About: http://data.cimple.eu/claim-review/69c16e1bbcb542f4801f41ca86df6e57237c05519279076d76d54c66     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: ‘30 জিবি ফ্ৰী ডাটা আজাদী অফাৰ’-ৰ মেছেজ মিছা হয়, ফিশ্বিং লিংক ভাইৰেল হৈ আছে ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলে 30 জিবি ফ্ৰি ডাটা দি আছে বুলি ছ’চিয়েল মিডিয়াত যি মেছেজ আহি আছে সেয়া মিছা হয়। কোম্পানীসমূহে এনেকুৱা কোনো স্কীম দিয়া নাই। মেছেজৰ সৈতে ফিশ্বিং লিংকো ভাইৰেল হৈ আছে। সেইবোৰত ক্লিক কৰিলে ইউজাৰৰ ডাটা চুৰ হৈ যাব পাৰে। - By: Sharad Prakash Asthana - Published: Aug 31, 2022 at 09:10 PM নতুন দিল্লী (বিশ্বাস নিউজ)। 15 আগষ্টৰ পূৰ্বৰপৰা ছ’চিয়েল মিডিয়াত 30 জিবি ফ্ৰি ডেটা অফাৰৰ এটা মেছেজ ভাইৰেল হৈ আছে। ইয়াত লিখা আছে যে ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলে ইউজাৰসকলক 30 জিবি ফ্ৰি ডাটা অফাৰ দি আছে। ইয়াত কোম্পানীসমূহৰ নামৰ সৈতে লিংক দিয়া হৈছে। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলে এনেকুৱা কোনো স্কীম দিয়া নাই। ইয়াৰ লগত ফিশ্বিং লিংক ভাইৰেল হৈ আছে। আগতেও এই ধৰণৰ বহুত মেছেজ ভাইৰেল হৈছিল, সেইবোৰো তদন্ত কৰি চাইছিল বিশ্বাস নিউজে। ভাইৰেল পোষ্টত কী আছে আমি হোৱাটছ এপ-ত মেছেজ পাইছোঁ। য’ত লিখা আছে, ”30 GB Free Data Azaadi Offer To Activate 30 GB Free Internet Azaadi Offer for all Networks click here” তদন্ত ভাইৰেল মেছেজক লৈ তদন্ত কৰাৰ কাৰণে আমি প্ৰথমতে তাত থকা লিংকসমূহক ভালকৈ পঢ়ি চালোঁ। সেইবোৰ চাই আমাৰ সন্দেহ হৈছিল। এয়াৰটেল-ৰ নামত যিটো লিংক দিয়া হৈছিল তাত ক্লিক কৰাৰ পাছত যিটো পেজ খুলিছিল, সেইটোৰ ইউআৰএল হ’ল https://fill2.us/Claim-Now#1660716257213। এইটো এয়াৰটেল-ৰ আনুষ্ঠানিক ৱেবছাইটৰ লিংক নহয়। ইযাৰ তলত লিখা আছিল যে যদি আপুনি 30 জিবি ডেটা বিচাৰে তেন্তে তলত দিয়া বুটামত ক্লিক কৰক। এইটোক বন্ধু আৰু পৰিয়ালৰ সৈতেও শ্বেয়াৰ কৰাৰ কথা কোৱা হৈছে। এয়াৰটেল-ৰ বাহিৰে আন লিংকসমূহতো ক্লিক কৰাৰ পাছত এনেকুৱা দেখাত কেইটামান ইউআৰএল পোৱা গৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল এয়াই যে ইয়াত মেছেজ আৰু তলত দিয়া কমেণ্ট কৰা ইউজাৰসকলৰ নামো একে হয়। জেজ, জ’ন্গ, টেলিনৰ আৰু আন নেটৱৰ্কৰ সৈতে থকা লিংক-ত 14 আগষ্ট অৰ্থাত পাকিস্তানৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা বাৰ্তা দিয়া আছে, কিন্তু এইবোৰতো কমেণ্ট কৰা ইউজাৰসকল একে হয়। এয়াৰটেল, জিঅ’, ভডাফোন আইডিয়া, বিএছএনএল, জেজ, জ’ন্গ আৰু টেলিনৰ-ৰ আনুষ্ঠানিক ৱেবছাইটত এই ধৰণৰ অফাৰৰ কোনো তথ্য নাই। গুগল-ত কী-ৱাৰ্ড দি ছাৰ্চ কৰাৰ পাছতো আমি কোনো বিশ্বাসযোগ্য ৱেবছাইটত এই ধৰণৰ কোনো খবৰ পোৱা নাছিলোঁ। এই বিষয়ত আমি ছাইবাৰ এক্সপাৰ্ট অনুজ আগৰৱালাৰ সৈতে কথা পাতিছিলোঁ। তেওঁ কৈছে, “এইবোৰ আটায়ে ফিশ্বিং লিংক হয়। এইবোৰত ক্লিক কৰিলে ইউজাৰসকলৰ ডাটা চুৰ হৈ যাব পাৰে। এই ধৰণৰ আঁচনিৰ কথা কোম্পানীৰ আনুষ্ঠানিক ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া হেণ্ডলত চেক কৰি চাব লাগে।” নিষ্কৰ্ষঃ ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলে 30 জিবি ফ্ৰি ডাটা দি আছে বুলি ছ’চিয়েল মিডিয়াত যি মেছেজ আহি আছে সেয়া মিছা হয়। কোম্পানীসমূহে এনেকুৱা কোনো স্কীম দিয়া নাই। মেছেজৰ সৈতে ফিশ্বিং লিংকো ভাইৰেল হৈ আছে। সেইবোৰত ক্লিক কৰিলে ইউজাৰৰ ডাটা চুৰ হৈ যাব পাৰে। - Claim Review : ছাৰ্ভিচ প্ৰ’ভাইডাৰসকলে ইউজাৰসকলক 30 জিবি ফ্ৰি ডাটা দি আছে। - Claimed By : Whatsapp User - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software