About: http://data.cimple.eu/claim-review/5d078185749a5655ecae8c1c379211a354cf0c10332c2a8f5480f57c     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: পৃথিৱীৰ এডিট কৰা ভিডিঅ’ চন্দ্ৰযান-3 ৰ মিচনৰ নামত ভাইৰাল হৈ আছে - By: Sharad Prakash Asthana - Published: Sep 18, 2023 at 05:51 PM নিউ দিল্লী (বিশ্বাস নিউজ) আইএচআৰঅ-ৰ বোৰ্ডত লেন্ডাৰ বিক্ৰম চন্দ্ৰযান-3 মহাকাশযান 23 আগষ্ট সন্ধিয়া 6:04 মিনিটত চন্দ্ৰপৃষ্ঠত নামি আহে। এই ঘটনাৰ আগত, আইএছআৰঅ-এ অৱতৰণৰ আগত কেমেৰায় ধাৰণ কৰা ছবিসমূহৰ এটা চিৰিজ উন্মোচন কৰিছিল। এই ফটোসমূহৰ মাজত, এটা 11 চেকেণ্ডৰ এখন ভিডিঅ’ আছিল, যি সামাজিক মাধ্যমত বিয়পি পৰিছে, য’ত পৃথিৱীৰ দৃশ্য দেখা পোৱা যায়। সামাজিক মাধ্যমৰ কিছুসংখ্যক ব্যৱহাৰকাৰীসকলে কই আছে যে এই ভিডিঅ’খন, চন্দ্রযান-3 মিচনৰ সময়ত চন্দ্ৰৰ পৰা ৰেকৰ্ড কৰা হৈছে। কিন্তু বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, চন্দ্ৰযান-3ৰ নামত বিয়পি পড়া এই ভিডিঅ’, প্ৰকৃততে, আচল নহয়, ইয়াক ডিজিটাল মাধ্যমেৰে প্ৰস্তুত কৰা হৈছে। চন্দ্রৰ দুৰৱৰ্তী অঞ্চলৰ ছবিসমূহ বিশেষভাবে লেণ্ডাৰ হেজাৰ্ড ডিটেকশ্বন এণ্ড অভয়েডেঞ্চ কেমেৰাৰ (LHDAC)মাধ্যমে লোৱা হৈছে আৰু পৰৱৰ্তী সময়ত আইএচআৰঅ-ৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। উপৰন্তু আইএচআৰঅ-এ ইয়াৰ আগতও চন্দ্ৰৰ বহুত ছবি প্রচাৰ কৰিছিল, যা ভাইৰাল ভিডিঅ’-ত কৈ সম্পূৰ্ণ বেলেক। দাবি: এজন ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’খন বিশ্বাস নিউজক পঠাইছে আৰু সত্য উদঘাটন কৰিবলৈ অনুৰোধ জঁনাইছে। এক্স( যি অতীতত টুইটাৰ আছিল) ব্যৱহাৰকাৰী ৱাচিম আৰ খানে(আৰ্কাইভ লিঙ্ক) 21 আগষ্টত এই ভিডিঅ’খন এই কেপচনৰ লগত পোষ্ট কৰিছে যে, “এয়া হল চন্দ্ৰযানৰ-3 মিচনৰ দ্বাৰা চন্দ্ৰৰ পৰা পঠোৱা এক সুন্দৰ ছবি।” ফেচবুক ব্যৱহাৰকাৰী ৰাজকুমাৰ চৌধুৰী (আৰ্কাইভ লিঙ্ক) একে দাবিৰ সৈতে সেই একে ভিডিঅ’ 22 আগষ্টত শ্বেয়াৰ কৰিছে। তদন্ত: ভাইৰাল দাবিৰ ফেক্ট চেক কৰিবলৈ, আমি প্ৰাথমিকভাবে এই পোষ্ট কৰাৰ বাবে দায়ি ৱাচিম আৰ খানৰ পোষ্টখন চালি জাৰি চালো। কমেন্ট চেকশ্বনত কিছুমান ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’খনক গৰিহনা জনাই কইছে যে এয়া ডিজিটাল প্ৰক্ৰিয়াৰ মাধ্যমে প্ৰস্তুত কৰা এখন নকল ভিডিঅ’। ইয়াৰ পিছত আমি আইএছআৰঅ-ৰ ছছিয়েল মিডিয়া হেণ্ডেলত এটা খোঁজ কৰিলো। আগষ্ট 21 2023(আৰ্কাইভ লিঙ্ক)-ত, আইএচআৰঅ-ৰ অফিছিয়েল এক্স হেণ্ডেলত শ্বেয়াৰ কৰা চাৰিখন ছবি পোৱা যায়। এই ছবিসমূহৰ লগত এটা বক্তব্য আছিল, এয়া হল, “এই ছবিসমূহ চন্দ্ৰৰ দুৰৱৰ্তী অঞ্চলৰ, যিসকল লেণ্ডাৰ হেজাৰ্ড ডিটেকশ্বনৰ এণ্ড এভয়ডেঞ্চ কেমেৰাৰ(LHDAC) মাধ্যমে পোৱা গৈছে। এই বিশেষ কেমেৰা সুৰক্ষিত অৱতৰণ স্থল চিনাক্ত কৰাত সহায় কৰে। এয়া অতি গুৰুত্বপূৰ্ণ যে, এই ছবিসমূহ, ভাইৰাল ভিডিঅ’-তকৈ তাৎপৰ্যপূৰ্ণ ভাবে ভিন্ন।” আগষ্টৰ 18 তাৰিখ, আইএচআৰঅ-এ এখন ভিডিঅ’ প্ৰকাশ কৰে। লগতে থকা কেপশ্বনৰ পৰা জানিব পৰা যায় যে, চন্দ্রপৃষ্ঠৰ এই ছবিসমূহ প্ৰপালশ্বন মডিউলৰ পৰা লেণ্ডাৰ মডিউল বিছিন্ন হোৱাৰ পিছতেই তৎক্ষণাৎ লেণ্ডাৰ ইমেজ কেমেৰা 1 ৰ সহায়ত 17 আগষ্ট 2023 ত লোৱা হৈছে। ইয়াৰ উপৰিও, 18 আগষ্টত আইএচআৰঅ-এ চন্দ্ৰৰ অতিৰিক্ত কিছুমান ছবি প্ৰকাশ কৰিছিল। সেই ছবিসমূহ লেণ্ডাৰ পজিশ্বন ডিটেকশ্বন কেমেৰা ব্যৱহাৰ কৰি 15 আগষ্টত লোৱা হৈছিল। 10 আগষ্টত আইএচআৰঅ-এ পৃথিৱী আৰু চন্দ্ৰৰ ছবি প্ৰকাশ কৰিছিল। পৃথিৱীৰ ছবি লেণ্ডাৰ ইমেজ কেমেৰাত(LI) 14 জুলাই 2023 ত ধৰা পড়িছিল, যিদিনা চন্দ্ৰযান-3 লঞ্চ কৰা হৈছিল। আৰু চন্দ্ৰৰ ছবিসমূহ লেণ্ডাৰ হৰাইজন্টাল ভেলছিটি কেমেৰাৰ(LHVC) মাধ্যমে 6 আগষ্টত লোৱা হৈছিল। এয়া উদঙাই দিয়া অত্যন্ত গুৰুত্বপূৰ্ণ যে, উপৰত উল্লেখ কৰা সকলো ছবি আৰু ভিডিঅ’সমূহ ভাইৰাল ভিডিঅ’তকৈ বহুত ভিন্ন হৈ গৈছে। আইএছআৰঅ-ৰ এক্স আৰু ফেচবুক একাউন্টসমূহত ভাইৰাল দাবিক সমৰ্থন কৰিব পৰাকৈ কোনো প্ৰমানমূলক পোষ্ট উল্লেখযোগ্যভাবে অনুপস্থিত আছিল। অধিক তথ্যৰ বাবে আমি ভিডিঅ’ বিশেষজ্ঞ অৰুন কুমাৰৰ লগত যোগাযোগ কৰিলো আৰু তেঁওক প্ৰশ্নৰ সৈতে ভিডিঅ’খনও শ্বেয়াৰ কৰিলো। তেঁওৰ বিশ্লেষণ মতে, “উক্ত ভিডিঅ’খনত এটা 3ডি প্ৰভাৱ আছে। উল্লেখযোগ্যভাবে যদি আইএচআৰঅ-এ এনেধৰণৰ কোনো ভিডিঅ’ প্ৰকাশ কৰিলেহেঁতেন, তেন্তে মাজে মাজে ফ্ৰেমৰ পৰিৱৰ্তন স্পষ্ট হলেহেঁতেন, যিখন বৈশিষ্ট্য বৰ্তমান ভিডিঅ’খনত নাই। ইয়াৰ উপৰিও আইএচআৰঅ-ৰ অতীতত অনুশীলনসমূহ বিৱেচনা কৰিলে এয়া ধাৰণা কৰিব পাৰো যে, এনে উল্লেখযোগ্য প্ৰকাশসমূহ সাধাৰণতে তেঁওলোকৰ অফিছিয়েল চেনেলৰ পৰায়ে প্ৰকাশ হ’ব। সেইহে, যক্তিসঙ্গতভাবে অনুমান কৰিব পাৰি যে, এই ভিডিঅ’খন ডিজিটাল মাধ্যমেৰে প্ৰস্তুত কৰা আৰু কোনো প্ৰকৃত ৰেকৰ্ডিং নহয় ” দৈনিক জাগৰণ নামৰ ৱেবচাইটত 21 আগষ্ট 2023 ত প্ৰকাশিত সংবাদ মতে, চন্দ্ৰযান-3 মিচনটো 14 জুলাইৰ দিনা উদ্বোধন কৰা হৈছিল। মহাকাশযানটো 23 আগষ্ট সন্ধিয়া চন্দ্ৰপৃষ্ঠৰ লগত যোগাযোগ কৰিব পাৰিব বুলি আশা কৰা হৈছে। আইএচআৰঅ-ৰ অনুমান মতে ৰ’ভাৰৰ লগত মিলিত লেণ্ডাৰ মডিউলৰ লেণ্ডিং অপাৰেশ্বন 23 আগষ্ট সন্ধিয়া 6:04 পিএম-ত হ’ব। শেষত, ভুৱা দাবি কৰা ব্যক্তিৰ প্ৰ’ফাইল বিশ্লেষণ কৰিলো। ব্যক্তিজন সামাজিক মাধ্যমত ডিচেম্বৰ 2016 ৰ পৰা সক্ৰিয় হৈ আছে আৰু এই ব্যৱহাৰকাৰীজনৰ আনুমানিক 24000 অনুসৰণকাৰী আছে। উপসংহাৰ: বিশ্বাস নিউজর তদন্ততত এই তথ্য পোহৰলৈ আহিছে যে, চন্দ্রযান-3 মিচনৰ ৰ লগত যুক্ত কৰি ভাইৰাল হোৱা এই ভিডিঅ’খন ডিজিটাল প্ৰযুক্তিৰে প্ৰস্তুত কৰা আৰু এয়া কোনো প্ৰকৃত উপস্থাপন নহয়। - Claim Review : সামাজিক মাধ্যমৰ কিছুসংখ্যক ব্যৱহাৰকাৰীসকলে কই আছে যে এই ভিডিঅ’খন, চন্দ্রযান-3 মিচনৰ সময়ত চন্দ্ৰৰ পৰা ৰেকৰ্ড কৰা হৈছে। - Claimed By : ৱাচিম আৰ - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software