About: http://data.cimple.eu/claim-review/9bdd36e454c0bd124e527741618313f5eb149e46223ca6b02d944b5d     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • লেখক: এনেট প্ৰীতি ফুৰ্টাডো অক্টোবৰ 29 2024 উত্তৰাখণ্ডত হিন্দু গোটে উলিওৱা এক প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি লগা এটা ভিডিঅ’ মিছা সাম্প্ৰদায়িক দাবীৰে প্ৰচাৰ কৰা হৈছে। কি দাবী কৰা হৈছে? ছ’চিয়েল মিডিয়াত একাধিক লোকে এটা ১৯ ছেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত আৰক্ষীকে ধৰি সাধাৰণ লোকৰ এটা ডাঙৰ ভিৰ দেখিবলৈ পোৱা যায়। ভিডিঅ’টোৰ বেকগ্ৰাউণ্ডত কোনোবাই ‘মুছলমানে আৰক্ষীকে ধৰি সাধাৰণ মানুহৰ ওপৰত পাথৰ মাৰিছে’ বুলি কোৱা শুনা যায়। ভিডিঅ'টো শ্বেয়াৰ কৰি ইয়াত উত্তৰাখণ্ডত অলপতে সংঘটিত এটা ঘটনা দেখুওৱা হৈছে বুলি দাবী কৰা হৈছে। এক্সত ভিডিঅ’টো হিন্দী কেপচনৰ সৈতে শ্বেয়াৰ কৰি ইয়াত উত্তৰকাশীৰ দৰে এক পবিত্ৰ স্থানত মুছলমানে হিন্দুৰ ওপৰত শিলগুটি নিক্ষেপ কৰা দেখা গৈছে বুলি দাবী কৰা হৈছে। এনে এটা পোষ্টে ১৪০০ লাইক আৰু ২৮ হাজাৰৰো অধিক ভিউ লাভ কৰাৰ বিপৰীতে আন এটা পোষ্টে ৫৭০০ লাইক আৰু প্ৰায় ৮৮ হাজাৰ ভিউ লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব। ফেচবুকতো একেধৰণৰ দাবীৰে পোষ্ট শ্বেয়াৰ কৰা হৈছে, ইয়াত, ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা সংস্কৰণ উপলব্ধ৷ ছচিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) কিন্তু আমাৰ অনুসন্ধানত ভিডিঅ’টোত আচলতে এটা মছজিদ ভঙাৰ দাবীত এটা হিন্দু সংগঠনে উলিওৱা এক প্ৰতিবাদৰ সময়ত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ দৃশ্য দেখা গৈছে, সাম্প্ৰদায়িক দাবীসমূহ সঁচা নহয়। ঘটনাটো কি হৈছিল? ২০২৪ চনৰ ২৫ অক্টোবৰত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা প্ৰতিবেদনত ২৪ অক্টোবৰত উত্তৰকাশীত শিলগুটি নিক্ষেপৰ ঘটনাত আৰক্ষী বিষয়াকে ধৰি কেইবাজনো ব্যক্তি আহত হোৱাৰ কথা উল্লেখ কৰা হৈছে। সংযুক্ত সনাতন ধৰ্ম ৰক্ষক সংঘ নামৰ এটা হিন্দু সংগঠনে উত্তৰকাশীত চৰকাৰী ৰাজহ ৰেকৰ্ডত পঞ্জীয়ন নোহোৱাকৈ নিৰ্মাণ কৰা বুলি দাবী কৰা এটা মছজিদৰ বিৰুদ্ধে উলিওৱা প্ৰতিবাদী ৰেলীৰ সময়ত উক্ত সংঘৰ্ষৰ সৃষ্টি হৈছিল। প্ৰতিবেদনটোৰ মতে উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অমিত শ্ৰীবাস্তৱে উল্লেখ কৰিছে যে ২৪ অক্টোবৰৰ আৱেলি প্ৰায় ২:৩০ বজাত প্ৰতিবাদকাৰীয়ে তেওঁলোকক অনুমতি দিয়া নিৰ্দিষ্ট পথটোৰ পৰা আঁতৰি মছজিদটোত প্ৰৱেশ কৰিবলৈ দাবী জনোৱাৰ পিছতে উক্ত পৰিস্থিতিৰ উদ্ভৱ হয়। আৰক্ষীয়ে বেৰিকেড আঁতৰাবলৈ অস্বীকাৰ কৰাৰ পিছতে উত্তেজনা বৃদ্ধি পায়, আৰু তাৰ পিছতে উত্তেজিত লোকে শিলগুটি নিক্ষেপ কৰে। টাইমছ নাও নৱভাৰত (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু এবিপিলাইভ (ইয়াত আৰ্কাইভ কৰা হৈছে)-এ মছজিদটোক কেন্দ্ৰ কৰি সষ্টি হোৱা সংঘাত আৰু প্ৰতিবাদৰ ভিজুৱেল সম্প্ৰচাৰ কৰিছিল। টাইমছ নাও নৱভাৰতৰ ফুটেজটোত একেখিনি ঠাইতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত লগা সংঘৰ্ষ দেখা যায়। লজিকেলী ফেক্টছে উত্তৰাখণ্ডৰ স্থানীয় সাংবাদিক মধু যোশীৰ সৈতে যোগাযোগ কৰি ভাইৰেল ভিডিঅ’টো তেওঁৰ সৈতে শ্বেয়াৰ কৰে। তেওঁ ভিডিঅ’টো ২৪ অক্টোবৰৰ বুলি নিশ্চিত কৰি কয় যে ইয়াত মছজিদটো ভাঙি পেলোৱাৰ দাবীত উলিওৱা প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ দৃশ্য দেখা গৈছে। যোশীয়ে লগতে কয় যে প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰি তেওঁলোকক ছত্ৰভংগ দিবলৈ চেষ্টা কৰে। সংযুক্ত সনাতন ধৰ্ম ৰক্ষক দলৰ উদ্যোগত বজৰং দল, দেৱভূমি সুৰক্ষা অভিযানকে ধৰি একাংশ হিন্দু সংগঠনে উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। ছ’চিয়েল মিডিয়াৰ ভাইৰেল দাবীসমূহৰ সন্দৰ্ভত যোশীয়ে কয় যে এই কাণ্ডৰ কোনো সাম্প্ৰদায়িক দিশ নাই আৰু কোনো মুছলমান লোকে শিলগুটি নিক্ষেপ কৰা নাছিল। আৰক্ষীৰ ভাষ্য উক্ত ৰেলীত মুছলমানে শিলগুটি নিক্ষেপ কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল দাবীসমূহক খণ্ডন কৰি উত্তৰকাশী আৰক্ষীয়ে এক্সত দিয়া এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) স্পষ্টিকৰণ দিয়ে। উক্ত পোষ্টটোত উত্তৰকাশী আৰক্ষীয়ে হিন্দু সংগঠনটোৱে ৰেলীৰ বাবে অনুমতি দিয়া নিৰ্দিষ্ট পথটোৰ মাজেৰে যোৱা নাছিল বুলি সদৰী কৰে। আৰক্ষীয়ে তেওঁলোকক বেৰিকেডেৰে বাধা দিবলৈ চেষ্টা কৰোঁতে প্ৰতিবাদকাৰীয়ে পাথৰ আৰু বটল আদি দলিয়াবলৈ আৰম্ভ কৰাৰ লগতে কিছুমানে আম্বেদকাৰ ভৱনক লক্ষ্য কৰি লয়। ২৫ অক্টোবৰ, ২০২৪-ত উত্তৰকাশী আৰক্ষীয়ে শ্বেয়াৰ কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: এক্স)। এটা নিৰ্দিষ্ট পথেৰে এক নিৰ্দিষ্ট সময়তহে প্ৰতিবাদী ৰেলী উলিয়াবলৈ অনুমতি প্ৰদান কৰা হৈছিল বুলি স্পষ্ট কৰি আৰক্ষী অধীক্ষক শ্ৰীবাস্তৱে এটা বিবৃতি (ইয়াত আৰ্কাইভ কৰা হৈছে) জাৰি কৰিছিল। কিন্তু প্ৰতিবাদকাৰীসকলে বেলেগ এটা পথ বাছি লোৱাৰ ফলত আৰক্ষীৰে সংঘৰ্ষৰ সৃষ্টি হয়। তেওঁ আঠজন বিষয়া আহত হোৱাৰ লগতে একাংশ প্ৰতিবাদকাৰীও আঘাতপ্ৰাপ্ত হয় বুলি কয়। তদুপৰি প্ৰতিবাদত অংশগ্ৰহণ কৰা ২০০ ৰো অধিক লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে৷ এই এজাহাৰত বিশেষভাৱে উত্তৰকাশীৰ বাসিন্দা জিতেন্দ্ৰ চৌহান, সোণু নেগী, সুৰজ ডাব্ৰাল, কুলৱীৰ ৰাণা, সুশীল শৰ্মা, গৌতম ৰাৱট, আলোক ৰাৱট, আৰু সচেন্দ্ৰ পৰমাৰক এই হিংসাত্মক ঘটনাৰ অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। প্ৰতিবাদৰ কাৰণ দ্য হিন্দুৰ মতে কাশী বিশ্বনাথ মন্দিৰৰ সমীপত অৱস্থিত এই মছজিদটো চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰিছে। অৱশ্যে উত্তৰকাশী জিলা দণ্ডাধীশ মেহৰবান সিং বিষ্টে ইয়াৰ পূৰ্বে এক সংবাদমেলত স্পষ্ট কৰি দিছিল যে মছজিদটোৰ হাতত সকলো প্ৰয়োজনীয় নথি-পত্ৰ আছে আৰু ৱাকফ ব’ৰ্ডত পঞ্জীয়ন কৰা হৈছে। সিদ্ধান্ত সংযুক্ত সনাতন ধৰ্ম ৰক্ষক সংঘই আয়োজন কৰা এটা প্ৰতিবাদী ৰেলীৰ ক্লিপ শ্বেয়াৰ কৰি স্থানীয় লোক আৰু আৰক্ষীৰ ওপৰত মুছলমানে শিলগুটি নিক্ষেপ কৰিছিল বুলি মিছা দাবী প্ৰচাৰ কৰা হৈছে। বাস্তৱত ভিডিঅ’টোত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত লগা সংঘৰ্ষৰ দৃশ্যহে দেখা গৈছে, উক্ত ঘটনাৰ সৈতে মুছলমান সম্প্ৰদায়ৰ কোনো ব্যক্তি জড়িত থকাৰ বাতৰি প্ৰকাশ পোৱা নাই। (অনুবাদ: চন্দন বৰগোহাঁই)
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 2 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software