About: http://data.cimple.eu/claim-review/8c47c29097ef976c1fcbd514c0aac32ef1aaba87bcfb6bc0b35b6248     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • ফেক্ট চেক: এইটো কোনো সঁচা ঘটনা নহয়, মানুহে মিছা দাবীৰ সৈতে স্ক্ৰিপ্টেড ভিডিঅ’ শ্বেয়াৰ কৰি আছে বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পালে যে উল্লিখিত দাবীটো মিছা হয়। আচলতে এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ হয়। মনোৰঞ্জন আৰু সজাগতা প্ৰসাৰৰ বাবে ভিডিঅ’টো বনোৱা হৈছে। - By: Pallavi Mishra - Published: Apr 25, 2022 at 05:12 PM - Updated: Apr 25, 2022 at 05:52 PM নিউ দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত 2 মিনিট 52 ছেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’টোত দেখা পোৱা গৈ আছে যে, ৰাস্তাত এজনী ছোৱালীৰ গাড়ী নষ্ট হৈ যোৱাৰ ফলত তাই বহুত সমস্যাত পৰিছে, আৰু ল’ৰা এজনে তাইক দিগদাৰী দি আছে। ভিডিঅ’ত এয়াও দেখা পোৱা গৈছে যে, আৰ্মিৰ পোছাক পিন্ধা এজন মানুহে বাইক চলাই আহি সেই ছোৱালী জনীক ৰক্ষা কৰিছে। মানুহে এইটো ভিডিঅ’ শ্বেয়াৰ কৰি কৈ আছে যে, এইটো এটা সঁচা ঘটনা, চিচিটিভি ক্যামেৰাৰপৰা এই দৃশ্য পোৱা গৈছে। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে, এইটো মিছা কথা হয়। আচলতে এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ হয়। মনোৰঞ্জনৰ লগতে সজাগতা প্ৰসাৰৰ উদ্দেশ্যত ভিডিঅ’টো বনোৱা হৈছে। কী ভাইৰেল হৈ আছে ‘ইমপ্ৰেছ’ নামৰ ফেচবুক পেজত এই ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, আৰু লগতে ইয়াৰ ডেছক্ৰিপশ্বনত লিখা হৈছে, ‘সেনাক সন্মান কৰিব লাগে’ (Respect Army)। মানুহে এইটোক এটা সঁচা ঘটনা বুলি ভাবি নিজৰ-নিজৰ কমেণ্টত প্ৰশংসা সূচক বহুত কথা কৈ আছে। এই ভাইৰেল পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাবলৈ পাব। তদন্ত বিশ্বাস নিউজে এই ভাইৰেল ভিডিঅ’টোক ভালকৈ বিশ্লেষণ কৰি চাইছে। ভিডিঅ’টোৰ তলত লিখা আছে, ‘থাৰ্ড আই-ৰ কপিৰাইট’ আমি ‘3RD EYE’ কী-ৱাৰ্ড ব্যৱহাৰ কৰি এই ভাইৰেল ভিডিঅ’ক Google ৰিভাৰ্ছ ইমেজ টুলত আপল’ড কৰিছিলোঁ। তেতিয়া আমি দেখা পালোঁ, এই ভিডিঅ’টো 16 ফেব্ৰুৱাৰী, 2022-ত থাৰ্ড আই নামৰ এটা চেনেলৰ ফালৰপৰা অধিক দীঘলীয়া ভাৱে YouTube-ত আপল’ড কৰা হৈছিল। ভিডিঅ’টো ডেছক্ৰিপশ্বনত লিখা আছে, “আৰ্মিৰ মানুহক চেলাম। অকলশৰীয়া এজনী ছোৱালীক ৰক্ষা কৰিলে আৰ্মিৰ মানুহে। থাৰ্ড আই-ৰ দ্বাৰা সমাজ সজাগতা সম্বন্ধীয় এটা ভিডিঅ’।” (SALUTE TO THIS ARMY PERSON | Alone Girl Saved by Army Man | Social Awareness Video By 3rd Eye.) ভিডিঅ’ৰ শেষত এটা ঘোষণাও দিয়া আছে। তাত উল্লেখ কৰা হৈছে যে, “শিক্ষা আৰু মনোৰঞ্জনৰ উদ্দেশ্যত” এই ভিডিঅ’টো বনোৱা হৈছে। আমি থাৰ্ড আই-ৰ YouTube পেজৰ এবাউট আছ (About Us) শিতানত ইমেইল আইডি এটা পাইছোঁ। আমি সেই আইডি-ত মেইল এটা পঠোৱাৰ পাছত সেই আইডি-ৰপৰা মেইল কৰি আমাক জনোৱা হ’ল, “এই ভিডিঅ’টো কেৱল শিক্ষা আৰু মনোৰঞ্জনৰ উদ্দেশ্যত বনোৱা হৈছে। সেইটো কথা ভিডিঅ’ৰ একেবাৰে শেষত ঘোষণা অংশত আৰু লগতে ইয়াৰ ডেছক্ৰিপশ্বনতো উল্লেখ কৰা হৈছে। এই পেজত মিছা দাবীৰ সৈতে কোনো ভিডিঅ’ শ্বেয়াৰ কৰাটো মোৰ উদ্দেশ্য নহয়।” অৱশেষত আমি সেই পেজখন বিচাৰি পালোঁ, য’ৰপৰা মানুহক বিভ্ৰান্ত কৰিব পৰা পোষ্টটো শ্বেয়াৰ কৰা হৈছিল। সেই ফেচবুক পেজ 711 জনে অনুসৰণ কৰি থাকে। নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পালে যে উল্লিখিত দাবীটো মিছা হয়। আচলতে এইটো এটা স্ক্ৰিপ্টেড ভিডিঅ’ হয়। মনোৰঞ্জন আৰু সজাগতা প্ৰসাৰৰ বাবে ভিডিঅ’টো বনোৱা হৈছে। - Claim Review : ৰেছপেক্ট আৰ্মি - Claimed By : ইমপ্ৰেছ - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software