About: http://data.cimple.eu/claim-review/5e808cf3564db909412d6efb2d1c2fcbaf2f5e86ea97d4d21c0f2505     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • মহাত্মা গান্ধীৰ সম্পাদিত ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল। যোৱা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ পৰিপ্ৰেক্ষিতত ছ'চিয়েল মিডিয়াত মহাত্মা গান্ধীৰ বিভিন্ন ফটো ভাইৰেল হোৱা দেখা গৈছে। তেনে এখন ফটো আমাৰ দৃষ্টিগোচৰ হ'ল য'ত মহাত্মা গান্ধীক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০১৭ চনৰ ১৭ আগষ্টত "দ্য টাইমছ"ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য'ত জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী ওচৰা-ওচৰিকৈ বহি থকা এখন ফটো সংলগ্ন কৰা হৈছিল। ফটোখনৰ বিৱৰণত উল্লেখ কৰা হৈছিল যে সেইখন ১৯৪৬ চনৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ সভাৰ সময়ৰ ফটো। সেই ফটোখন আৰু ভাইৰেল ফটোখনৰ তুলনা কৰি আমি দেখিলোঁ যে দুয়োখন ফটোতে মহাত্মা গান্ধীৰ ভংগীমা একেই আৰু হাতত লৈ থকা কিতাপখনো একেধৰণৰ। আমি পুনৰ প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ ফটোখন ষ্টক ইমেজ ৱেবছাইট Alamyত পালোঁ। তাতো উল্লেখ কৰা হৈছিল যে সেইখন ১৯৪৬ চনৰ ৬ জুলাইত বম্বেত (বৰ্তমানৰ মুম্বাই) অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাৰ সময়ৰ ফটো। একেখন ফটো আমি দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনতো পালোঁ। অনুগ্ৰহ কৰি ইয়াত পঢ়ক। দুয়োখন ফটোৰ মাজত তুলনা তলত চাব পাৰিব। গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। ফটোখনত মহাত্মা গান্ধীয়ে এইদৰে মহিলা এগৰাকীৰ সৈতে বহি থকা দেখা গৈছে। ফলাফল আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত মহাত্মা গান্ধীৰ ওচৰত জৱাহৰলাল নেহৰু আছিল। সেই ফটোখনতে মহাত্মা গান্ধীৰ ওচৰত মহিলাগৰাকীৰ ফটো সম্পাদনা কৰি সংলগ্ন কৰা হৈছে। যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক। যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে: ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ Sources The Times Report https://www.thetimes.com/world/asia/article/gandhi-and-nehru-written-out-of-india-s-history-textbooks-9zlwr8rdr Alamy https://www.alamy.com/mahatma-gandhi-jawaharlal-nehru-all-india-congress-committee-meeting-image3429760.html The Indian Express https://indianexpress.com/photos/india-news/remembering-mahatma-gandhi-rare-photos-of-father-of-the-nation-6047438/10/
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software