About: http://data.cimple.eu/claim-review/65130e7cde5aadf093a15054e5d7e8125cd5394bfcc90e482b68ef73     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • সত্যতা পৰীক্ষণ: বেকিং চ’ডা কেন্সাৰ ভাল কৰে বুলি ভাইৰেল হোৱা মেছেজৰ দাবী মিছা হয় বেকিং চ’ডাই কেন্সাৰ ভাল কৰিব পাৰে বুলি যি মেছেজ ভাইৰেল হৈছে সেয়া মিছা হয়। ভাইৰেল মেছেজটোত যিসকলক ডাক্তৰৰ নাম উল্লেখ কৰা হৈছে, তেওঁলোকে নিজে এই দাবী নস্যাত কৰিছে। বেকিং চ’ডাই কেৱল এচিডিটি বন্ধ কৰিব পাৰে। কেন্সাৰ ৰোগীসকলৰ উপৰত ইয়াৰ পৰীক্ষা এতিয়াও চলি আছে - By: Ankita Deshkar - Published: Aug 13, 2022 at 04:29 PM - Updated: Aug 13, 2022 at 05:53 PM বিশ্বাস নিউজ (নতুন দিল্লী): ছ’চিয়েল মিডিয়াত এটা হিন্দী মেছেজ ব্যাপক হাৰত শ্বেয়াৰ হৈ আছে। বিশ্বাস নিউজেও সেয়া দেখা পাইছে। মেছেজত কোৱা হৈছে যে, বহু বছৰৰ গৱেষণাৰ পাছত বিজ্ঞানী সকলে এই সিদ্ধান্তত উপনীত হৈছে যে আমি ৰন্ধাবঢ়াত ব্যৱহাৰ কৰা বেকিং চ’ডা কেন্সাৰ ভাল কৰি দিয়ে। অৱশ্যে, বিশ্বাস নিউজে গম পাইছে ভাইৰেল হোৱা মেছেজৰ এই কথা মিছা হয়। যিসকল ডাক্তৰে এই কথা কৈছে বুলি মেছেজত দাবী কৰা হৈছে, তেওঁলোকে নিজেই এই ভাইৰেল মেছেজক মিছা বুলি কৈছে। দাবী: ফেচবুক ব্যৱহাৰকাৰী বি আৰ ছাহু তেওঁৰ ফেচবুক প্ৰ’ফাইলত দীঘল এটা মেছেজ পোষ্ট কৰিছে। সেই মেছেজটোৱে আকৌ বিশ্বাস নিউজ-ৰ WhatsApp chatbot +91 9599299372-তো আহিছে। মেছেজত লিখা আছিল:অসমীয়াত ভাঙনি: বিজ্ঞানীসকলে কেন্সাৰ ভাল কৰাৰ একেবাৰে কম দামী এটা চিকিৎসাৰ সন্ধান পাইছে। ₹ 2-ৰ বেকিং চ’ডাই কেন্সাৰক সমূলে নাশ কৰিব। চ’ডা খালে কেন্সাৰ ভাল হৈ যায়। নতুন দিল্লী: কেন্সাৰ ৰোগীসকলৰ বাবে বিৰাট ডাঙৰ এটা সকাহৰ খবৰ! গোটেই বিশ্বৰ বিজ্ঞানীসকলে এই বেমাৰৰ চিকিৎসাৰ সন্ধানত বহু বছৰ ধৰি পৰীক্ষা-নিৰীক্ষা কৰি আছে। অৱশেষত ফল এটা পোৱা গৈছে! গোটেই পৃথিৱীত কেন্সাৰৰ চিকিৎসাক লৈ গৱেষণা কৰাৰ কাৰণে কোটি-কোটি টকা পানীৰ দৰে খৰচ কৰা হৈছে। তথাপি এনেকুৱা কোনো দৰৱ উলিয়াব পৰা নগৈছিল যি কেন্সাৰক সম্পূৰ্ণ নিৰ্মূল কৰিব পাৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লুডৱিগ ইনষ্টিটিউট ফৰ কেন্সাৰ ৰিছাৰ্চত আমেৰিকান বিজ্ঞানীসকলৰ এটা দলে শেহতীয়াকৈ নতুন এটা গৱেষণা কৰি চাইছিলে। এই টীমৰ নেতৃত্বত আছিলে জন হপকিন্স ইউনিভাৰ্ছিটিৰ প্ৰখ্যাত কেন্সাৰ বিজ্ঞানী তথা কেন্সাৰ ৰোগ বিশেষজ্ঞ ড০ চি ভান ডেং। তেওঁ কৈছে যে এতিয়ালৈ কেন্সাৰৰ যিবোৰ চিকিৎসা উপলব্ধ আছে সেইবোৰ বহুত ব্যয়বহুল হয়। আমি এতিয়া যি গৱেষণা কৰিছোঁ তাৰপৰা আমি আশ্চৰ্যজনক ফল পাইছোঁ। আপোনালোকে ৰন্ধাবঢ়াত যি বেকিং চ’ডা ব্যৱহাৰ কৰে সেয়াই কেন্সাৰৰ মহৌষধ হয়! ড০ ডেং-এ বহুদিন ধৰি বেকিং চ’ডাক লৈ গৱেষণা কৰি আছে আৰু এতিয়া আমি পোৱা বাতৰি মতে সেই গৱেষণাৰ ফল ইতিবাচক হৈছে! কোৱা হৈছে যে কোনো কেন্সাৰ ৰোগীয়ে যদি পানীৰ লগত বেকিং চ’ডা মিহলাই খাই থাকে, তেন্তে কেইদিন মানৰ ভিতৰতে ফল পাবলৈ আৰম্ভ কৰিব। ডেং-এ ক’লে যে, কেম’থেৰাপি আৰু দামী দৰৱৰ তুলনাত বেকিং চ’ডাই অধিক দ্ৰুত কাম কৰে। বেকিং চ’ডাই কেৱল টিউমাৰ চেল ডাঙৰ হোৱাটো হে বন্ধ নকৰে, ই টিউমাৰক একেবাৰে শেষো কৰি দিয়ে। ড০ ডেং-এ সম্পূৰ্ণ তথ্য দি জনালে যে, আমাৰ শৰীৰত লাখ-লাখ চেল নিঃশেষ হৈ গৈ থাকে। তাৰ ঠাইত আহে নতুন চেল। কিন্তু কেতিয়াবা নতুন চেলৰ ভিতৰত ৰক্ত চলাচল বন্ধ হৈ যায়। তেতিয়া হে কেইটামান চেল লগ লাগি থূপ খাই যায়। সেয়াই লাহে-লাহে ডাঙৰ হৈ থাকে। এনেকৈয়ে টিউমাৰ হৈ যায়! ডেং-এ জনালে, ব্ৰেষ্ট আৰু কোলন কেন্সাৰৰ টিউমাৰ চেলত আমি বেকিং চ’ডা দি পৰীক্ষা কৰি চাইছোঁ। তেতিয়া আমি দেখিলোঁ যে পানীত বেকিং চ’ডা মিহলাই খোৱাৰ পাছত টিউমাৰ চেলবিলাক আৰু নবঢ়া হৈ যায়। তেওঁ ক’লে যে টিউমাৰ চেলত থকা অক্সিজেন একেবাৰে নষ্ট হৈ যায়। এইটোক চিকিৎসাৰ ভাষাত হাইপক্সিয়া বুলি কোৱা হয়। এই হাইপক্সিয়াৰ কাৰণে সেই অংশৰ pH লেভেল দ্ৰুত গতিত কমি যাবলৈ আৰম্ভ কৰে। আৰু এই টিউমাৰ চেলবিলাকে এচিড তৈয়াৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। এই এচিডৰ কাৰণে গোটেই শৰীৰ বেয়াকৈ বিষাবলৈ আৰম্ভ কৰে। লগে-লগে এই চেলবিলাকৰ চিকিৎসা কৰা নহ’লে এইবোৰ কেন্সাৰ চেল হৈ যায়। ড০ ডেং-ৰ মতে, পানীত বেকিং চ’ডা মিহলাই খালে শৰীৰৰ pH লেভেল ঠিকেই থাকে। এচিড-ৰ সমস্যাকো এৰাই চলিব পৰা যায়। ড০ ডেং-এ জনালে যে কেম’থেৰাপি কৰাৰ পাছতো শৰীৰত এই ধৰণৰ কিছুমান কেন্সাৰ চেল থাকি যায়। সেইবোৰেই আকৌ শৰীৰৰ ভিতৰত কেন্সাৰ চেল তৈয়াৰ কৰি থাকে। এইবোৰক T চেল বোলা হয়। এই T চেলবিলাকক কেৱল বেকিং চ’ডা দি দূৰ কৰিব পৰা যায়। তেওঁ ক’লে যে, আমি যিসকল মানুহৰ উপৰত পৰীক্ষা চলাইছিলোঁ তেওঁলোকক আমি 2 সপ্তাহ ধৰি বেকিং চ’ডা মিহলা পানী খাবলৈ দিছিলোঁ। ইয়াৰ পাছত দেখা পোৱা গ’ল যে তেওঁলোকৰ টিউমাৰ চেল প্ৰায় নোহোৱা হৈ গৈছে। টাটা মেমৰিয়েল হস্পিটেলৰ ড০ ৰাজেন্দ্ৰ এ বাডৱে ক’লে যে, সকলে এই নিউজলেটাৰখন আনক ফৰোৱাৰ্ড কৰা উচিত। তেতিয়া হেজাৰ-হেজাৰ মানুহক বচাব পৰা যাব। জয় শ্ৰীৰাম জয় হিন্দ জয় ভাৰত। মাননীয় অনুগ্ৰহ কৰি প্ৰণাম ল’ব। সেই পোষ্ট আৰু তাৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব। তদন্ত: বিশ্বাস নিউজে প্ৰথমতে মেছেজটোক ভালকৈ পঢ়ি চাইছে। তাৰ পাছত গুগল কী-ৱাৰ্ড দি বিচাৰি উলিয়াবলৈ চাইছিলে যে সঁচাকৈ কেন্সাৰৰ এনেকুৱা কোনো চিকিৎসা ওলাইছে নে নাই, সেয়াও আকৌ বেকিং চ’ডাৰ ৰূপত। আমি ইণ্টাৰনেটত বিভিন্ন গৱেষণাৰ ফল বিচাৰি পালোঁ। এটা নিবন্ধ-ত লিখা আছে: বেকিং চ’ডাই এচিডক নিষ্ক্ৰিয় কৰিব পাৰে কাৰণে বহু গৱেষকে বিশ্বাস কৰে যে এইটো পানীত মিহলাই খাব পাৰিলে টিউমাৰ ত থকা এচিডক ই কম কৰিব পাৰিব আৰু নিষ্ক্ৰিয় হৈ থকা চেলবিলাক আকৌ উজ্জীৱিত হৈ উঠিব। কেমোথেৰাপি কৰি সেইবোৰক সহজতে মাৰিব পৰা যাব। আৰু কিছুমান গৱেষণাত এই একে কথা উল্লেখ কৰা হৈছে। কিন্তু ক’তো এয়া উল্লেখ কৰা হোৱা নাই যে কেন্সাৰৰ একেবাৰে নিখুঁত চিকিৎসাৰ উপায় হ’ল বেকিং চ’ডা। এই ভাইৰেল মেছেজত দুজনৰ নাম আছে। এজন ড০ চি ভান ডেং। তেওঁ এজন প্ৰখ্যাত কেন্সাৰ ৰোগ বিশেষজ্ঞ। বিশ্বাস নিউজে ড০ চি ডেং-ৰ সৈতে ই-মেইলৰ জৰিয়তে যোগাযোগ কৰিছিল আৰু তেওঁক সেই ভাইৰেল হোৱা মেছেজ পঠাইছিল। ড০ ডেং-এ তাৰ উত্তৰত কৈছে, “দুৰ্ভাগ্যৰ বিষয় এয়াই যে কথাবোৰ মিছা হয়। আমি কোনো দিনো এই দাবী কৰা নাই যে বেকিং চ’ডাই কেন্সাৰ ভাল কৰে।” তদন্তৰ পৰৱৰ্তী পৰ্যায়ত আমি টাটা মেমৰিয়েল চেণ্টাৰৰ ছাৰ্জিকেল অংকলজিষ্ট ড০ ৰাজেন্দ্ৰ বাডৱেৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিলোঁ। যিটো মেছেজত ড০ ৰাজেন্দ্ৰ বাডৱে বেকিং চ’ডাক লৈ কৰা দাবীৰ পক্ষত কথা কৈ আছে সেই মেছেজটো আমি তেওঁলৈও প্ৰেৰণ কৰিছিলোঁ। বিশ্বাস নিউজে ড০ বাডৱেৰ কাৰ্যালয়ত গৈছিল আৰু তাত তেওঁৰ সচিবে আমাৰ লগত কথা পাতিছিলে। তেৱোঁ ক’লে যে, ড০ বাডৱে এনেকুৱা কোনো মন্তব্য কৰাই নাই। বেকিং চ’ডাই কেন্সাৰ ভাল কৰে বুলি কোৱা দাবীক তেওঁ সমৰ্থনো নকৰে। ইয়াৰ পাছত বিশ্বাস নিউজে গুৰুগ্ৰামৰ আমেৰিকান অংকলজি ইনষ্টিটিউটৰ ছিনিয়ৰ কনছাল্টেণ্ট মেডিকেল অংকলজিষ্ট ড০ মনীশ কুমাৰৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ ক’লে যে টিউমৰ চেলবিলাকত হাইপক্সিয়া (কম অক্সিজেন থকা ঠাই) থাকে বুলি জানিব পৰা গৈছে। যাৰ ফলত লেক্টিক এচিডছিচ দেখা দিয়ে। এই চেলবিলাক গোটেই টিউমাৰৰ এটা অংশক তৈয়াৰ কৰে, এইবোৰক প্ৰচলিত কেম’ দি মাৰি পেলোৱা সহজ নহয়। বহু বছৰ ধৰি এইটোক লৈ গৱেষণা চলি আছে যে এই নিষ্ক্ৰিয় হৈ থকা ঠাইসমূহক কেনেকৈ নিঃশেষ কৰিব পৰা যায়। লেকটিক এচিডছিছ নিৰ্মূল কৰাটো সহজ নহয়। ইয়াৰ একমাত্ৰ বিশ্বস্ত উপায় হ’ল সেই ঠাইখনত অক্সিজেন সৃষ্টি হোৱাৰ মাত্ৰাক বৃদ্ধি কৰা। লুডৱিগ কেন্সাৰ ৰিছাৰ্চে বেকিং চ’ডা ব্যৱহাৰ কৰি এই এচিডিটিক বন্ধ কৰাৰ নতুন পদ্ধতি পৰীক্ষা কৰি চাইছে। এই ধাৰণাটো আকৰ্ষণীয় হয়। কিন্তু, বিচ্ছিন্ন এটা গৱেষণাৰপৰা প্ৰাপ্ত প্ৰাথমিক তথ্যৰ ভিত্তিত এতিয়াই এই কৌশলবোৰক লৈ কিবা মন্তব্য কৰাৰ সময় অহা নাই। এই পন্থাটোক আমি আদৰণি জনাবই লাগিব। অৱশ্যে কেন্সাৰৰ প্ৰতিকাৰ হিচাপে এই ধাৰণাক লৈ পৰীক্ষা কৰাৰ কাৰণে এতিয়াও বহু অধ্যয়ন আৰু গৱেষণা কৰিব লাগিব। আজিকালি প্ৰতিদিনেই কিবা নহয় কিবা নতুন গৱেষণাৰ কথা আমি গম পাই আছোঁ। কোনো উপায়কে আওকাণ কৰিলে নচলিব। সেইবোৰক লৈ কাম কৰি যাব লাগিব। গতিকে এয়া স্পষ্ট হৈ গ’ল যে বেকিং চ’ডাই কেন্সাৰ ভাল কৰে বুলি যে মেছেজ ভাইৰেল হৈছে, তাৰ কথাবোৰ মিছা হয়। চ’ডাই কেৱল এচিডিটি বন্ধ কৰিব পাৰে। তদন্তৰ একেবাৰে শেষ পৰ্যায়ত বিশ্বাস নিউজে সেই জন ফেচবুক ব্যৱহাৰকাৰীৰ বেকগ্ৰাউণ্ড পৰীক্ষা কৰি চাইছিলে যিজনে ভাইৰেল মেছেজটো শ্বেয়াৰ কৰিছিলে। BR ছাহু নামৰ এই মানুহজন মুম্বাইত থাকে এবং ফেচবুকত তেওঁৰ চাৰে চাৰি হেজাৰ বন্ধু আছে। নিষ্কৰ্ষঃ বেকিং চ’ডাই কেন্সাৰ ভাল কৰিব পাৰে বুলি যি মেছেজ ভাইৰেল হৈছে সেয়া মিছা হয়। ভাইৰেল মেছেজটোত যিসকলক ডাক্তৰৰ নাম উল্লেখ কৰা হৈছে, তেওঁলোকে নিজে এই দাবী নস্যাত কৰিছে। বেকিং চ’ডাই কেৱল এচিডিটি বন্ধ কৰিব পাৰে। কেন্সাৰ ৰোগীসকলৰ উপৰত ইয়াৰ পৰীক্ষা এতিয়াও চলি আছে - Claim Review : বেকিং চ’ডা কেন্সাৰ ভাল কৰে - Claimed By : BR ছাহু - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software