schema:text
| - Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact checks doneFOLLOW US
Fact Check
Claim
“মেহবুবা মুফতিৰ দুগৰাকী কন্যা ক্ৰমে ইলতিজা আৰু ইৰতিকা মুফতি। এগৰাকীয়ে পিছদুৱাৰেদি আইএফএছ হৈ এতিয়া লণ্ডনত কাম কৰি আছে। আনগৰাকী বলীউড অভিনেত্ৰী, তেওঁক ওমকাৰা চলচ্চিত্ৰত দেখা গৈছিল। দুয়োজনেই স্বাভাৱিকভাৱেই ইছলামিকবিৰোধী জীৱন যাপন কৰে, কিন্তু মেহবুবা মুফতীয়ে বিচাৰে যে সকলো কাশ্মীৰী ছোৱালী বোৰ্খাৰ তলত থাকক।”
Fact
মেহবুবা মুফতিৰ কন্যাৰ বিষয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো ভুৱা। দাবীটোত উল্লেখ কৰা অনুসৰি ইৰতিকা মুফতিয়ে ওমকাৰা চলচ্চিত্ৰত অভিনয় কৰা নাছিল। আনগৰাকী কন্যা ইলতিজা মুফতিও আইএফএছ বিষয়া হিচাপে বৰ্তমান লণ্ডনত নাই, বৰঞ্চ ২০১৫ চনৰ পৰাই তেওঁ শ্ৰীনগৰত বাস কৰি আছে। অৱশ্যে তেওঁ উচ্চ শিক্ষাৰ বাবে ইউ.এ.ই.লৈ স্থানান্তৰিত হোৱাৰ যো-জা চলাই আছে।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ পৰিয়ালক কেন্দ্ৰ কৰি এটা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা এক্স পোষ্টটোত দাবী কৰা হৈছে যে মেহবুবা মুফতিৰ জীয়ৰী ইৰতিকা মুফতি এগৰাকী বলীউড অভিনেত্ৰী আছিল, আৰু ওমকাৰা ছবিখনত অভিনয় কৰিছিল। আনহাতে তেওঁৰ আন এগৰাকী কন্যা ইলতিজাই অসৎ উপায়েৰে আইএফএছ বিষয়া হিচাপে চাকৰি পাইছিল আৰু বৰ্তমান লণ্ডনত চাকৰি কৰি আছে।
ইমতিয়াজ মাহমুদে শ্বেয়াৰ কৰা ভাইৰেল পোষ্টটোত ২৪.৯ কে লাইক, ৮৬০২ টা ৰিটুইট আৰু ১.১ মিলিয়নতকৈও অধিক ভিউজ আছে।
এই ভাইৰেল পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰি।
একেটা পোষ্ট এক্স আৰু ফেচবুক দুয়োটাতে আন কেইবাজনো সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে। সেইবোৰ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰি।
পোষ্টটো অতীততো বিভিন্ন সময়ত ভাইৰেল হৈছিল। সেইবোৰ ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰ উপৰি আমাক এই ভাইৰেল পোষ্টটোৰ Fact Check কৰিবলৈ WhatsApp যোগেও অনুৰোধ কৰা হৈছিল –
ভাইৰেল ফটোখনৰ সত্যতা নিৰ্ণয় কৰিবলৈ, আমি প্ৰথমেই গুগল ৰিভাৰ্চ ইমেজ আৰু নিৰ্দ্দিষ্ট কী-ৱৰ্ডেৰে অনুসন্ধান চলাইছিলো। ইয়াতেই আমি Hindustan Times ৰ এটা প্ৰতিবেদন দেখিবলৈ পাও। প্ৰতিবেদনৰ শিৰোনামত উল্লেখ আছে – “No, my daughter did not act in Omkara: Mehbooba Mufti on ‘non-Islamic’ allegation.”
প্ৰতিবেদনটোত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ এটা টুইট আছে, য’ত তেওঁ স্পষ্ট কৰি দিছে যে তেওঁৰ ভায়েক Tassaduq এ ওমকাৰা চলচ্চিত্ৰখনত চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰিছিল। লগতে তেওঁ উল্লেখ কৰিছে যে তেওঁৰ জ্যেষ্ঠ কন্যা ইৰতিকা মুফতীয়ে (ইৰতিকা ইকবাল) ছবিখনত অভিনয় কৰা নাছিল। এই পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।
ইয়াৰ পিছতে আমি, ২০০৬ চনত মুক্তিপ্ৰাপ্ত OMKARA ছবিখনৰ কলাকুশলী আৰু অন্যান্য শিল্পীৰ তথ্য জানিবৰ বাবে IMDb.com পৰীক্ষা কৰো। ইয়াতেই আমি জানিবলৈ পাও যে Tassaduq Hussain সঁচাকৈয়ে ছবিখনৰ চিত্ৰগ্ৰহণকাৰী আছিল। অৱশ্যে, আমি ইৰতিকা মুফতি বা ইৰতিকা ইকবালৰ কোনো উল্লেখ দেখিবলৈ নাপালো।
ইলতিজা মুফতীয়ে অসৎ উপায়েৰে আইএফএছ বিষয়া হিচাপে লণ্ডনৰ ভাৰতীয় কনচুলেটত কাম কৰি থকা বুলি ইমতিয়াজ মেহমুদে কৰা দাবী নাকচ কৰি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে তেওঁৰ সৰু ছোৱালী ইলতিজাই ২০১৫ চনৰ পৰাই শ্ৰীনগৰত আছে।
লণ্ডনত বৈদেশিক সেৱাৰ নিয়োজিত ভাৰতীয় বিষয়াসকলৰ বিষয়ে অধিক জানিবৰ বাবে আমি ভাৰতীয় উচ্চায়ুক্তৰ অফিচিয়েল ৱেবছাইট পৰীক্ষা কৰোতে লাভ কৰা তথ্য অনুসৰি বৰ্তমান তাত ইলতিজা ইকবাল বা ইলতিজা মুফতি নামৰ কোনো ব্যক্তি নিযুক্ত হৈ থকা নাই। অৱশ্যে, আমাৰ অনুসন্ধানৰ সময়ত, আমি অ’ৱেছা ইকবাল (Ovessa Iqbal) ৰ নামটো দেখিবৈলৈ পাও, যিয়ে বৰ্তমান তাত প্ৰথম সচিব (ৰাজনৈতিক আৰু প্ৰত্যৰ্পণ) হিচাপে কাম কৰি আছে। লক্ষণীয়ভাৱে, ভাৰতীয় বৈদেশিক সেৱালৈ মনোনীত হোৱা জম্মু-কাশ্মীৰৰ প্ৰথম গৰাকী মহিলা হৈছে অ’ৱেছা ইকবাল।
আনহাতে, ইলতিজা ইকবাল বা ইলতিজা মুফতিক শেহতীয়াকৈ মেহবুবা মুফতিৰ মিডিয়া উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে। আমি এই বিষয়ে সবিশেষ তথ্য লাভ কৰো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা প্ৰতিবেদনত। প্ৰতিবেদনখন ইয়াত ক্লিক কৰি পঢ়িব পাৰি।
আমি অধিক তথ্য জানিবৰ বাবে ইলতিজা মুফতিৰ এক্স (টুইটাৰ) প্ৰ‘ফাইল পৰীক্ষা কৰিছিলো। ইয়াৰ বিৱৰণত লিখা আছিল – Media Advisor to Ms Mehbooba Mufti (শ্ৰীমতী মেহবুবা মুফতিৰ মিডিয়া উপদেষ্টা)
উল্লেখ্য যে ইলতিজা মুফতীয়ে শেহতীয়াকৈ তেওঁৰ পাছপোৰ্ট সম্পৰ্কীয় বিষয়টোক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে। ইলতিজা মুফতিৰ পাছপোৰ্টৰ ম্যাদ ২ জানুৱাৰী, ২০২২ তাৰিখে উকলি যোৱাৰ পিছত, প্ৰথমে দুবছৰীয়া দেশ-বিশেষ পাছপোৰ্ট লাভ কৰিছিল, কিন্তু পিছত ইউ.এ.ই.-ত শিক্ষাৰ বাবে তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে, ইয়াৰ পিছতে শ্ৰীনগৰ পাছপোৰ্ট কাৰ্যালয়ৰ পৰা তেওঁক নিয়মীয়া পাছপোৰ্ট প্ৰদান কৰা হয়।
ভাইৰেল দাবীটো মিছা। জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ জ্যেষ্ঠ কন্যাই অ’মকাৰাত অভিনয় কৰা নাছিল। আনহাতে, সৰু ছোৱালীয়েও বৰ্তমান লণ্ডনত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হিচাপে কাম কৰা নাই, বৰঞ্চ তেওঁ মাতৃ মেহবুবা মুফতিৰ মিডিয়া উপদেষ্টা হিচাপেহে কাম কৰি আছে। গতিকে, ভাইৰেল পোষ্টটোত কৰা দাবী মিছা।
Our Sources:
1. Report by Hindustan Times, dated August 27, 2023
2. Report by Indian Express, dated 30 August, 2023
3. X post by Mehbooba Mufti, dated dated August 27, 2023
4. X post by Imtiaz Mahmood, dated August 25, 2023
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
|