About: http://data.cimple.eu/claim-review/9e5efb7739ad69c5ea098f9e4f7cdb9ba24c06f0ab8cf890f455f534     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check Fact Check: অযোধ্যাত ৰামৰ মূৰ্তি মুছলমান পিতা-পুত্ৰই নিৰ্মাণ কৰিছে নেকি? Claim অযোধ্যাৰ ৰামৰ মূৰ্তি নিৰ্মাণ কৰিলে দুই মুছলমান পিতা-পুত্ৰই। Fact এই দাবী মিছা। প্ৰকৃততে ৰামৰ মূৰ্তি নিৰ্মাণ কৰিছে গণেশ ভাট, অৰুণ যোগীৰাজ আৰু সত্যনাৰায়ণ পাণ্ডেই। অযোধ্যাত ৰামৰ মূৰ্তি নিৰ্মাণৰ কাম এটা মুছলমান পৰিয়ালক দিয়া হৈছে বুলি শেহতীয়াকৈ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে ১৫২৭-১৫২৮ চনৰ ভিতৰত ভাৰত আক্ৰমণকাৰী বাবৰে অযোধ্যাৰ ৰামৰ জন্মস্থানত থকা ৰাম মন্দিৰ ভাঙি মছজিদ নিৰ্মাণৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত বাবৰি মছজিদ আৰু ৰাম মন্দিৰক লৈ বহু বছৰ ধৰি আদালতত গোচৰ চলি থাকে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এক যুগান্তকাৰী সিদ্ধান্তৰ পিছতে বৰ্তমান অযোধ্যাত এটা বৃহৎ ৰাম মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। অহা ২০২৪ চনৰ ২২ জানুৱাৰীত মন্দিৰৰ অভিষেক আৰু মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। এনেক্ষেত্ৰত স্বাভাৱিকতে সকলোৰে দৃষ্টি শ্ৰীৰামৰ মূৰ্তিৰ ওপৰত কেন্দ্ৰীভূত হৈ পৰিছে। এনে সময়তে ছ’চিয়েল মিডিয়াত একাংশই কৈছে যে ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰিছে দুই মুছলমান পিতা-পুত্ৰই। অসমীয়া ভাষাৰ জনপ্ৰিয় সংবাদগোষ্ঠী টাইম৮ ত ১৭ ডিচেম্বৰত এই সন্দৰ্ভত এক বাতৰি প্ৰকাশ কৰিছিল। এই খবৰৰ আৰ্কাইভ ইয়াত পোৱা যাব। আমাৰ হোৱাটছএপ টিপলাইন (৯৯৯৯৪৯৯০৪৪)ত নিউজচেকাৰেও একেধৰণৰ দাবী লাভ কৰিছে আৰু ইয়াৰ সত্যতা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছিল। Fact Check/Verification আমি এই বাতৰিৰ সত্যতা নিৰূপণৰ বাবে পোনপ্ৰথমেই গুগলত কীৱৰ্ড চাৰ্চ কৰিলোঁ আৰু কেইবাটাও মিডিয়াৰ ৰিপ’ৰ্ট লাভ কৰো। The New Indian Express আৰু Aaj Tak ত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি, “ৰাম মন্দিৰত অভিষেকমৰ বাবে তিনিটা মূৰ্তি প্ৰস্তুত কৰা হৈছে। এই তিনিটাৰ ভিতৰত অযোধ্যা মন্দিৰত মাত্ৰ এটা মূৰ্তি স্থাপন কৰা হ’ব।” ২০২৩ চনৰ ২৬ নৱেম্বৰত আজটকে এক বাতৰি প্ৰতিবেদনযোগে কয়, ‘অযোধ্যাৰ অনবদ্য ৰাম মন্দিৰ নিৰ্মাণৰ কাম প্ৰায় শেষ হৈ আহিছে। ইয়াৰ মন্দিৰত স্থাপন হ’বলগীয়া প্ৰভূ ৰামৰ তিনিটা মূৰ্তি প্ৰায় সাজু হৈছে। ডিচেম্বৰ মাহত তিনিটা মূৰ্তিৰ ভিতৰত এটা মূৰ্তি বাছনি কৰা হ’ব।” এই প্ৰতিবেদনতো কোনো মুছলমান শিল্পী পৰিয়ালৰ উল্লেখ নাই। ২০২৩ চনৰ ১০ ডিচেম্বৰত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা বাতৰি অনুসৰি অভিষেকৰ বাবে তিনিটা মূৰ্তি নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰে ভিতৰত এটা মূৰ্তি বাছনি কৰা হ’ব। মুছলমান শিল্পীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামৰ মূৰ্তি নিৰ্মাণ কৰা বুলি কৰা দাবীৰ কোনো আনুষ্ঠানিক নিশ্চয়তা নোহোৱাত আমি পুনৰ সেই অনুসৰি অনুসন্ধান কৰিলোঁ। আমি পুনৰ ২০২৩ চনৰ ৯ ডিচেম্বৰত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ দ্বাৰা প্ৰকাশিত এটা বাতৰি লাভ কৰো। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে, “আমোদজনক কথাটো হ’ল, প্ৰতিমা ভাস্কৰ্য্য শিল্পকৰ্ম কৰা তিনিওজন ভাস্কৰ্য শিল্পীয়ে নিজৰ দক্ষতাৰ বাবে বিখ্যাত। কৰ্ণাটকৰ গণেশ ভট্টাই নেল্লিকাৰু শিল (ক’লা শিল)ৰ পৰা এটা মূৰ্তি খোদিত কৰি আছে, যাক শ্যাম শিলা বা কৃষ্ণ শিলা বুলিও কোৱা হয়। আনহাতে মহীশূৰত কৰ্ণাটকৰ পৰা উদ্ভৱ হোৱা আন এটা শিলৰ পৰাও এটা মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। দ্বিতীয়টো মূৰ্তি নিৰ্মাণ কৰি আছে মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে। যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা কেদাৰনাথত যোগীৰাজে ১২ ফুট ওখ আদি শংকৰাচাৰ্যৰ মূৰ্তিও খোদিত কৰিছিল। ঠিক সেইদৰে ৰাজস্থানতো সত্য নাৰায়ণ পাণ্ডেই মূৰ্তি খোদিত কৰি আছে। এইগৰাকী শিল্পীয়ে বগা মকৰাণা মাৰ্বলৰ শিলেৰে মূৰ্তি নিৰ্মাণত ব্যস্ত আছে।” আমি দ্য প্ৰিণ্টে প্ৰকাশ কৰা এটা বাতৰিতো একেধৰণৰ তথ্যই লাভ কৰো। ইয়াৰ পিছত অধিক তথ্যৰ বাবে আমি শ্ৰী ৰামজন্মভূমি ট্ৰাষ্টৰ ৱেবছাইটত থকা যোগাযোগ নম্বৰটোৰে যোগাযোগ কৰি তাত থকা যোগাযোগ বিভাগৰ মূৰব্বী আদিত্যৰ লগত কথা পাতো। তেওঁ কয়, হিন্দু সম্প্ৰদায়ৰ মানুহেই ৰামলল্লা বা প্ৰভূ ৰামৰ মূৰ্তি নিৰ্মাণ কৰি আছে। এই তিনিজনৰ ভিতৰত শ্ৰেষ্ঠ মূৰ্তি বাছনি কৰা হ’ব। ছচিয়েল মিডিয়াত যি ভাইৰেল হৈ আছে সেয়া ভুৱা।” আমাৰ অনুসন্ধানকালতে শ্ৰী ৰামজন্মভূমি ট্ৰাষ্টৰ সাধাৰণ সম্পাদক সম্পট ৰায়ৰ এক্স একাউণ্টত লিখা এটা পোষ্ট দেখিবলৈ পাও। পোষ্টটোত তেওঁ লিখিছে, (অসমীয়া অনুবাদ) “সমাজৰ একাংশ লোকৰ কাম কেৱল ভুল ধাৰণা বিয়পাই দিয়া। ভ্ৰম বিয়পোৱাটোৱেই তেওঁলোকৰ মানসিক খাদ্য।” এনে কেপচনৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ভাইৰেল দাবীক খণ্ডন কৰিছে। তেওঁ হিন্দী ভাষাতে কৈছে, ‘তিনিগৰাকী শিল্পীয়ে প্ৰভূ শ্ৰীৰামৰ নতুন ভব্য মূৰ্তি নিৰ্মাণ কৰি তুলিছে৷ এই বিষয়ে আমি বহুবাৰ কথা পাতিছো। একেই কথা বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাই। যিগৰাকী ব্যক্তি সক্ষম আৰু আগতে মূৰ্তি নিৰ্মাণৰ কাম কৰিছে তেওঁহে মূৰ্তি নিৰ্মাণ কৰিব। কাৰিকৰী কামতো যিজনৰ প্ৰযুক্তিৰ জ্ঞান আছে তেওঁৱেই কৰে… তাত মোৰ কোনো ক’বলগীয়া নাই। সমাজত ভুল ধাৰণা বিয়পাইছে… প্ৰশ্নকাৰীয়ে হয়তো পণ্ডিত আৰু পণ্ডিতৰ নাম নাজানে… কিছুমান মানুহে কেৱল ভুল ধাৰণাহে বিয়পাইছে…” তেওঁ কয়। তেওঁৰ প্ৰতিক্ৰিয়া @ANINewsUP য়ে নিজৰ অফিচিয়েল একাউণ্টত সম্প্ৰচাৰ কৰিছিল। সেয়া ইয়াত চাব পাৰিব। Conclusion আমাৰ তদন্তত প্ৰকাশ পাইছে যে অযোধ্যাত ৰাম মূৰ্তি সৃষ্টিৰ কাম মুছলমান পৰিয়ালক গতাই দিয়া হৈছে বুলি ভাইৰেল দাবী মিছা। তিনিগৰাকী ভাস্কৰ্য শিল্পী গণেশ ভাট, অৰুণ যোগীৰাজ আৰু সত্যনাৰায়ণ পাণ্ডে ৰামমূৰ্তি সৃষ্টিৰ কামত ব্যস্ত হৈ আছে। Result: False Our Sources News published by The New Indian Express on December 9, 2023 News published by The New Indian Express on December 10, 2023 News published by AajTak on November 26, 2023 Official website of Shri Ramjanmabhoomi Teerth Kshetra Converastion with PRO of Shri Ramjanmabhoomi Teerth Kshetra Tweet made by Champat Rai on December 16, 2023 Tweet made by ANINewsUP on December 15, 2023 যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে। Rangman Das January 30, 2024 Rangman Das January 23, 2024 Rangman Das November 20, 2023
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • Hindi
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 11 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software