About: http://data.cimple.eu/claim-review/527e2c4b3b0da89b6d1b18541f7d3e1376eb513a20e632ead41d8a54     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Fact Check Claim: চন্দ্ৰযান-৩ ৰ সাফল্যৰ পিছত আনন্দ উল্লাস ISRO ৰ বৈজ্ঞানিকসকলৰ। Fact: ইছৰোৰ সাফল্যত উৎফুল্লিত বৈজ্ঞানিকসকলৰ এই ফটো চন্দ্ৰযান-৩ মিছনৰ নহয়, বৰং ২০১৩ চনতে উৎক্ষেপন কৰা ‘মাৰ্চ আৰ্বিটাৰ স্পেচক্ৰাফ্ট’ৰ সাফল্যৰ ১০ বছৰ পুৰণি ফটো। ২৩ আগষ্টৰ সন্ধিয়া ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে সফলতাৰে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ অৱতৰণ কৰোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ইয়াক লৈ ব্যাপক সৰৱ চৰ্চা আৰম্ভ হৈছে। পিছে ইয়াৰ সমান্তৰালকৈ বিভিন্ন দাবীৰে ইণ্টাৰনেটত ভাইৰেল হৈছে বহু ফটো, ভিডিঅ’ ইত্যাদি। এনে পৰিপ্ৰেক্ষিতত ইছৰোৰ এখন বহু পুৰণি ফটো চন্দ্ৰযান ৩ ৰ সৈতে জড়িত কৰি পোষ্ট কৰা হৈছে। পোষ্টটোত এখন ফটো সংলগ্ন কৰা হৈছে। লগতে দাবী কৰা হৈছে যে এই ফটোখন চন্দ্ৰযান -৩ অভিযানৰ মহিলা বিজ্ঞানীসকলৰ। ফটোখনত কেইগৰাকীমান পুৰুষ-মহিলাই আনন্দ উল্লাস কৰা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি ফে’চবুক প্ৰ’ফাইলটোত লিখা হৈছে, “পিন্ধনত শাড়ী, কপালত সেন্দুৰৰ ফোঁট, ডিঙিত মংগলসূত্র, হাতত খাৰু পিন্ধা, এওঁলোক একো নজনা ভাৰতীয় পৰম্পৰা মানি চলা গাওঁৰ সহজ-সৰল মহিলা নহয়। এওঁলোক হৈছে ISRO ৰ বৈজ্ঞানিক, এওঁলোক বিশ্বত ভাৰতবাসীক গৌৰৱাম্বিত কৰি সফলতাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চন্দ্ৰযান-৩ মিছনৰ সদস্য।” আন আন ভাইৰেল ফে’চবুক পোষ্টবোৰ চাবৰ বাবে ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰক। Fact Check/Verification Newschecker এ অনুসন্ধান আৰম্ভ কৰি প্ৰথমে আমি Google Reverse Image Search ৰ জৰিয়তে পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ফটোখনৰ প্ৰকৃত সত্য বিচাৰিলোঁ। এই ফটোখনৰ সৈতে জড়িত ভালেমান নিউজ লিংক আৰু আৰু আমি কিছুমান লিংক পালোঁ। আমি এই ভাইৰেল ফটোখন ১২ এপ্ৰিল ২০১৮ তাৰিখে The Wire ৱেবছাইটত এটা নাৰী বিষয়ক বিশেষ লেখাত উল্লেখ কৰা দেখিবলৈ পাও। ফটোখনৰ লগত কেপশ্যন লিখা হৈছে – This photo taken at ISRO after the success of the Mars Orbiter Mission is one of the few times women scientists gained visibility in eyes of the common people. Photo: PTI/ Shailendra (মাৰ্চ অৰ্বিটাৰ স্পেচক্ৰাফ্টৰ সফলতাৰ পিছত ইছৰোত তোলা এই ফটোখন মহিলা বিজ্ঞানীসকলে সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰা ঘটনাবোৰৰ ভিতৰত অন্যতম। ফটো: পিটিআই/ শৈলেন্দ্ৰ) এই লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক। ইয়াৰ উপৰি ০৪ অক্টোবৰ ২০২২ তাৰিখে India Today ৱেবছাইটৰ এটা প্ৰতিবেদনতো এই ফটোখনৰ আন এটা পৃথক এংগল দেখা গৈছে। ইয়াতো কেপশ্যন লিখা হৈছে – Staff from the Indian Space Research Organisation (ISRO) celebrate after the Mars Orbiter Spacecraft (MoM) successfully entered the Mars orbit. (Photo: AFP) (মাৰ্চ অৰ্বিটাৰ স্পেচক্ৰাফ্ট (এমঅ’এম) সফলতাৰে মঙ্গলগ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) কৰ্মচাৰীসকলৰ উল্লাস। (ফটো: এএফপি)। সবিশেষ বাতৰিৰ বাবে ইয়াত ক্লিক কৰক। আনকি আমাৰ অনুসন্ধানত Indian Express ৱেবছাইটত ২৫ ছেপ্তেম্বৰ, ২০১৪ তাৰিখে প্ৰকাশ পোৱা এটা প্ৰতিবেদনতো এই ফটোখন স্পষ্টভাৱে উল্লেখ আছে। বাতৰিৰ সৈতে কেপশ্যন লিখা হৈছে – Indian Space Research Organization scientists and other officials cheer as they celebrate the success of Mars Orbiter Mission at their Telemetry, Tracking and Command Network complex in Bangalore. (Source: AP) (ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী আৰু অন্যান্য বিষয়াসকলে বাংগালোৰত তেওঁলোকৰ টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্ক কমপ্লেক্সত মাৰ্চ অৰ্বিটাৰ মিছনৰ সফলতা উদযাপন কৰি আনন্দোল্লাস কৰে। (উৎস: এপি) বাতৰিটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক। উল্লেখ্য যে মাৰ্চ অৰ্বিটাৰ মিছন, ওৰফে মংগলযান অভিযান, ২৪ ছেপ্টেম্বৰ ২০১৪ তাৰিখৰ পৰা মঙ্গলগ্ৰহক প্ৰদক্ষিণ কৰা এক মহাকাশ অভিযান আছিল। ইয়াক ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা উৎক্ষেপণ কৰা হৈছিল। এইটো আছিল ভাৰতৰ প্ৰথম আন্তঃগ্ৰহ অভিযান আৰু ইয়াৰ জৰিয়তে ৰছকছমছ, নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ পিছত ইছৰোই মঙ্গলগ্ৰহৰ কক্ষপথত উপনীত হোৱা চতুৰ্থ মহাকাশ সংস্থা হিচাপে সুনাম অৰ্জন কৰিবৈল সক্ষম হৈছিল। নিউজচেকাৰৰ অনুসন্ধানত ভাইৰেল পোষ্টটোত কৰা দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। পোষ্টটোৰ সৈতে শ্বেয়াৰ কৰা ফটোখন চন্দ্ৰযান-৩ সফলতাৰ সৈতে সংগতি নাই। এয়া ২০১৪ চনৰ মংগলযানৰ সাফল্যৰ সময়ৰ ফটো। Source: – Facebook profiles – Bikash Bharat, Pranashree Bora Dutta, Jheng Group & Gold Star Assam – News Websites – India Today, Indian Express, The Wire যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software