About: http://data.cimple.eu/claim-review/5d36893ef18fcf7c5b92d4fd2e215b6b85733304331231386a0d7621     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: ৰাহুল অধিকাৰী আগষ্ট 23 2024 গান্ধীয়ে আৰ জি হস্পিটেলৰ ঘটনাক 'গুৰুত্বহীন' বুলি কৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোখোজা বুলি দেখুওৱাবলৈ ক্লিপটো সম্পাদনা কৰা হৈছে। কি দাবী কৰা হৈছে? ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দাবী কৰা হৈছে যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কলিকতাৰ আৰ জি কৰ হস্পিটেলৰ হত্যাকাণ্ড আৰু ধৰ্ষণ কাণ্ডক “গুৰুত্বহীন” বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত কোনোবাই গান্ধীক কলিকতা কাণ্ডৰ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ এইদৰে কোৱা শুনা যায়, “চাওক মই এইটো কথাক লৈ ইয়ালৈ আহিছো। মই জানো এই বিষয়টো আপোনালোকে উত্থাপন কৰিব নিবিচাৰে। আপুনি ইয়াৰ পৰা (মানুহৰ) মনোযোগ আঁতৰাব বিচাৰিছে।” ভিডিঅ’টো এক্সত (পূৰ্বৰ টুইটাৰ) বহুলভাৱে শ্বেয়াৰ কৰা হৈছে, একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে গান্ধীয়ে কলিকতাৰ কাণ্ডক “কম গুৰুত্বপূৰ্ণ” বুলি কৈ উলাই কৰিছিল। ভুল তথ্য বিয়পোৱাৰ জনাজাত মিষ্টাৰ সিনহা নামৰ এটা একাউণ্টে ভিডিঅ’টোৰ কেপচনত লিখিছে: “-সাংবাদিক: উচ্চতম ন্যায়ালয়ে কলিকতা ধৰ্ষণৰ গোচৰৰ শুনানি লৈছে -ৰাহুল গান্ধী: মোক ডিষ্ট্ৰেক্ট নকৰিব, মই ইয়াত অধিক গুৰুত্বপূৰ্ণ কামত আহিছো। এই মানুহটোৱে প্ৰথমে হাথৰাছত গৈ নিজকে মহিলাৰ বাবে যুঁজ দি থকা বুলি দাবী কৰে, আৰু ইয়াত তেওঁ #KolkataHorror কাণ্ডক গুৰুত্বহীন বিষয় বুলি কৈছে।” এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব৷ একে দাবীৰে অসমীয়াতো ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। ইয়াত আৰ্কাইভ কৰা হৈছে। ছ’চিয়েল মিডিয়াৰ পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে এই দাবীটো বিভ্ৰান্তিকৰ। গান্ধীয়ে কলিকতাৰ ঘটনাক গুৰুত্বহীন বুলি কোৱা নাছিল। বৰঞ্চ তেওঁ কৈছিল যে ৰাইবাৰেলীলৈ তেওঁ এটা বেলেগ ঘটনাৰ বাবে আহিছে আৰু কলিকতাৰ ঘটনাটোক লৈ তেওঁ পিছত মন্তব্য দিব। কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তেওঁৰ মন্তব্যতোক আধৰুৱা ৰূপত শ্বেয়াৰ কৰিলে। আমি কেনেকৈ সত্যটো বিচাৰি পালোঁ? ভাইৰেল ভিডিঅ’টোত সংবাদ প্ৰতিষ্ঠান এএনআইৰ ল’গ’ সন্নিবিষ্ট কৰা হৈছে। আমি ২০ আগষ্টত এএনআইৰ এক্স একাউণ্টত ভাইৰেল ভিডিঅ’টোৰ এটা বৰ্ধিত সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে ) লাভ কৰোঁ। মূল ভিডিঅ’টোত গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰাইবাৰেলীৰ চেলুনত ২২ বছৰীয়া দলিত যুৱকৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক মন্তব্য দিছিল। উল্লেখযোগ্য যে যোৱা ১১ আগষ্টত স্থানীয় লোকৰ সৈতে হোৱা কাজিয়াত যুৱকজনক গুলীয়াই হত্যা কৰা হৈছিল। এই গোচৰৰ সৈতে জড়িত ৬ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাইবাৰেলীৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে গান্ধীয়ে ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি ন্যায়ৰ দাবী জনাই কয় যে, “ইয়াত সমবেত হোৱা লোকসকলে ন্যায় বিচাৰে কাৰণ এজন দলিত যুৱকক হত্যা কৰা হৈছে আৰু তেওঁৰ পৰিয়ালক ব্লেকমেইল কৰা হৈছে আৰু অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আৰক্ষী অধীক্ষকে মাষ্টাৰমাইণ্ডক ধৰা নাই, যাৰ ফলত স্থানীয় লোকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। মই উত্তৰ প্ৰদেশৰ সকলোৱে সন্মান আৰু ন্যায় লাভ কৰাতো বিচাৰো, আৰু সেই বাবেই মই ইয়ালৈ আহিছো।” পিছত ভিডিঅ’টোত আৰ জি কৰ হস্পিটেলৰ হত্যাকাণ্ডৰ বিষয়ে সোধাত গান্ধীয়ে কয়, “মই এই কাণ্ডৰ বাবে ইয়ালৈ আহিছিলো। কলিকতা কাণ্ডক লৈ মই মোৰ বক্তব্য আৰু মতামত দিছো আৰু এই বিষয়ৰ এতিয়া ধ্যান আঁতৰাব নিবিচাৰো। সেইবাবেই মই ইয়াত এই বিষয়টোত গুৰুত্ব দিছো।” চিকিৎসকৰ ধৰ্মঘটৰ অন্ত পেলাবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ সন্দৰ্ভত সোধাত গান্ধীয়ে কয়, "মই ইয়ালৈ এইটো বিষয়তহে আহিছো। আপুনি দলিতসকলৰ কথা উত্থাপন কৰাৰ পৰিৱৰ্তে তাৰ পৰা ধ্যান আঁতৰাব বিচাৰিছে। কিন্তু মই ইয়াত দলিতসকলৰ ৰক্ষাৰ বাবে আহিছো তেওঁলোকৰ হৈ মাত মাতিব আহিছো আৰু সেই কাৰণে মই ইয়াক বিপথে পৰিচালিত কৰিবলৈ নিদিওঁ।" ভাইৰেল ক্লিপটোত সম্পূৰ্ণ ভিডিঅ’টোৰ ২:৪২ৰ পৰা ২:৫৫ টাইমষ্টেম্পৰ অংশখিনি লোৱা হৈছে। আমি সংবাদ সংস্থা পিটিআই (ইয়াত আৰ্কাইভ কৰা হৈছে)-ৰ দ্বাৰা প্ৰকাশিত আন এটা ভিডিঅ’ লাভ কৰোঁ য’ত গান্ধীয়ে এইদৰে কোৱা শুনা যায়, “মই এইটো ঘটনাৰ বাবে ইয়ালৈ আহিছো, আৰু মই জানো যে আপুনি এই বিষয়টো উত্থাপন কৰিব নিবিচাৰে। আপুনি ইয়াৰ পৰা ধ্যান আঁতৰাব বিচাৰিছে কাৰণ আপুনি দলিত মানুহৰ সমস্যা সমাধান কৰিব নিবিচাৰে। মই ইয়াত দলিতসকলক ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ হৈ মাত মাতিবলৈ আহিছো। আগন্তুক দিনত মই কলিকতাৰ ঘটনাক লৈ মন্তব্য কৰিম।” এই বৰ্ধিত ক্লিপসমূহত গান্ধীয়ে কলিকতাৰ ঘটনা সন্দৰ্ভত পিছত মন্তব্য কৰিব বুলি উল্লেখ কৰা দেখা গৈছে, তেওঁ ইয়াক গুৰুত্বহীন বুলি কোৱা নাই। ভাইৰেল ভিডিঅ’ ক্লিপবোৰে তেওঁৰ মন্তব্য সম্পাদনা কৰি আধৰুৱাভাৱে শ্বেয়াৰ কৰিছে। হিন্দুস্তান টাইমছেও গান্ধীৰ ৰাইবাৰেলী ভ্ৰমণ সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল, য’ত তেওঁৰ সম্পূৰ্ণ বক্তব্যটো সন্নিৱিষ্ট কৰা হৈছে। কলিকতাৰ আৰ জি কৰ হস্পিটেলৰ হত্যাকাণ্ড কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজ হস্পিটেলৰ এগৰাকী ৩১ বছৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল, তেওঁক যোৱা ৯ আগষ্টত চিকিৎসালয়খনৰ চেমিনাৰ হলত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই অপৰাধৰ সৈতে জড়িত কলিকতা আৰক্ষীৰ অসামৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাত যৌন নিৰ্যাতনৰ পিছত তেওঁক হত্যা কৰা হৈছিল বুলি নিশ্চিত হোৱা গৈছে। এই ঘটনাৰ ন্যায় বিচাৰি দেশজুৰি প্ৰতিবাদ হোৱাৰ লগতে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ২২ আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি চিবিআইক তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সিদ্ধান্ত ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমক দিয়া মন্তব্যৰ এটা ক্ৰপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কলিকতা হত্যাকাণ্ডক “গুৰুত্বহীন” বুলি কোৱা বুলি দাবী কৰা হৈছে। প্ৰকৃততে গান্ধীয়ে সেই সময়ত ৰাইবাৰেলিৰ এটা ঘটনাক লৈ মন্তব্য কৰি আছিল আৰু কলিকতাৰ ঘটনাক লৈ পিছত মন্তব্য কৰিব বুলি কৈছিল। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 7 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software