About: http://data.cimple.eu/claim-review/6a91ea299cd3f277c8d42d4d9c8786158aabd437b93d8dbdf7067ed1     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Fact Check Claim গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিজৰ ভনীয়েকক হেৰুৱাই কান্দিছে এটি সৰু ল’ৰাই Fact এই ভিডিঅ’টি অতি কমেও ৯ বছৰ পুৰণি আৰু এয়া ছিৰিয়াৰ ঘটনা, শেহতীয়াকৈ চলি থকা ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ইজৰাইল-পেলেষ্টাইন সংঘাতৰ পৰিপ্ৰেক্ষিতত অসংখ্য ভুৱা দাবী আৰু পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেনে এটা ভিডিঅ’, য’ত এটি শিশুৱে কান্দি থকা দেখা গৈছে আৰু আৰবী ভাষাত কিছুমান কথা কৈ থকা শুনা গৈছে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ ছাবটাইটেলত ইংৰাজীত লিখা আছে “মোৰ ভনীহঁতৰ মৃত্যু হৈছে!” এক্স আৰু ফেচবুকত এই ভিডিঅ’টো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে আৰু ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণৰ পিছত গাজা ষ্ট্ৰিপৰ ভয়াৱহ পৰিস্থিতিৰ কথা এই ভিডিঅ’টোত প্ৰতিফলিত হৈছে। ইয়াত ক্লিক কৰি পোষ্টটো চাব পাৰিব। | Archive Link এই ভিডিঅ’টো একে দাবীৰে X ৰ ভালেমান ভেৰিফাইড একাউণ্ট ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি সেইবোৰ চাব পাৰিব। কেইবাজনো ফেচবুক ব্যৱহাৰকাৰীয়েও একেধৰণৰ দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছে। পোষ্টটো ইয়াত আৰু ইয়াত চাব পাৰিব। ভাইৰেল ভিডিঅ’টোৰ সত্যতা নিৰ্ণয় কৰিবলৈ আমি প্ৰথমেই য়াণ্ডেক্স ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। এই প্ৰক্ৰিয়াৰ সময়ত আমি কেইবাটাও ইউটিউব লিংক লাভ কৰো, যিবোৰত ভাইৰেল ভিডিঅ’টো সন্নিৱিষ্ট কৰা হৈছে। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰকাশিত আৰবী ভাষাৰ এনে এটা ভিডিঅ’ লিংকত প্ৰকাশ পাইছে যে ভিডিঅ’টো ছিৰিয়াৰ আলেপ্পোৰ এখন জিলা মাছাকেন হানানো চহৰৰ। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছে – هام للإعلام طفل يبكي اخوانه الذين قضو بقصف الطيران المروحي بمدينة مساكن هنانو (অসমীয়াত – ছিৰিয়াৰ আলেপ্পোৰ এখন জিলা মাছাকেন হানানো চহৰত হেলিকপ্টাৰ বোমা বিস্ফোৰণত নিহত হোৱা ভগ্নীৰ বাবে এটা শিশুৱে কান্দিছে।) ২০১৪ চনৰ পৰা কেইবাটাও ইউটিউব চেনেলে এই ভিডিঅ’টো প্ৰকাশ কৰি আহিছে। ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি ভিডিঅ’ সমূহ চাব পাৰিব। এই একেটা ভিডিঅ’ আমি CNN ৰ এক প্ৰতিবেদনত দেখিবলৈ পাওঁ, য’ত শিৰোনাম দিয়া হৈছে – “Children suffer Syrian barrel bomb attacks.” আমি ভিডিঅ’টোত এটা ৱাটাৰমাৰ্ক দেখা পালোঁ, য’ত লিখা আছিল ‘AMC’। আমাৰ অনুসন্ধানৰ ভিত্তিত আমি দেখিলোঁ যে ২০১৩ চনত নাগৰিক সাংবাদিকসকলে গঠন কৰা Aleppo Media Center (AMC) ই ছিৰিয়াৰ সংঘাতৰ পূৰ্বৰ আলেপ্পোৰ বিভিন্ন পৰিঘটনাক সামৰি লয়। উল্লেখযোগ্য যে এই প্ৰতিষ্ঠানটোৱে “The White Helmets” আৰু “The Last Men in Aleppo”ৰ দৰে প্ৰভাৱশালী তথ্যচিত্ৰ নিৰ্মাণ কৰিছে, যিয়ে ছিৰিয়াৰ বিভিন্ন পৰিঘটনা বিহঙ্গম দৃষ্টিভঙ্গীৰে অৰিহণা যোগাইছে। আমাৰ পৰীক্ষা অব্যাহত ৰাখি আমি পুনৰ য়াণ্ডেক্স ইমেজ ছাৰ্ছ কৰিলোঁ, এইবাৰ আমি ভালেমান বাতৰি প্ৰতিবেদন লাভ কৰো, য’ত International Business Times UK ৰ এটা প্ৰতিবেদনো লাভ কৰো, য’ত ভাইৰেল ভিডিঅ’টোৰ এটা ফ্ৰেম সন্নিৱিষ্ট আছিল। কেপচনত লিখা আছিল “১৪ ফেব্ৰুৱাৰী: আলেপ্পোৰ মাছাকেন হানানোত ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ আনুগত্য বাহিনীয়ে বিমান আক্ৰমণৰ পিছত ধ্বংসাৱশেষৰ তলৰ পৰা ৰক্ষা কৰা এটা কেঁচুৱাক কোচত লৈ আছে এগৰাকী লোকে (HOSAM KATAN/REUTERS)” এইবাৰ আমি REUTERS ৱেবছাইটটো পৰীক্ষা কৰিলোঁ আৰু ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমৰ সৈতে মিল থকা এখন ছবি পালোঁ। ইণ্টাৰনেশ্যনেল বিজনেছ টাইমছৰ প্ৰতিবেদনত দেখাৰ দৰেই ফটোখন আপলোড কৰা হৈছে। ফটোখন চাবলৈ ইয়াত ক্লিক কৰক। ২০১৪ চনৰ ১৫ ফেব্ৰুৱাৰীত Voice of America (VOA) ৰ আন এক বিশদ প্ৰতিবেদনতো একে ছবি আছিল। এইদৰে আমাৰ তদন্তত প্ৰকাশ পাইছে যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় আৰু কমেও ৯ বছৰ পুৰণি, আৰু ২০১৪ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে, আৰু শেহতীয়াকৈ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। Our Sources: 1. Youtube post published by aleppomediacenter, dated February 14, 2014 2. Youtube post published by قناة اطفال الحرية, dated October 19, 2014 3. Report published byInternational Business Times UK, dated 30 Dec, 2014 4. Report published by REUTERS, dated February 14, 2014 5. Report published by Voice of America (VOA), dated February 15, 2014 যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software