About: http://data.cimple.eu/claim-review/7eeb68225c890f7909b5a741a608de989a6f2c97ea7700d5f46ca692     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: পূৰ্ৱপুৰুষৰ সম্পত্তিক লৈ পৰিয়ালৰ মাজত কাজিয়া, ভুৱা সাম্প্ৰদায়িক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে - By: Umam Noor - Published: Jan 30, 2024 at 10:10 AM নতুন দিল্লী (বিশ্বাস নিউজ) সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে য’ত, একাংশ লোক্ে এটা ঘৰৰ মানুহক লাঠিৰে নিৰ্মমভাবে প্ৰহাৰ কৰা দেখা গৈছে। ভিডিঅ’টোত মহিলাসকলকো দেখা পোৱা যাব। এতিয়া একেটা ভিডিঅ’কে সাম্প্ৰতায়িক দাবিৰ সৈতে শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, এয়া মুছলমানে হিন্দু মানুহক তেঁওলোকৰ ঘৰত প্ৰৱেশ কৰি প্ৰহাৰ কৰাৰ ভিডিঅ। বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল হৈ থকা ভিডিঅ’ আলৱাৰৰ থানাগাজি এলেকাৰ হয় য’ত একেটা পৰিয়ালৰ মাজত পূৰ্ৱপুৰুষৰ সম্পত্তি আৰু ঘৰক লৈ কাজিয়া হৈছিল। এই ভিডিঅ’ৰ লগত কৰা সাম্প্ৰদায়িক দাবি ভুৱা হয়। কি আছে ভাইৰাল পোষ্টত? ফেচবুক ব্যৱহাকাৰীয়ে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰি লিখিছে যে, ”ক’ত গ’ল সমাজৰ দায়িত্ববান ব্যক্তিসকল, আলৱাৰ-ত মুছলমানসকলে ঘৰত সোমাই হিন্দুসকলক লাঠিৰে নিৰ্মম প্ৰহাৰ কৰিছে।” পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক। তদন্ত ভাইৰাল ভিডিঅ’ত ‘থানাগাজি’ লিখা আছে, আমাৰ তদন্তৰ আৰম্ভণিত আমি এই কিৱাৰ্ডৰ মাধ্যমে বিছৰা আৰম্ভ কৰিলোঁ। এই প্ৰক্ৰিয়াত আমি সংবাদপত্ৰৰ নিউজ ৱেবচাইটত, এক সপ্তাহ আগত প্ৰকাশিত এখন বাতৰি পালো, য’ত ভাইৰাল ভিডিঅ’ দেখা পোৱা যায়। বাতৰিৰ লগত থকা তথ্য মতে, ”থানাগাজি চুবুৰিৰ ওচৰত খাকস্যৰ ঢানিত, যোৱা বৃহস্পতিবাৰ বিয়লি, পূৰ্ৱপুৰুষৰ সম্পত্তি, ঘৰৰ বিতৰণ আৰু নিজৰ মাজত হিংসাৰ বশৱৰ্তী হৈ একেটা পৰিয়ালৰ দুই পক্ষৰ মাজত হোৱা কাজিয়া সংৰ্ঘষৰ ৰুপ ল’লে। য’ত দুই পক্ষৰ একাধিক মহিলা-পুৰুষ আৰু লৰা ছোৱালি আহত হ’ল। থানাগাজি থানাৰ পুলিছৰ মতে, বহুত বছৰ আগৰ দুই ভাই ৰামস্বৰুপ আৰু সীতাৰামৰ মাজত এজন, সীতাৰামৰ 5 বছৰ আগত মৃত্যু হৈছিল। বৃহস্পতিবাৰ বিয়লি ৰামস্বৰুপ বাগড়া ব্ৰাহ্মনৰ পুত্ৰ ৰোহিতাছ আৰু মৃত সীতাৰামৰ স্ত্ৰী বাদামীৰ পৰিয়ালৰ মাজত পূৰ্ৱপুৰুষৰ মাটি আৰু ঘৰৰ বিতৰণ সন্দৰ্ভত কাজিয়া হৈছিল।” লাইভ হিন্দুস্তানৰ 2024-ৰ 19 জানুৱাৰি তাৰিখৰ সংবাদ মতে, ”ৰাজস্থানৰ আলৱাৰৰ থানাগাজিত পুৰণা বিবাদক কেন্দ্ৰ কৰি কেইবাটাও দুস্কৃতিয়ে এটা পৰিয়ালৰ ওপৰত লাঠিৰে আক্ৰমণ কৰিলে। বহু বছৰ আগত এজন সদস্যৰ অজ্ঞাত কাৰণে মৃত্যু হৈছিল। ইয়াৰ পিছত মাটি সংক্ৰান্ত বিবাদৰ অজুহাতত অইন পক্ষৰ মানুহে পৰিয়ালৰ লগত কাজিয়া আৰম্ভ কৰি দিলে, য’ত এক ডজনতকৈ অধিক মহিলা-পুৰুষ আহত হ’ল আৰু 5 জনৰ অৱস্থা সংকটজনকত হোৱাৰ বাবে তেঁওলোকক জয়পুৰত ৰেফাৰ কৰা হৈছে।” আলৱাৰ পুলিছে এই সন্দৰ্ভত এজন এক্স ব্যৱহাকাৰীক প্ৰতিক্ৰিয়া জনাই কৈছে যে, ”এই ভিডিঅ’খন পুৰণা আৰু দুই পক্ষই একেটা পৰিয়ালৰ (হিন্দু পক্ষ) হয়। দুয়োপক্ষৰ 7 জন ব্যক্তিক ধাৰা 151 CRPC-অন্তৰ্গত গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত যিসকল ব্যক্তিৰ বিৰুদ্ধে দুয়োপক্ষই গোচৰ ৰজু কৰিছিল, সেই মতে 3 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। এইসকল ন্যায়িক জিম্মাত আছে। ভুৱা বাৰ্তা বিয়াপাই নিদিব, অন্যথা বিহীত আইনী ব্যৱস্থা লোৱা হ’ব” ভাইৰাল পোষ্টখন নিশ্চিত কৰাৰ বাবে আমি দৈনিক জাগৰণৰ জয়পুৰৰ সংবাদদাতা নৰেন্দ্ৰ শৰ্মাৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, ভাইৰাল ভিডিঅ’খন আলৱাৰৰ হয় আৰু পৰিয়ালৰ মাজত হোৱা কাজিয়াৰ ঘটনা হয়। হিন্দু মুছলিম এঙ্গেলটো ভুল। ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিঙত আমি গম পালো যে, ব্যৱহাকাৰীজন ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা আৰু তেঁওক 8 হাজাৰতকৈ অধিক মানুহে অনুসৰণ কৰে। সামৰণি: বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিছে যে, ভাইৰাল হৈ থকা ভিডিঅ’ আলৱাৰৰ থানাগাজি এলেকাৰ হয় য’ত একেটা পৰিয়ালৰ মাজত পূৰ্ৱপুৰুষৰ সম্পত্তি আৰু ঘৰক লৈ কাজিয়া হৈছিল। এই ভিডিঅ’ৰ লগত কৰা সাম্প্ৰদায়িক দাবি ভুৱা হয়। - Claim Review : अलवर में मुसलमानों ने हिंदुओं को घरों में घुस कर लाठी डंडों से मारा - Claimed By : FB User: Mahendra Singh - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software