About: http://data.cimple.eu/claim-review/6897bbb91ecff1f2c6a56d46df224b521d51f142ce56f06bdfb0d089     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: চন্দন বৰগোহাঁই অক্টোবৰ 17 2024 ভাইৰেল দাবীটো মিছা। কৃষ্ণিয়াহ গৌড় নামৰ এজন গৃহহীন তথা মানসিকভাৱে অসুস্থ লোকে খাদ্য বিচাৰি আহি পুজা মণ্ডপটোৰ লগতে দুৰ্গা মূৰ্তিটো লণ্ডভণ্ড কৰিছিল। কি দাবী কৰা হৈছে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেলেংগানাৰ হায়দৰাবাদত মুছলমান সম্প্ৰদায়ৰ লোকে এটা দুৰ্গা মণ্ডপ লণ্ডভণ্ড কৰাৰ লগতে দুৰ্গাৰ এটা মূৰ্তিৰ ক্ষতিসাধন কৰে বুলি দাবী কৰা হৈছে। ভিডিঅ'টোত এটা মণ্ডপৰ ভিতৰত আৰক্ষীৰ লগতে একাংশ লোকক দেখা যায়, আনহাতে মূৰ্তিটোৰ এখন হাত ভঙা আৰু পুজাৰ বেদী থানবান হৈ পৰি আছে। ফেচবুকত ভিডিঅ’টো (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘হায়দৰাবাদত মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চলত মুছলমানে ধ্বংস কৰিলে মা দুৰ্গাৰ মূৰ্তি আৰু পূজাৰ বেদী .... মুছলমান কম থকা অঞ্চলত সিহতে খুব সাম্প্ৰদায়িক সম্প্ৰীতিৰ কথা কৈ থাকে।’’ ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট) অৱশ্যে এই ঘটনাটো ভুৱা সাম্প্ৰদায়িক দাবীৰে শ্বেয়াৰ কৰা হৈছে। হায়দৰাবাদ আৰক্ষী আৰু সংবাদ মাধ্যমৰ তথ্য অনুসৰি দাবী কৰা ধৰণে কোনো মুছলমান লোকে পুজা মণ্ডপটো লণ্ডভণ্ড কৰা নাই, বৰঞ্চ মানসিকভাৱে অসুস্থ এজন গৃহহীন হিন্দু লোকেহে উক্ত কাণ্ড সংঘটিত কৰিছিল। আমি কি বিচাৰি পালোঁ? ভিডিঅ'টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি স্থানীয় বাতৰি প্ৰতিষ্ঠান তেলেংগানা টুডেত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ, য’ত ভিডিঅ’টোৰ স্ক্ৰীণশ্বট দেখিবলৈ পোৱা যায়। হায়দৰাবাদৰ নামপল্লীৰ এগজিবিচন গ্ৰাউণ্ডৰ এটা দুৰ্গা মণ্ডপত উক্ত ঘটনা সংঘটিত হৈছিল। বেগম বজাৰ থানা আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত নগৰকুৰনুল জিলাৰ কৃষ্ণইয়া গৌড় নামৰ এজন গৃহহীন লোকক গ্ৰেপ্তাৰ কৰে। প্ৰতিবেদনটোৰ মতে, হায়দৰাবাদৰ চেন্ট্ৰেল জ’নৰ উপ আৰক্ষী আয়ুক্ত অক্ষাংশ যাদৱে গৌড় মানসিকভাৱে বিকাৰগ্ৰস্থ বুলি উল্লেখ কৰাৰ লগতে খাদ্য সন্ধানত তেওঁ মণ্ডপৰ প্ৰৱেশ কৰিছিল বুলি কয়। ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট সন্নিবিষ্ট তেলেংগানা টুডেৰ প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: তেলেংগানা টুডে/স্ক্ৰীণশ্বট) দ্য ছিয়াছট ডেইলীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰতিবেদনত উক্ত ঘটনাটো ২০২৪ চনৰ ১০ অক্টোবৰৰ নিশা সংঘটিত হোৱা বুলি উল্লেখ কৰে। প্ৰতিবেদনটোত ডিচিপিৰ উদ্ধৃতি দি কোৱা হৈছে, “এই ঘটনাটোৰ সৈতে কোনো সাম্প্ৰদায়িক দিশ জড়িত নহয়।” দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনে এই তথ্যসমূহ সমৰ্থন কৰি গৌড় মানসিকভাৱে অসুস্থ বুলি নিশ্চিত কৰাৰ লগতে ঘটনাটোক লৈ দুটা পৃথক গোচৰ ৰুজু কৰা হয় বুলি সদৰী কৰে। আৰক্ষীৰ ভাষ্য কি? এইসমূহ বাতৰিৰ ভিত্তিত আমি সংবাদ সংস্থা এ এন আইৰ এটা এক্স পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ য’ত ডিচিপি যাদৱে অভিযুক্তক নগৰকুৰনুলৰ ৪৫-৫০ বছৰীয়া কৃষ্ণইয়া গৌড় বুলি চিনাক্ত কৰিছে, তথা তেওঁ ৰাস্তাত ঘূৰি-ফুৰা এজন ঘৰ-বাৰী নথকা লোকে বুলি উল্লেখ কৰে। যাদৱে কয়, “তেওঁ এজন অঘৰী লোক, যি ৰাস্তাত ঘূৰি ফুৰে আৰু ফুটপাথত শুই থাকে। পুৱা প্ৰায় ৩ বজাত ভোক লগাত তেওঁ খাদ্য বিচাৰি মণ্ডপত প্ৰৱেশ কৰে আৰু খাবলৈ বস্তু বিচাৰি মণ্ডপটো লণ্ডভণ্ড কৰাৰ লগতে মূৰ্তিটোৰ ক্ষতিসাধন কৰে।” যাদৱে লগতে কয় যে পূজাৰ আয়োজকসকলৰ গাফিলতিৰ বাবেই এই ঘটনাটো সংঘটিত হ’বলৈ পালে, যাৰ বাবে তেওঁলোকৰ ওপৰতো গোচৰ ৰুজু কৰা হৈছে। ২০২৪ চনৰ ১২ অক্টোবৰত আপলোড কৰা অভাৰচিজ নিউজৰ এটা ইউটিউব ভিডিঅ’ত (ইয়াত আৰ্কাইভ কৰা হৈছে) ঘটনাটোত গৌড় জড়িত থকাৰ কথা, তেওঁৰ মানসিক অৱস্থা আৰু ঘটনা সন্দৰ্ভত আয়োজকৰ লগতে গৌড়ৰ বিৰুদ্ধে পৃথকে পৃথকে দুটা গোচৰ ৰুজু কৰাৰ কথা দোহৰা হৈছে। বেগম বজাৰ থানাৰ ষ্টেচন হাউছ অফিচাৰ জি বিজয় কুমাৰে উক্ত ঘটনাটোত কোনোধৰণৰ সাম্প্ৰদায়িক জড়িত থকাৰ কথা নুই কৰি কয়, “আমি মানসিকভাৱে বিকাৰগ্ৰস্থ কৃষ্ণইয়া গৌড় নামৰ এজন হিন্দু লোকক গ্ৰেপ্তাৰ কৰিছো। ইয়াৰ সৈতে কোনো সাম্প্ৰদায়িক দিশ জড়িত নহয়।” আৰক্ষীৰ ভাষ্য আৰু সংবাদ মাধ্যমৰ বাতৰিৰ পৰা এই কথা নিশ্চিত হয় যে কোনো মুছলমান লোকে পুজা মণ্ডপটোত উক্ত কাৰ্য সংঘটিত কৰা নাছিল। সিদ্ধান্ত মানসিক বিকাৰগ্ৰস্থ এজন হিন্দু লোকে খাদ্যৰ সন্ধানত পুজা মণ্ডপত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ লগতে দেৱীৰ মূৰ্তিটো ক্ষতিসাধন কৰে। ছ’চিয়েল মিডিয়াত মিছা সাম্প্ৰদায়িক দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software