About: http://data.cimple.eu/claim-review/58a08db1807c705cb16a2546fe2bc3e084d3a796f00d6fc889626c4e     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check : ক্ৰিকেটাৰ বাবৰ আজমৰ ভিডিঅ’ক এডিট কৰি ভুল দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে বিশ্বাস নিউজৰ তদন্তত বাবৰ আজমৰ ভিডিঅ’ এডিট কৰা বুলি প্ৰমানিত হ’ল। প্ৰকৃত ভিডিঅ’খন পাকিস্কান চুপাৰ লিগ 2024-ৰ সময়ৰ হয়, যেতিয়া বাবৰ আজমক চাই অনুৰাগীসকলে ‘জিম্বাবৰ’ ধ্বনি দিছিল। এই ভিডিঅ’খনক এডিট কৰি এতিয়া মিথ্যা প্ৰচাৰ কৰা হৈ আছে। - By: Jyoti Kumari - Published: Apr 19, 2024 at 06:42 PM - Updated: Apr 19, 2024 at 06:58 PM নতুন দিল্লী (বিশ্বাস নিউজ)সামাজিক মাধ্যমত পাকিস্তানি ক্ৰিকেটাৰ বাবৰ আজমৰ এটা ভিডিঅ’ ভাইৰাল হৈ আছে। ইয়াত ‘জয় শ্ৰী ৰাম’ ধ্বনি শুনা গৈছে। এইটোক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, ক্ৰিকেটাৰ বাবৰ আজমৰ আগত ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়াৰ বাবে তেঁওৰ খং উঠি গ’ল। বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ সন্দৰ্ভত কৰা দাবি ভুল। ভিডিঅ’টোক এডিট কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈ আছে। প্ৰকৃত ভিডিঅ’ 2024 চনৰ হয়, যেতিয়া পাকিস্তান চুপাৰ লিগ চলি(PSL 2024) থকা সময়ত বাবৰ আজমক চাই ‘জিম্বাবৰ’ ধ্বনি দিয়া হৈছিল। সেই ভিডিঅ’টোক এডিট কৰি মিথ্যা প্ৰচাৰ কৰা হৈ আছে। কি ভাইৰাল হৈ আছে ফেচবুক ব্যৱহাৰকাৰী ‘Manvendra Sen Vlogs’-এ 15 এপ্ৰিল তাৰিখে ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰু লিখিছে, ”ভগৱান শ্ৰী ৰামৰ নাম লোৱাৰ বাবে বাবৰ আজমৰ খং উঠি গ’ল।” ইয়াক সঁচা ভাবি অন্যান্য ব্যৱহাৰকাৰীসকলেও ইয়াক ভাইৰাল কৰি আছে। এই পোষ্টখনৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাব পাৰিব। তদন্ত ভাইৰাল ভিডিঅ’ৰ সত্যতা জানিবলৈ আমি ভিডিঅ’ৰ স্ক্ৰীঁণশ্বটক গুগল ৰিভাৰ্ছ ইমেজত বিছাৰিলোঁ। লাইভ হিন্দুস্তানত ভিডিঅ’ সন্দৰ্ভত তথ্য পোৱা গ’ল। 2024 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশিত সংবাদত কোৱা হৈছে যে, পাকিস্তানি চুপাৰ লিগ (PSL 2024)-ত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম পেশাৱৰ জল্মী-ৰ অধিনায়কৰ ভূমিকা পালন কৰি আছিল। খেল চলি থকা সময়ত দৰ্শকসকলে বাবৰ-ক ‘জিম্বাবৰ’ ধ্বনি দি জুকাই আছিল। বাবৰ-এ ষ্টেডিয়ামত উপস্থিত দৰ্শকসকলক পানীৰ বোতল দলিয়াই মাৰাৰ ভাবুকি দিছিল।” সংবাদত, ভাইৰাল ভিডিঅ’ত কৰা দাবিৰ দৰে একো তথ্য নাছিল। ‘আজতক ভাৰত’ নামৰ ইউটিউব চেনেলতও ভিডিঅ’ৰ লগত যুক্ত তথ্য পোৱা গ’ল। 2024 চনৰ 25 ফেব্ৰুৱাৰীত আপল’ড কৰা ভিডিঅ’ৰ লগত থকা তথ্য মতে, ভিডিঅ’টো পাকিস্তান চুপাৰ লিগৰ হয়। এই লিগত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম পেশাৱৰ জল্মী-ৰ অধিনায়কৰ ভূমিকা পালন কৰি আছিল। টুৰ্নামেন্টত পেশাৱৰ জল্মী আৰু মুলতান চুলতানৰ মাজত হৈ থকা খেলৰ মাজত অনুৰাগীসকলে বাবৰ আজমক চাই ‘জিম্বাবৰ’ ধ্বনি দিয়া আৰম্ভ কৰিলে, যাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ গ’ল আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম খঙত বলিয়া হৈ গ’ল।” ভাইৰাল ভিডিঅ’ৰ লগত যুক্ত অন্যান্য সংবাদ ইয়াত পঢ়িব পাৰিব। তদন্ত চলি থাকোতে বহুত সংবাদদাতাৰ পৰা গম পোৱা গ’ল যে, বিগত 2-3 বছৰৰ পৰা বাবৰ আজমৰ ফৰ্ম বেয়া চলি আছিল। এই সময়চোৱাত অনুৰাগীসকলৰ ধাৰণা হৈছে যে বাবৰক এই বেয়া ফৰ্মৰ পৰা উভতাই আনিবলৈ জিম্বাবৱে-ৰ বিৰুদ্ধে চিৰিজ খেলাৰ প্ৰয়োজন আছে। এয়া উল্লেখযোগ্য যে বাবৰ আজমে জিম্বাবৱেৰ বিৰুদ্ধে 18 খন মেচ খেলিছে। এই সময়ত তেঁও 57.75 গড়ত 693 ৰান বনাইছে। এই বাবে অনুৰাগীসকলে ‘জিম্বাবৰ’ ধ্বনি দিছিল।” ভিডিঅ’ সন্দৰ্ভত আমি পাকিস্তানি সংবাদদাতা আদিল আলীৰ লগত যোগাযোগ কৰিলো। তেঁওৰ লগত ভিডিঅ’ শ্বেয়াৰ কৰিলোঁ। তেঁও ভাইৰাল দাবি ভুল বুলি জঁনালে। তেঁও আমাক জঁনালে যে প্ৰকৃত ভিডিঅ’খনক এডিট কৰি ভাইৰাল কৰা হৈ আছে। তদন্তৰ শেষত ভুল পোষ্ট কৰা ব্যৱহাৰকাৰীৰ তদন্ত কৰা হ’ল। গ’ম পোৱা গ’ল যে, ব্যৱহাৰকাৰীজনক পাঁচ হাজাৰ মানুহে অনুসৰণ কৰে। নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত বাবৰ আজমৰ ভিডিঅ’ এডিট কৰা বুলি প্ৰমানিত হ’ল। প্ৰকৃত ভিডিঅ’খন পাকিস্কান চুপাৰ লিগ 2024-ৰ সময়ৰ হয়, যেতিয়া বাবৰ আজমক চাই অনুৰাগীসকলে ‘জিম্বাবৰ’ ধ্বনি দিছিল। এই ভিডিঅ’খনক এডিট কৰি এতিয়া মিথ্যা প্ৰচাৰ কৰা হৈ আছে। - Claim Review : ভগৱান শ্ৰী ৰামৰ নাম লোৱাৰ বাবে বাবৰ আজমৰ খং উঠিল - Claimed By : ফেচবুক ব্যৱহাৰকাৰী - Manvendra Sen Vlogs - Fact Check : Misleading Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software