About: http://data.cimple.eu/claim-review/86a4f107c83b614193715f80d59ae4e2a2e4df7681823f86c595f8c9     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: ৰজনী কে জি ছেপ্তেম্বৰ 17 2024 সীতাৰাম য়েচুৰী খ্ৰীষ্টান নাছিল, তেওঁ নিজকে নাস্তিক বুলিহে কৈছিল। মৃত্যুৰ পিছত অন্তিম শ্ৰদ্ধা জনাবলৈ অহা লোকৰ বাবে তেওঁৰ শৰীৰটো এটা কফিনত ৰখা হৈছিল। কি দাবী কৰা হৈছে? দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ প্ৰয়াত নেতা সীতাৰাম য়েচুৰীৰ কফিনৰ চাৰিওফালে মানুহৰ সমাগমৰ এখন ফটো ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে, আৰু একাধিক লোকে তেওঁ এজন খ্ৰীষ্টান আছিল বুলি দাবী কৰিছে। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এইবুলিও অভিযোগ কৰিছে যে য়েচুৰীয়ে নিজৰ ধৰ্মীয় পৰিচয় লুকুৱাই ৰাখিছিল। চিপিআই (এম)ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা য়েচুৰীয়ে ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত দিল্লীৰ এইমছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ২০২৪ চনৰ ১৯ আগষ্টৰ পৰা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত তেওঁ চিকিৎসা গ্ৰহণ কৰি আছিল। ভুল তথ্য বিয়পোৱাৰ বাবে পৰিচিত ঋষি বাগ্ৰী নামৰ এজন ব্যৱহাৰকাৰীয়ে এক্সত ছবিখন শ্বেয়াৰ কৰি লিখিছে, “তেন্তে সীতাৰাম য়েচুৰী এজন খ্ৰীষ্টান আছিল, হিন্দু ধৰ্মক তেওঁ কিয় ঘৃণা কৰিছিল তাত আচৰিত হ’বলগীয়া একো নাই। পিছে তেওঁলোকে নিজৰ সক্ৰিয় ৰাজনৈতিক জীৱনত নিজৰ ধৰ্মীয় পৰিচয় কিয় লুকুৱাই ৰাখে ??? (sic)” এই পোষ্টটোৱে ১২ হাজাৰ লাইক আৰু ৩৯০০ ৰিটুইট লাভ কৰিছে। একে ধৰণৰ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ। অসমীয়াতো একেধৰণৰ দাবীৰে ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা হৈছে, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ চাব পাৰিব। ভাইৰেল ফটোখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) অৱশ্যে এই দাবীটো মিছা। য়েচুৰীয়ে নিজকে এজন নাস্তিক বুলি পৰিচয় দিছিল আৰু মানুহে যাতে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জনাব পাৰে তাৰ বাবেহে তেওঁৰ মৃতদেহটো এটা কফিনত ৰখা হৈছিল। প্ৰকৃত তথ্য ৰিভাৰ্ছ ইমেজ চাৰ্চৰ দ্বাৰা নিশ্চিত হোৱা গৈছে যে ফটোখন য়েচুৰীৰ মৃতদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জেএনইউত ৰখাৰ সময়ত তোলা হৈছিল। জে এন ইউ ছাত্ৰ সন্থাৰ ( জে এন ইউ এছ ইউ ) অফিচিয়েল একাউণ্টত ২০২৪ চনৰ ১৪ ছেপ্টেম্বৰত মূল ছবিখন শ্বেয়াৰ কৰা হৈছিল (ইয়াত আৰ্কাইভ কৰা হৈছে ), য'ত লিখা আছিল: "জেএনইউয়ে প্ৰিয় সতীৰ্থ সীতাৰাম য়েচুৰীক শ্ৰদ্ধাঞ্জলি জনায়। জেএনইউয়ে এখন ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু ন্যায়সংগত সমাজৰ বাবে তেওঁ কৰা সংগ্ৰামক আগুৱাই নিব।" ১৯৭৫ চনত জেএনইউত অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি য়েচুৰীয়ে চিপিআই(এম)ৰ ছাত্ৰ শাখা ভাৰতীয় ছাত্ৰ ফেডাৰেচন (এছএফআই)ৰ জৰিয়তে ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। একেতা বছৰতে তেওঁ আনুষ্ঠানিকভাৱে চিপিআই(এম)ত যোগদান কৰে। য়েচুৰীৰ মৃতদেহটো কিয় এটা কফিনত ৰখা হৈছিল? য়েচুৰীৰ ইচ্ছা অনুসৰি তেওঁৰ পৰিয়ালে তেওঁৰ শৰীৰটো চিকিৎসা গৱেষণাৰ বাবে এইমছক দান কৰে। ইয়াৰ পূৰ্বে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ১৩ ছেপ্টেম্বৰত তেওঁৰ শৱটো জেএনইউলৈ লৈ যোৱা হৈছিল, আৰু তাৰ পিছত ১৪ ছেপ্টেম্বৰত চিপিআই(এম)ৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। দ্য হিন্দুত প্ৰকাশিত বাতৰি অনুসৰি তেওঁৰ শৱটো সংৰক্ষণ কৰি ৰখা হৈছিল। চিকিৎসা গৱেষণা বা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে বিশিষ্ট ব্যক্তিসকলৰ শৱ সাধাৰণতে সংৰক্ষণ কৰা হয়। এইমছৰ ডা০ ৰীমা দাদাই এএনআই (ইয়াত আৰ্কাইভ কৰা হৈছে)ক জনায় যে গৱেষণা আৰু পাঠদানৰ বাবে য়েচুৰীৰ শৰীৰটো তৰল পদাৰ্থৰে সংৰক্ষণ কৰা হৈছে, যাৰ দ্বাৰা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ অস্ত্ৰোপচাৰৰ পূৰ্বে অনুশীলন কৰিব পাৰিব। ৰাজহুৱাভা শ্ৰদ্ধাঞ্জলি আৰু গৱেষণাৰ পিছত ‘নিগম বোধ ঘাটত’ তেওঁ শৱটো সম্পূৰ্ণ ৰীতি-নীতিৰে দাহ কৰা হয় বুলিও তেওঁ লগতে কয়। য়েচুৰীৰ ধৰ্মীয় পৰিচয় ১৯৫২ চনৰ ১২ আগষ্টত তামিলনাডুৰ মাদ্ৰাজ (বৰ্তমান চেন্নাই)ত এটা তেলেগু ব্ৰাহ্মণ পৰিয়ালত য়েচুৰীৰ জন্ম হৈছিল। ২০১৭ চনত ৰাজ্যসভাত দিয়া বিদায়ী ভাষণত, যিটো সংসদ টিভিৰ ইউটিউব চেনেলত উপলব্ধ (ইয়াত আৰ্কাইভ কৰা হৈছে), য়েচুৰীয়ে তেওঁৰ পৰিয়ালৰ বৰ্ণাঢ্য ঐতিহ্যৰ কথা উল্লেখ কৰিছিল। তেওঁ কৈছিল যে তেওঁ মাদ্ৰাজ জেনেৰেল হস্পিতালত (বৰ্তমান চেন্নাই) এটা তেলেগু ভাষী ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ লগতে উল্লেখ কৰে যে হায়দৰাবাদত তেওঁৰ শিক্ষা সাংস্কৃতিকভাৱে ইছলামিক পৰিৱেশত হৈছিল, য’ত নিজামৰ শাসনৰ প্ৰভাৱ আছিল। য়েচুৰীয়ে লগতে কয় যে তেওঁৰ পত্নীৰ পিতৃ এজন চিষ্টি ফৈদৰ চুফী আছিল, আনহাতে তেওঁৰ মাতৃ মহীশূৰৰ ৰাজপুত আছিল। তাৰ পিছত তেওঁ পুত্ৰৰ পৰিচয় সম্পৰ্কে "তেওঁ এজন ব্ৰাহ্মণ, মুছলমান নে হিন্দু?" বুলি প্ৰশ্ন কৰি কয় যে তেওঁৰ পুত্ৰৰ সৈতে সঁচাকৈয়ে খাপ খোৱা একমাত্ৰ পৰিচয়টো হ'ল "ভাৰতীয়"। একেটা বছৰতে য়েচুৰীয়ে তেওঁৰ অফিচিয়েল এক্স একাউণ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) নিজকে এজন নাস্তিক বুলি উল্লেখ কৰি পোষ্ট দিছিল। ২০১৬ চনৰ টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদনতো তেওঁক কমিউনিষ্ট নেতা আৰু “নাস্তিক” বুলি সিদ্ধান্ত এটা কফিনৰ ভিতৰত ৰখা সীতাৰাম য়েচুৰীৰ মৃতদেহৰ ফটো শ্বেয়াৰ কৰি তেওঁক এজন খ্ৰীষ্টান বুলি দাবী কৰি মিছা দাবী প্ৰচাৰ কৰা হৈছে। য়েচুৰী এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ এজন নাস্তিক আছিল। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software