About: http://data.cimple.eu/claim-review/7557ccd31bae0987367e320a44f6c5a028580e7154ac3093006457e3     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: চন্দন বৰগোহাঁই ছেপ্তেম্বৰ 19 2024 আৰক্ষী আৰু স্থানীয় সাংবাদিকে জনাইছে যে ভিডিঅ’টোত প্ৰকৃততে অসমত এটা মছজিদ সমিতিৰ দুটা গোটৰ মাজত কাজিয়া লগা দেখা গৈছে, ইয়াত কোনো ৰহিংগীয়া জড়িত নাছিল। কি দাবী কৰা হৈছে? ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত ৰহিংগীয়া আৰু ভাৰতীয় মুছলমানৰ মাজত মাৰপিট লগা দেখা গৈছে বুলি দাবী কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাধিক লোকে ৰহিংগীয়া মুছলমানে ভাৰতীয় মুছলমানৰ এটা মছজিদ দখল কৰাৰ পিছতে উক্ত মাৰপিটৰ সূত্ৰপাত ঘটা বুলি দাবী কৰে। অৱশ্য এই দাবীসমূহত ক’ত এই ঘটনা সংঘটিত হৈছিল সেই বিষয়ে কোনো কথা উল্লেখ কৰা নাই। এক্সত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ৰহিংগীয়া আৰু ভাৰতীয় মুছলমান - মাৰপিট। ৰহিংগীয়া মুছলমানে ভাৰতীয় মুছলমানৰ মছজিদ দখল কৰিলে কাৰণ ৰোহিংগাই তেওঁলোকক ধৰ্মান্তৰিত মুছলমান বুলি গণ্য কৰে।" এই পোষ্টটোৱে ১১,৯০০ৰো অধিক ভিউ, ৬৭৫ ৰিপোষ্ট, আৰু ১১০০ লাইক লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত পোৱা যাব। ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট) কিন্তু এইটো আচলতে ধুবুৰী জিলাৰ বিলাসীপাৰাত এটা মছজিদৰ পৰিচালনা সমিতিৰ দুটা ফৈদৰ মাজত লগা মৰপিটৰহে ভিডিঅ’। দাবী কৰা ধৰণে ইয়াত ৰহিংগীয়া আৰু ভাৰতীয় মুছলমানৰ মাজত কোনোধৰণৰ কাজিয়াৰ দৃশ্য দেখা নাযায়। আমি কেনেকৈ গম পালোঁ? ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি এএনআইৰ এটা প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰা হৈছে। প্ৰতিবেদনটোৰ মতে ২০২২ চনৰ ৩০ ডিচেম্বৰত ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বাঙালীপাৰা মছজিদ পৰিচালনা সমিতিৰ ভিতৰত দুটা গোটৰ মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। ধুবুৰীৰ আৰক্ষী অধীক্ষক অপৰ্ণা এনে এএনআইক জনাই যে দুটা পৃথক গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰতিবেদনটোত ৰহিংগীয়া জড়িত থকা কোনো কথা উল্লেখ কৰা নাই আৰু মছজিদ কমিটীৰ দুটা ফৈদৰ মাজত কাজিয়া লাগিছিল বুলি স্পষ্ট কৰি দিয়া হৈছে। অধিক অনুসন্ধানত ধুবুৰীৰ উক্ত ঘটনা সন্দৰ্ভত অতিৰিক্ত বাতৰি লাভ কৰা গ’ল। ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেল সন্নিবিষ্ট কৰা টাইমছ নাওৰ এক ভিডিঅ’ প্ৰতিবেদনত উক্ত মাৰপিটৰ ঘটনাত মছজিদ সমিতিৰ দুটা ফৈদ জড়িত আছিল বুলি উল্লেখ কৰাৰ লগতে হাৰুণ ৰছিদ নামৰ এজন লোক নিহত হৈছিল বুলি সদৰী কৰা হৈছে। লজিকেলী ফেক্টছে বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টি বড়োৰ সৈতে যোগাযোগ কৰে। বড়োৱে নিশ্চিত কৰে যে ভিডিঅ’টোত “মছজিদ পৰিচালনা সমিতিৰ ব্যৱস্থাপনাক লৈ সূত্ৰপাত ঘটা কাজিয়া” দেখা গৈছে আৰু ইয়াৰ সৈতে ৰোহিংগীয়াৰ কোনো ধৰণৰ দিশ জড়িত থকাৰ কথা অস্বীকাৰ কৰে। তেওঁ লগতে কয়, "২০২২ চনত দুটা ফৈদৰ মাজত উক্ত মাৰপিট সন্দৰ্ভত বিলাসীপাৰা থানাত দুটা গোচৰ (গোচৰ নং ৩৯০/২০২২ আৰু গোচৰ নং ৩৯১/২০২২) ৰুজু কৰা হৈছিল।" এই ঘটনাৰ সময়ত তাত উপস্থিত থকা বিলাসীপাৰাৰ স্থানীয় সাংবাদিক আমিনুৰ ইছলামৰ সৈতেও আমি যোগাযোগ কৰোঁ৷ ইছলামে কয়, "শুকুৰবাৰৰ নামাজৰ পিছত মছজিদ সমিতিৰ হিচাপ-নিকাচকলৈ কেইজনমান লোকে প্ৰশ্ন কৰাৰ পিছতে তৰ্কাতৰ্কি আৰম্ভ হয় আৰু পৰিস্থিতিয়ে পিছত হিংসাত্মক ৰূপ লয়।" তেওঁ লগতে কয়, "ইয়াত কোনো ৰোহিংগীয়া মুছলমান জড়িত নাছিল। মছজিদ সমিতিৰ পৰিচালনাক কেন্দ্ৰ কৰিহে মাৰপিট হৈছিল, আৰু জড়িত ব্যক্তিসকল দেশী মুছলমান সম্প্ৰদায়ৰ হয়।" সিদ্ধান্ত অসমৰ বিলাসীপাৰাত মছজিদ সমিতিৰ দুটা ফৈদৰ মাজত হোৱা আভ্যন্তৰীণ কাজিয়াৰ প্ৰায় দুবছৰ পুৰণি এটা ভিডিঅ’ ৰোহিংগীয়া মুছলমান আৰু ভাৰতীয় মুছলমানৰ মাজত মাৰপিটৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। একাধিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি, স্থানীয় সাংবাদিক, আৰু আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে।
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software