ বিশ্বাস নিউজে ইয়াৰ অনুসন্ধানত জানিব পাৰিলে যে এই দাবী মিছা। এইটো সঁচা যে ছবিখনত থকা ছোৱালীজনী কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে, কিন্তু ছোৱালীজনী ডেভিদ মিলাৰৰ ছোৱালী আছিল বুলি কোৱাটো ভুল হৈছে। ছবিখনত থকা ছোৱালীজনী ডেভিদ মিলাৰৰ অনুৰাগীহে আছিল, তেওঁৰ কন্যা নহয়। - Claim Review : David Miller's daughter has died of cancer - Claimed By : Facebok user Voice of Narvaw - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software