About: http://data.cimple.eu/claim-review/679c6a2ec65a43185d07a1dde1d8864b8432eb3739af109f571592d1     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: প্ৰয়াগৰাজৰ নেতাৰ ফটো হাথৰস কেচৰ আৰোপীৰ পিতাক কৰি ভাইৰেল কৰা গৈছে বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো ভুৱা প্ৰমাণিত হয়| প্ৰয়াগৰাজৰ পূৰ্ব ভাজযুমো নেতা শ্যাম প্ৰকাশ দ্বিবেদীৰ ফটো কিছু লোকে হাথৰসৰ আৰোপীৰ পিতাক ৰূপে ভাইৰেল কৰি আছে| - By: Ashish Maharishi - Published: Oct 23, 2020 at 12:17 PM নতুন দিল্লী (বিশ্বাস নিউজ)| উ.প্ৰ.ৰ হাথৰসত হোৱা দুৰ্ঘটনাৰ পাচত এজন ব্যক্তিৰ ফটো ভাইৰেল হৈ পৰিছে| এই ফটোখন ভাইৰেল কৰি দাবী কৰা গৈছে যে এই ফটোখন হথৰস কেচত বলাৎকাৰৰ আৰোপী সন্দীপ ঠাকুৰৰ পিতাকৰ ফটো| বিশ্বাস নিউজে ভাইৰেল পোষ্টটোৰ পৰীক্ষা কৰিলে| আমি গম পালো যে ভাইৰেল ফটোখনৰ ব্যক্তিজনৰ হথৰসৰ লগত কোনো সম্বন্ধ নাই| তেখেত প্ৰয়াগৰাজৰ পূৰ্ব ভাজয়ুমো নেতাৰ ফটো| ডা০ শ্যাম প্ৰকাশ দ্বিবেদী বৰ্তমান ৰেপৰ আৰোপত জেলত বন্ধ হৈ আছে| কি ভাইৰেল হৈ আছে ? ফেচবুক ইউজাৰ Prabhat Das Panika (সঞ্জু প্ৰভাত দাস পানীকা)ই 3 অক্তোবৰত এখন ফটো আপলোড কৰি দাবী কৰে ঃ ‘ মনিষা বাল্মিকীৰ ধৰ্ষণকাৰী চাৰিজনৰ এজনৰ পিতৃৰ সৈতে উত্তৰ প্ৰদেশৰ মূৰ্খ্যমন্ত্রী যোগী আদিত্যনাথ আৰু মোডীজীৰ তলত ফটোদুখনে বহুত কিবা কিবি কৈছে| ‘ ফেচবুক পোষ্টটো আৰ্কাইড ভাৰ্চন চালোঁ| অনুসন্ধান বিশ্বাস নিউজে পোনপ্ৰথমে ভাইৰেল ফটোৰ বেলেগে বেলেগে ৰিভাৰ্চ ইমেইজ টুলত আপলোড কৰি চাৰ্চ কৰে| কেইবাটাও লিংকৰে গম পোৱা গ’ল যে ফটোত দেখা ব্যক্তিজন প্ৰয়াগৰাজৰ ভাজপাৰ নেতা ডা০ শ্যাম প্ৰকাশ দ্বিবেদী হয়| চাৰ্চৰ সময়ত আমি ‘ ডা০ শ্যাম প্ৰকাশ দ্বিবেদী’ নামৰ ফেচবুক একাউন্টত 6 চেপ্তম্বৰত পোষ্ট কৰা ফটো পালোঁ| তাৰ ভিতৰত এই ফটোখনো আছিল যিখন এতিয়া হাথৰস কেছৰ আৰোপীৰ পিতাৰ বুলি কৈ ভাইৰেল কৰা হৈছে| অনুসন্ধানৰ সময়ত ভাইৰেল ফটোখন কেইবাটাও নিউজ ৱেবচাইটত পালোঁ| নিউজট্ৰেক নামৰ এক ৱেবচাইটত তিনি অক্তোবৰত এটা খবৰত ভাইৰেল ফটোৰ ব্যৱহাৰ কৰি জনাইছিল যে প্ৰয়াগৰাজত এজনী ছাত্রীক গেগংৰেপ কৰাৰ আৰোপত ভাজপা নেতা শ্যাম প্ৰকাশ দ্বিবেদী ধৰা পৰিল| খবৰটোৰ মতে ,আৰোপী বহু দিনৰ পৰা পতালক হৈ আছে| পৰীক্ষাৰ পিচৰ খেপত আমি প্ৰয়াগৰাজৰ বাতৰিকাকতৰ ইপেপাৰ ঘুকটিলোঁ| আমি দৈনিক জাগৰণৰ চাৰি অক্তোবৰৰ ইপেপাৰত এটা খবৰ পালোঁ| তাত জনাইছে যে পূৰ্ব ভাজপাৰ নেতা ডা০ শ্যাম প্ৰকাশ দ্বিবেদী সামুহিক দূঃকৰ্মৰ মামলাত ধৰাপেলাই জেললৈ পঠোৱা হ’ল| পূৰা খবৰ আপুনি তলত পঢ়িব পাৰিব| অধিক জানিবলৈ বিশ্বাস নিউজে নিজা সহযোগী বাতৰিকাকত দৈনিক জাগৰণ ৰ প্ৰয়াগৰাজৰ সম্পাদক ৰাকেশ পাণ্ডেয়ৰ সতে ভাইৰেল ফটো ছেয়াৰ কৰিলে| তেখেতে জনালে যে ফটোত দেখা ব্যক্তিজন হাথৰসৰ কেছৰ আৰোপী সন্দীপ ঠাকুৰৰ পিতাক নহয় ,প্ৰয়াগৰাজৰ পূৰ্ব ভাজযুমো নেতা ডা০ শ্যাম প্ৰকাশ দ্বিবেদী হয়| বৰ্তমান তেওঁ জেলত আছে| ছোৱালীজনীৰ ফটোত কৰ্ণলগঞ্জ পুলিচে 15 চেপ্তেম্বৰত মুকৰ্দমা দৰ্জ কৰি লৈছিল| তিনি অক্তোবৰত শ্যাম পেৰকাশ দ্বিবেদীক গ্ৰেপ্তাৰ কৰা হৈছিল| এই ফটোবোৰত বহুতো ইউজাৰে ভুৱা দাবীৰ সতে ছেয়াৰ কৰি আছে আৰু তাৰ মাজৰে এজন Prabhat Das Panika নামৰ ফেচবুক ইউজাৰ| এই ইউজাৰ জন গুৱাহাটীৰ নিবাসী আৰু তেওঁক 1, 063 জন লোকে ফ’লো কৰে| নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পোষ্টটো ভুৱা প্ৰমাণিত হয়| প্ৰয়াগৰাজৰ পূৰ্ব ভাজযুমো নেতা শ্যাম প্ৰকাশ দ্বিবেদীৰ ফটো কিছু লোকে হাথৰসৰ আৰোপীৰ পিতাক ৰূপে ভাইৰেল কৰি আছে| - Claim Review : মনিষা বাল্মিকীৰ ধৰ্ষণকাৰী চাৰিজনৰ এজনৰ পিতৃৰ সৈতে উত্তৰ প্ৰদেশৰ মূৰ্খ্যমন্ত্রী যোগী আদিত্যনাথ আৰু মোডীজীৰ তলত ফটোদুখনে বহুত কিবা কিবি কৈছে| - Claimed By : FB User- Prabhat Das Panika - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software