About: http://data.cimple.eu/claim-review/9534d0c59b22d5a5b9232cab2546bd11e8820be898b5251e8b1e4b30     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check Contact Us: checkthis@newschecker.in Fact checks doneFOLLOW US Fact Check Claim ইছৰ’ৰ আদিত্য এল-১ দ্বাৰা তোলা সূৰ্য্যৰ সকলোতকৈ কাষৰ ছবি। Fact ভাইৰেল ফটোবোৰৰ একাংশ এগৰাকীৰ শিল্পীৰ সৃষ্টি আৰু একাংশ পূর্বেই একাধিক এষ্ট্রোফটোগ্রাফাৰে সংগ্ৰহ কৰা ফটো। এইবোৰ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১এ লোৱা শেহতীয়া ফটো নহয়। চন্দ্ৰযান ২ ৰ সফল অৱতৰণৰ পিছতে ভাৰতৰ ইছৰোই সূৰ্য্যৰ গৱেষণাৰ বাবে প্ৰেৰণ কৰা আদিত্য এল-১ যানে সূৰ্য্যৰ কিছুমান ফটো প্ৰেৰণ কৰিছে বুলি এটা পোষ্ট ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে এইবোৰ ইছৰ’ৰ আদিত্য এল-১ দ্বাৰা তোলা সূৰ্য্যৰ সকলোতকৈ কাষৰ ছবি। পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব। আমি অনুসন্ধান আৰম্ভ কৰি পোনপ্ৰথমেই ISRO ৰ ছ’চিয়েল মিডিয়া পেজ পৰীক্ষা কৰিলো যদিও ভাইৰেল পোষ্টত দেখাৰ দৰে কোনোধৰণৰ ফটো আমি লাভ নকৰিলো। ইয়াৰ পিছতে আমি এই ফটোবোৰ গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ইয়াতেই আমি নিম্নোক্ত ফটোখন সন্নিৱিষ্ট থকা ভালেমান বাতৰি প্ৰতিবেদন লাভ কৰিলো। The Print এ ১০ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে প্ৰকাশ কৰা এটা প্ৰতিবেদনত এই ফটোখন প্ৰকাশ কৰি কেপশ্যনত লিখিছে An artist’s impression of ESA’s Solar Orbiter. | Photo: ESA/ATG medialab। একেই ফটোৰে ২৮ জানুৱাৰী, ২০২০ তাৰিখে The Indian Express এ প্ৰকাশ কৰা এটা প্ৰতিবেদনতো একেই কেপশ্যনেৰে এই ফটোখন প্ৰকাশ কৰা হৈছে। ই প্ৰমাণ কৰে যে এই ছবিখন শেহতীয়াকৈ আদিত্য এল১ এ প্ৰেৰণ কৰা ছবি নহয়। ইয়াৰ পাছত আমি ভাইৰেল পোষ্টত থকা দ্বিতীয়খন ফটোৰ সত্যতা বিচাৰ কৰিবলৈ আৰম্ভ কৰো। আমি Astronomy ৱেবছাইটত এই ফটোখন দেখিবলৈ পাও। ফটোখন ২০০৩ চনতে প্ৰকাশ হোৱা কথা ৱেবছাইটত উল্লেখ আছে। গতিকে এই ফটো আদিত্য এল ১ এ প্ৰেৰণ কৰাটো অবান্তৰ। এইবাৰ আমি ফটোবোৰ সত্যতা নিশ্চিত কৰিবলৈ ইছৰোৰ ৱেবছাইট পৰীক্ষা কৰো। ইয়াত আমি ইছৰোই ২০২৩ৰ ৮ ডিচেম্বৰত আদিত্য এল ১ এ সংগ্ৰহ কৰা সূৰ্যৰ ফটো সন্দৰ্ভত উল্লেখ কৰা কিছু তথ্য লাভ কৰিলোঁ। ইছৰোই প্ৰকশ কৰা ছবিৰ সৈতে ভাইৰেল ফটোৰ কোনো সংগতি আমি বিচাৰি নাপালো। আনহাতে ফটোবোৰ ইণ্টাৰনেটত আদিত্য এল১ প্ৰেৰণ কৰাৰ পূৰ্বৰে পৰা উপলব্ধ হোৱা দিশটোৱে ইয়াৰ সত্যনিষ্ঠতাক নস্যাৎ কৰে। আমাৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি ভাইৰেল পোষ্টটোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোবোৰৰ প্ৰথমখন শিল্পীৰ সৃষ্টি, আনফালে বাকীবোৰ ফটো ইতিপূৰ্বেই একাধিক এষ্ট্ৰোফটোগ্ৰাফাৰে সংগ্ৰহ কৰা ফটো। ফটোবোৰ ইছৰোই প্ৰেৰণ কৰা আদিত্য এল ১ এ লোৱা শেহতীয়া ফটো নহয়। Our Sources: 1. Report published by The Print, dated Feb 10, 2020. 2. Report published by The Indian Express, dated Feb 10, 2020. 3. Article published by Astronomy, dated July, 2003 যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 5 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software