About: http://data.cimple.eu/claim-review/84af17830f39528c154194bc7206f7bf0825edf2183a853bf0db621e     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Explainer Claim পৰম্পৰাগত আদিবাসী হেয়াৰ অইলৰ ব্যৱহাৰেৰে ১০-১৫ দিনতে চুলি সৰা/টপা হোৱা বন্ধ কৰিব পাৰে Fact চুলি সৰা বিভিন্ন কাৰণত হ’ব পাৰে আৰু তেলৰ ব্যৱহাৰেৰে চুলিৰ সামগ্ৰিক স্বাস্থ্য উপকৃত হ’ব পাৰে যদিও ই পুষ্টিজনিত আৰু জিনীয় কাৰকৰ বাবে চুলি সৰাৰ সমাধান কৰিব নোৱাৰে। চুলি সৰা- মানৱ জাতিৰ অন্যতম প্ৰাচীন দুখ, ইয়াৰ প্ৰতিকাৰৰ প্ৰচুৰতা আছে যদিও পূৰ্ণ নিৰাময়ৰ অভাৱ আজিও নাইকিয়া হোৱা নাই। ইয়াৰ বাবেই চুলিৰ সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতিয়ে এতিয়া দ্ৰুত ধন ঘটাৰ এক সহজ উপায় হৈ পৰিছে, অৱশ্যে এই প্ৰতিশ্ৰুতি কিমান ফলপ্ৰসূ সেয়া গুৰুত্বহীন। আৰু এই বিপণন কৌশলৰ লগত খাপ খুৱাই এতিয়া ব্যৱহাৰকাৰীসকলক ছ’চিয়েল মিডিয়াত ঘন আৰু দীঘল চুলিৰ বাবে এবিধ তেল ব্যৱহাৰ কৰাৰ বিজ্ঞাপনৰ জৰিয়তে লক্ষ্য কৰি লোৱা হৈছে। ‘আদিবাসী হেয়াৰ অইল’ নামৰ এবিধ তেলৰ এটা বিজ্ঞাপনে শেহতীয়াকৈ উদ্ধত দাবী উত্তাপন কৰি কৈছে যে এই তেল লগালে চুলি পাতল হোৱা হ্ৰাস কৰে আৰু চুলি ডাঠ আৰু ঘন কৰে, চুলিৰ গুৰিৰ পৰা সকলোধৰণৰ উফি উলিয়াই আনি চুলিৰ শ্ৰীবৃদ্ধি কৰাত সহায় কৰে, আৰু এই সকলোবোৰ হয় মাত্ৰ দহ দিনত। আন এটা ভিডিঅ’ত ‘বক্তা’জনে আদবয়সীয়া পুৰুষৰ তপা হোৱাৰ কথা আঙুলিয়াই দি কয় পুৰুষৰ এই তপা হোৱা বা এণ্ড্ৰজেনেটিক এলোপেচিয়াৰ ক্ষেত্ৰত কেচা পিঁয়াজ আৰু এইবিধ হেয়াৰ অইল ব্যৱহাৰ কৰি তপা অৱস্থাৰ পূৰ্বৰ অৱস্থা ঘূৰাই আনিব পৰা যায়। ‘অৰিজিনেল’ প্ৰডাক্ট বুলি দাবী কৰা এনে আন এটা বিজ্ঞাপনত ‘আদিবাসী বক্তা’ৰ এটা বেলেগ ছেট আছে, য’ত চুলি সৰা সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু তপা হোৱাৰ পৰা ৰক্ষা কৰাৰ একেধৰণৰ দাবী কৰা হৈছে। কিন্তু চুলি সৰা আৰু চুলিৰ শ্ৰীবৃদ্ধিত হেয়াৰ অইলে কিমান প্ৰভাৱ পেলায়? নিউজচেকাৰে এই সন্দৰ্ভত অধিক তথ্য বিচাৰিবলৈ আৰম্ভ কৰাত কিছুমান আকৰ্ষণীয় তথ্য লাভ কৰিলে। আমি প্ৰথমে বুজিবলৈ চেষ্টা কৰিলোঁ যে পুৰুষ আৰু মহিলাৰ চুলি সৰাৰ কাৰণ কি। চুলি সামান্য পাতল হোৱাৰ পৰা সম্পূৰ্ণ তপা হোৱালৈকে চুলি সৰাৰ বিভিন্ন কাৰণ থাকে আৰু ইয়াৰ মূলতে হৈছে মানসিক চাপ, ঔষধ, কেমোথেৰাপি, হৰম’নৰ পৰিৱৰ্তন, লুপাছ বা থাইৰয়ডৰ দৰে ৰোগ, প্ৰয়োজনীয় উপাদানৰ অভাৱ, বয়সৰ লগত জড়িত কাৰক। কিছুমান ক্ষেত্ৰত ৰোগীৰ চুলিৰ ডাঙৰ ডাঙৰ টুকুৰা বা সম্পূৰ্ণ চুলি সৰাব পাৰে, যাক Alopecia areata আৰু Alopecia Totalis বোলা হয়। ইয়াৰ উপৰিও চুলি সৰাৰ আটাইতকৈ সাধাৰণ ধৰণটো হ’ল পুৰুষৰ আৰ্হিৰ চুলি সৰা আৰু ই পুৰুষৰ জীৱনৰ যিকোনো সময়তে আৰম্ভ হ’ব পাৰে, আনকি কিশোৰ বয়সতো। সেয়া অৱশ্যে নিৰ্ভৰ কৰে। নিউজচেকাৰৰ সৈতে হোৱা কথা-বতৰাত এছ’চিয়েশ্যন অৱ হেয়াৰ ৰিষ্ট’ৰেচন চাৰ্জনছ ইণ্ডিয়াৰ সদস্য ডাঃ পলাশজ্যোতি মজুমদাৰে গুৰুত্ব আৰোপ কৰি কয় যে চুলি সৰা সাময়িক আৰু স্থায়ী দুয়োটা হ’ব পাৰে। অপৰ্যাপ্ত পুষ্টি, পৰিৱেশৰ পৰিৱৰ্তন, শাৰীৰিক ওজনৰ কম-বেছ, জ্বৰ, থাইৰয়ডৰ সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা আদি বিভিন্ন কাৰকে সাময়িকভাৱে চুলি সৰাৰ ক্ষেত্ৰত অৰিহনা যোগায়। ইয়াৰ ভিতৰত স্কেৰিং এলোপেচিয়া (য’ত সংক্ৰমণ বা ৰাসায়নিক পোৰা বা অটোইম্যুন ৰোগৰ বাবে চুলিৰ গুৰিৰ ক্ষতি হয়) আৰু এণ্ড্ৰজেনেটিক এলোপেচিয়া (জিনীয় প্ৰৱণতাৰ বাবে চুলি সৰা) স্থায়ী। কিন্তু উপযুক্ত যত্ন অবিহনে সাময়িকভাৱে চুলি সৰাৰ সমস্যাইয়ো অধিক স্থায়ী ৰূপ ল’ব পাৰে। প্ৰদূষণ, খাদ্যৰ সমস্যা, চলি থকা হৰম’নৰ সমস্যা, থাইৰয়ডৰ সমস্যা, বা ৰক্তহীনতা আদি কাৰকে স্থায়ীভাৱে চুলি সৰাত অৰিহণা যোগাব পাৰে। ইয়াত অন্তৰ্নিহিত সমস্যাসমূহৰ সমাধান আৰু চুলিৰ যত্নৰ সঠিক পদ্ধতি বজাই ৰখাৰ গুৰুত্বৰ কথা কোৱা হৈছে। ইয়াৰ উত্তৰ মূৰৰ ছালৰ যত্ন আৰু জেনেটিক্সৰ দৰে কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাময়িকভাৱে চুলি সৰা, যেনে পুষ্টি আৰু পৰিৱেশৰ সৈতে জড়িত চুলি সৰাৰ সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পাৰি যদিও জিনীয় প্ৰভাৱে ইয়াত সীমাবদ্ধতা সৃষ্টি কৰিব পাৰে। কিন্তু পুৰুষৰ তপা হোৱাৰ দৰে স্থায়ী চুলি সৰাৰ ক্ষেত্ৰতো নতুন গৱেষণাৰ পৰা দেখা গৈছে যে সঠিক সময়ত সঠিক পদক্ষেপ ল’লে এই সমস্যাক প্ৰতিৰোধ কৰি ইয়াৰ প্ৰভাৱ ধীৰ কৰিব পাৰি। ফলপ্ৰসূভাৱে মূৰৰ ছালৰ যত্নক অগ্ৰাধিকাৰ দিয়া, সুষম খাদ্যভ্যাস অটুট ৰখা, আৰু স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধানে চুলিৰ স্বাস্থ্যক প্ৰসাৰিত কৰিব পাৰে, যিয়ে চুলিৰ যত্নৰ ক্ষেত্ৰত সামগ্ৰিক পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। চুলিত নিয়মিতভাৱে তেল দিয়াটো এক উৎকৃষ্ট পদ্ধতি বুলি কোৱা হৈছে যিয়ে একাধিক সুবিধা প্ৰদান কৰে। যেনে চুলি ছিগি যোৱা আৰু ফাটি যোৱা আদি সমস্যা নাৰিকল তেলৰ দৰে তেলত থকা এন্টিঅক্সিডেন্ট আৰু প্ৰটিনৰ জৰিয়তে ৰোধ কৰিব পাৰি। তদুপৰিচুলিৰ শ্ৰীবৃদ্ধি আৰু ঘন কৰা, মূৰৰ ছালখনক পুষ্টি আৰু আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে এৰোমাথেৰাপিৰ দ্বাৰা মানসিক চাপ হ্ৰাস কৰা, আৰু উফি আৰু খজুৱতি এন্টি-ইনফ্লেমেটৰী গুণৰ বাবেও তেল উপকাৰী। ইয়াৰ উপৰিও হেয়াৰ অইলে চুলিত আৱৰণ দি আৰু আৰ্দ্ৰতা প্ৰদান কৰি চুলিৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে, যিয়ে সামগ্ৰিকভাৱে চুলিৰ স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষতিৰ পৰা সুৰক্ষাত অৰিহণা যোগায়। কিন্তু এইটোও মন কৰিবলগীয়া যে পুষ্টিৰ অভাৱৰ বাবে আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে ৰোগীয়ে চুলি সৰাৰ সমস্যাত ভুগি থকা ক্ষেত্ৰত চুলিত তেল লগালে বিশেষ উন্নতি নহ’ব বুলিও ডাঃ মজুমদাৰে সোঁৱৰাই দিয়ে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনত তালিকাভুক্ত কৰা Hair Oils: Indigenous Knowledge Revisited শীৰ্ষক এক অধ্যয়নত দেখা গৈছে যে নাৰিকল তেল, কেষ্টৰ অইল, মেথি তেল আৰু তিল তেলকে ধৰি পৰম্পৰাগত হেয়াৰ অইলে চুলিৰ শ্ৰীবৃদ্ধি প্ৰদান কৰি আহিছে, পিছে এই কাৰণটোকেই গইনা হিচাপে লৈ “এইবোৰৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰি, ছ’চিয়েল মিডিয়াৰ চৰ্চাৰে অতিৰঞ্জিত কৰি পেলোৱা হৈছে, ছালৰ বিশেষজ্ঞসকলে ট্ৰাইক’লজীত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ আৰু ভূমিকা সম্পৰ্কে সচেতন হোৱাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে।” অৱশ্যে, চুলিৰ স্বাস্থ্যৰ বাবে বনৌষধি তেলৰ পক্ষত থকা গৱেষণাই স্পষ্ট কৰা নাই যে চুলিৰ গুণাগুণৰ উন্নতি সাময়িকভাৱে চুলি সৰা ক্ষেত্ৰত দেখা গৈছিল নে স্থায়ী চুলি সৰা ক্ষেত্ৰত দেখা গৈছিল। আৰু সকলো গৱেষণাও আশাব্যঞ্জক নহয়। “Castor Oil” – The Culprit of Acute Hair Felting শীৰ্ষক এখন গৱেষণা পত্ৰত প্ৰকাশ পাইছে যে চুলিৰ উন্নতিৰ বাবে বহুলভাৱে প্ৰচাৰিত কেষ্টৰ অইল ব্যৱহাৰ কৰিলে ৰোগীৰ চুলিৰ গুৰুতৰ ক্ষতি হয়। তদুপৰি ফলাফল দেখুৱাবলৈ চুলিৰ তেল প্ৰয়োগৰ সময়সীমাৰ কোনো অতিৰিক্ত তথ্য নাই। “চুলি সৰাৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াব লাগিব আৰু তাৰ পিছতহে সেই অনুসৰি চিকিৎসাৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পৰা যাব। চুলিৰ সমস্যা বিচাৰ নকৰাকৈ কেৱল তেল ব্যৱহাৰ কৰিলেই চুলিৰ সমস্যা দূৰ কৰিব নোৱাৰি। যদি জেনেটিক কাৰণত চুলিৰ সমস্যা হয়, তেন্তে বাহ্যিকভাৱে তেল লগালে কেনেকৈ নিৰাময় হ’ব?” ডাঃ পলাশজ্যোতি মজুমদাৰে কয়। “বনৌষধি তেল ব্যৱহাৰ কৰি ইমান কম সময়ৰ ভিতৰতে চুলিৰ সমস্যা দূৰ কৰাটো সম্ভৱপৰ নহয়। বাতৰি কাকতৰ বিজ্ঞাপনত আৰু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে দাবী কৰা এনে প্ৰতিশ্ৰুতিত বিশ্বাস কৰা উচিত নহয়। কিছুমান মানুহে সেই বিজ্ঞাপনবোৰ বিশ্বাস কৰে আৰু তেওঁলোকেও তেলবোৰ ব্যৱহাৰ কৰে। এইবোৰ ভোল যাব নালাগে।’-তেওঁ লগতে কয়। ইফালে এছ’চিয়েশ্যন অৱ হেয়াৰ ৰিষ্ট’ৰেচন চাৰ্জনৰ সম্পাদক ডাঃ সুখবীৰ সিঙে কয়, “৫ দিনৰ ভিতৰত চুলি সৰা বন্ধ কৰাটো সম্ভৱ নহয়। এনেকুৱা হ’লে যাদুকৰী হ’ব৷ ইমান সহজ হ’লে কোনেও চুলি সংৰোপণ আৰু অন্যান্য পদ্ধতিৰ বাবে নাযাব।’ তেওঁ লগতে কয়, “সাধাৰণতে এলোপেথিক ঔষধ মুকলি কৰাৰ আগতে এইবোৰ ধাৰাবাহিকভাৱে ক্লিনিকেল ট্ৰায়েলৰ মাজেৰে পাৰ হয়, আৰু ভেকচিনসমূহে একেটা ট্ৰায়েল প্ৰট’কল অনুসৰণ কৰে। কিন্তু এই আয়ুৰ্বেদ সামগ্ৰীসমূহৰ কোনো ক্লিনিকেল ট্ৰায়েল হোৱা নাই। এই তেলবোৰৰ কাৰ্যক্ষমতা প্ৰমাণ কৰা কোনো অধ্যয়ন/গৱেষণা এতিয়াও পঢ়িব পৰা নাই। যদি কোনো ৰোগীয়ে মোক কোনো ঔষধৰ কাৰ্যক্ষমতাৰ বিষয়ে কয়, তেন্তে মই কেৱল ক্লিনিকেল ট্ৰায়েলৰ ফলাফল সুধিম।” চুলি সৰাৰ ক্ষেত্ৰত মানসিক চাপ, পুষ্টি আৰু জিনীয় কাৰকৰ দ্বাৰা প্ৰভাৱিত বিভিন্ন কাৰক থাকিব পাৰে যদিও যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰ্যাপ্ত চিকিৎসা মূল্যায়ন কৰাটো অতি প্ৰয়োজনীয়। চুলিৰ তেলে সামগ্ৰিকভাৱে চুলিৰ স্বাস্থ্যক সহায় কৰিব পাৰে যদিও পুষ্টি বা জিনীয় কাৰকৰ বাবে চুলি সৰা বা স্থায়ী চুলি সৰা লোকৰ ক্ষেত্ৰত ই কোনো পাৰ্থক্য আনিব নোৱাৰে। কাৰণ যিয়েই নহওক কিয়, ৫, ১০ বা ১৫ দিনৰ ভিতৰতে চুলি সৰা বন্ধ কৰিব নোৱাৰে বা পূৰ্বৰ অৱস্থালৈ ওভতাই নিব নোৱাৰি আৰু তেনেকৈ কৰা প্ৰচাৰ বিভ্ৰান্তিকৰ। Our Sources: 1. Report by Harvard Medical School, dated January 13, 2022 2. Telephonic interview with Dr. Sukhbir Singh, Secretary, of the Association of Hair Restoration Surgeons 3. Telephonic interview with Dr. Palashjyoti Majumder, Member, Association of Hair Restoration Surgeons India 4. Article by Healthline. 5. Report by National Library of Medicine, dated May 24, 2022 6. Report by National Library of Medicine, July 2017 (Reporting inputs by Rangman Das and Saurabh Pandey) যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software