About: http://data.cimple.eu/claim-review/567be527192d0cccab17d38abf55d2b25b84b6766d772f79c02a3596     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: CAAৰ বিৰুদ্ধে বংগত হোৱা বিৰোধ প্ৰদৰ্শনৰ ফটোক বিহাৰৰ নিৰ্বাচনৰ বুলি কৈ দাবীৰে ভাইৰেল কৰি আছে পশ্চিম বংগত নাগৰিকতা সংশোধন কানুন (CAA) ৰ বিৰুদ্ধে হোৱা প্ৰদৰ্শন ৰ পুৰণি ফটোক বিহাৰৰ নিৰ্বাচনৰ সৈতে জড়িত কৰি ভাইৰেল কৰি থকা হৈছে। - By: Abhishek Parashar - Published: Nov 15, 2020 at 01:37 PM নতুন দিল্লী (বিশ্বাস নিউজ)। বিহাৰৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম খেপৰ মতদানৰ আগতে চোছেয়েল মিডিয়াত এনে কিছুমান ফটো আৰু ভিডিও দেখুৱা গৈছে, যিবোৰৰ বিহাৰৰ সৈতে কোনো লেনে-দেনা নাই। তেনে এক ভাইৰেল ফটোক লৈ দাবী কৰা হৈ আছে যে সেইখন বিহাৰৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ৰ ফটো। বিশ্বাস নিউজৰ অনুসন্ধানত পোৱা গ’ল যে এই দাবী মিছা। যিখন ফটো বিহাৰৰ নিৰ্বাচনৰ সৈতে জড়িত কৰিছে, প্ৰকৃততে সেইখন পশ্চিমবংগৰ নাগৰিকতা সংশোধন কানুন (চিএএ)ৰ সময়ত হোৱা বিৰোধ প্ৰদৰ্শনৰ। ভাইৰেল পোষ্টত আছে কি ? ফেচবুক পেজ ‘ASSAM FIRST’ এ ভাইৰেল ফটো ছেয়াৰ কৰি লিখিছে, “বিহাৰৰ ৰাইজে বুজিলে। এতিয়া প্ৰশ্ন অসমীয়াই কেতিয়া বুজিব ? ?” এই পোষ্টৰ আৰ্কাইব্ড লিংক। অনুসন্ধান ভাইৰেল হৈ থকা ফটো গুগুলত ৰিভাৰ্চ ইমেজত চাৰ্চ কৰাত,আমি এই ফটোখন প্ৰত্রকাৰ ময়ুখ ৰঞ্জন ঘোষৰ ভেৰিফাইড টুইটাৰ প্ৰোফাইলত পোৱা গ’ল। 11 জানুৱাৰী 2020 তাৰিখে ফটোখন ছেয়াৰ কৰি তেখেতে লিখিছে, ‘This is one of the busiest roads in Kolkata. #Esplanade. Lakhs and lakhs of people commute, jam packed traffic r seen. Just look at this place tonight. Roads turned into graffitis, no traffic, all roads blocked, students protesting overnight.This is #Kolkata #modiinkolkata.’ হিন্দিত পঢ়িব পাৰিব, এইখন কোলকাটাৰ ব্যস্ততম পথত পৰা এখন। এস্প্লানেড। লাখ লাখ মানুহৰ আহ যাহ,ইয়াৰ ভিৰ হোৱাটো সাধাৰণ কথা। এই ঠাইখন এপলক চাওঁকচোন। পথৰ ৰঙ্গীন দেৱালবোৰ সলনি হৈ গ’ল। কোনো ট্ৰেফিক নাই। সকলো পথ বন্ধ। ছাত্রসকলে পুৰা ৰাতিটো ইয়াত প্ৰদৰ্শন কৰি আছে। এইখন কোলকাটা।” অন্য এক চছিয়েল মিডিয়া ইউজাৰ, Madhurima”। মাধুৰিমাইও তেখেতৰ প্ৰোফাইলৰ চাৰিখন ফটো ছেয়াৰ কৰিছে, য’ত ভাইৰেল হৈ থকা ফটোখনো আছে। তেখেতেও ফটোবোৰ 11 জানুৱাৰী 2020 তাৰিখে ছেয়াৰ কৰি সেই ফটো কোলকাটাৰ এস্প্লানেডৰ বুলি জনাইছে। ফটোকেইখন মনোযোগেৰে চোৱাত এখন দিৱালত, metro Channel Control Post Hare Street Police Station” লিখা আমাৰ দৃষ্টিগোচৰ হয়। এই কি ৱৰ্ডৰ চাৰ্ছ কৰাত ‘ডা হিন্দু” ৰ ৱেৱচাইটত তিনি ফেব্ৰুৱাৰী 2019 তাৰিখে প্ৰকাশিত আৰ্টিকল পোৱা গ’ল,য’ত ব্যৱহাৰ কৰা ফটোত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জ্জীক প্ৰদৰ্শন কৰি থকা দেখা গ’ল। তেখেত য’ত বহি আছিল তাৰ পিচফালে সেই একেই দেৱাল যিখন ভাইৰেল হৈ থকা ফটোত দেখা পোৱা গৈছে। ফটোৰ কেপচনত লিখা আছে, ” কোলকাটাৰ পুলিচৰ প্ৰমুখ ৰাজীব কুমাৰৰ বিৰুদ্ধে CBI ৰ কাৰবাইৰ বিৰুদ্ধে ধৰ্ণাত বহিছে মমতা বেনাৰ্জী।” গেট্টী ইমেজতো এই ফটো মজুদ আছে আৰু তাৰ লগত দিয়া জাননীৰ মতে এই ফটে কোলকাটাৰ মেট্ৰো চেনেলৰ সমুখৰ হয়। গুগুল মেপতো এই লোকেচন (মেট্ৰো চেনেল পুলিচ ষ্টেচন, এস্প্লানেড) বংগৰ হোৱাটোৱেই সুচাইছে। ইয়াৰ দ্বাৰা প্ৰমানিত হয় যে ভাইৰেল হৈ থকা ফটো কোলকাটাৰ পুৰনি বিৰোধ প্ৰদৰ্শনৰ, যিখন বিহাৰৰ নিৰ্বাচনৰ সময়ত মোডী বিৰোধৰ ভুল দাবীৰ সৈতে ভাইৰেল কৰা গৈছে। বিশ্বাস নিউজে ময়ুখ ৰঞ্জন ঘোষৰ সৈতে যোগাযোগ কৰে। তেখেতে আমাক জনায় যে ‘ভাইৰেল হৈ থকা ফটো বেংগলত জানুৱাৰী মাহত হোৱা নাগৰিক সংশোধন কানুন (CAA) ৰ বিৰুদ্ধে হোৱা প্ৰদৰ্শনৰ। এইখন মেট্ৰো চেনেলৰ বাহিৰৰ ফটো, যি হাৰে স্ট্ৰীট ষ্টেচনৰ ক্ষেত্রাধিকাৰত পৰে। আমি মেট্ৰো চেনেল বুলিও কওঁ।” এই ফটোখন চছিয়েল মিডিয়াত বহুতে ভ্ৰান্তিকাৰক দাবীৰ সৈতে ছেয়াৰ কৰিছে আৰু তাৰে এজন Assam First নামৰ ফেচবুক পেজ। এই পেজখন অসমৰ লগত জড়িত বেছিকৈ ছেয়াৰ কৰে। নিষ্কৰ্ষঃ পশ্চিম বংগত নাগৰিকতা সংশোধন কানুন (CAA) ৰ বিৰুদ্ধে হোৱা প্ৰদৰ্শন ৰ পুৰণি ফটোক বিহাৰৰ নিৰ্বাচনৰ সৈতে জড়িত কৰি ভাইৰেল কৰি থকা হৈছে। - Claim Review : বিহাৰৰ ৰাইজে বুজিলে। এতিয়া প্ৰশ্ন অসমীয়াই কেতিয়া বুজিব ? ? - Claimed By : FB Page- ASSAM FIRST - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software