About: http://data.cimple.eu/claim-review/a6434f9dedd59c5b02e09c10f72dcec7e016daf1b7c336792be9adcc     Goto   Sponge   NotDistinct   Permalink

An Entity of Type : schema:ClaimReview, within Data Space : data.cimple.eu associated with source document(s)

AttributesValues
rdf:type
http://data.cimple...lizedReviewRating
schema:url
schema:text
  • Fact Check: টীপু চুলতান নামৰ কোনো ফিল্মত কাম কৰা নাই শ্বাহৰউখ খান, কাল্পনিক আৰু নকলি পোস্টাৰ হৈছে ভায়ৰেল শ্বাহৰুখ খানৰ আগন্তুক ফিল্ম টীপু চুলতান নামেৰে ভায়ৰেল হোৱা পোস্টাৰ নকলি হয়। শ্বাহৰুখ খানৰ এনে কোনো ফিল্ম প্ৰস্তাৱিত হোৱা নাই আৰু নিৰ্মাণো হোৱা নাই। - By: Abhishek Parashar - Published: Jul 23, 2020 at 05:42 PM নতুন দিল্লী (বিশ্বাস টীম)। চছিয়েল মেডিয়াত টীপু চুলতান নামৰ এটা পোস্ট ভায়ৰেল হৈছে। দাবী কৰিছে যে এইটো পোস্ট শ্বাহৰুখ খানৰ আগন্তুক ফিল্মৰ হয়। পোস্টাৰত শ্বাহৰুখ খান টীপু চুলতানৰ ৰুপত দেখা পোৱা গৈছে। বিশ্বাস নিউজৰ অনুসন্ধানৰ পৰা এইটো দাবী মিছা প্ৰমাণিত হয়। ভায়ৰেল পোস্টাৰ কোনো আহিব লগীয়া ফিল্মৰ নহয়। শ্বাহৰুখ খান এনে কোনো ফিল্মত কাম কৰা নাই। ভায়ৰেল হোৱা পোস্টাৰ কোনো কাল্পনিক আৰু এন্টাৰটেনমেন্টিং ভিডিওৰ অংশ হয়। ভায়ৰেল পোস্টত কি আছে ফেচবুক ইউজাৰ Mrinal Barman এ ভায়ৰেল পোস্টাৰক শ্বেয়াৰ কৰি লিখিছে, ” শ্বাহৰুখ খানৰ আহিবলগীয়া নতুন চিনেমা😊 টিপু চুলতান 😊 কোনে কোনে চাব ৷” এই পোস্টৰ আৰ্কাইভড লিংক। অনুসন্ধান নিউজ চাৰ্চত এনে কোনো খবৰ পোৱা নাই, যত এইটো কথাৰ উল্লেখ কৰিছে যে শ্বাহৰুখ খানৰ আগন্তুক ফিল্ম টীপু চুলতান হয়। ফিল্মি ডট কম নামৰ এক ৱেবচাইটত শ্বাহৰুখ খানৰ আহিব লগীয়া ফিল্মৰ বিষয়ে তথ্য দিয়া গৈছে। ৰিপৰটৰ মতে, 2020 আৰু 2021 ত শ্বাহৰুখ খানৰ পাঁচখন ফিন্ম ৰিলিজ হব। এই ফিল্ম তালিকাত টীপু চুলতানৰ নাম নাই। ভায়ৰেল পোস্টাৰৰ ৰিভাৰ্চ ইমেজত আমি ‘Zain Khan’ নামৰ ইউটিউব চেনেলত এক ভিডিও পাইছো, যত এই পোস্টাৰক ভিডিও থাম্বনেলৰ দৰে ব্যৱহাৰ কৰা গৈছে। 20 ছেপ্তেম্বৰ 2018 ত এইটো ভিডিওক টীপু চুলতান মুভীৰ ট্ৰেলাৰৰ দাবীৰ লগত আপলোড কৰা গৈছে। অৱশ্যে, ভিডিওৰ আৰম্ভনিত এক ডিচক্লেমাৰ লিখা আছে। ইয়াৰ অনুসাৰে এইটো কোনো ফিল্মৰ ট্ৰেলাৰ নহয়, বৰং এক ফেনৰ ফালৰ পৰা মনোৰঞ্জনৰ বাবে প্ৰস্তুত কৰা ভিডিও হয়। এই ভিডিওত ব্যৱহাৰ কৰা ফোটেজ বেলেগ বেলেগ ভিডিওৰ পৰা লোৱা গৈছে আৰু ইয়াৰ উদ্দেস্য কপি ৰাইট উলংঘন কৰা নহয়। অৰ্থাৎ শ্বাহৰুখ খানৰ কোনো আগন্তুক ফিল্মৰ ট্ৰেলাৰ নাই, বৰং এক কাল্পনিক ভিডিও হয়, যত শ্বাহৰুখ খানৰ ফেনে মনোৰঞ্জনৰ উদ্দেশ্যৰে প্ৰস্তুত কৰিছে। মুম্বাইত থকা জ্যেষ্ঠ ফিল্মী সংবাদদাত্ পৰাগ ছাপেকাৰে কয়, শ্বাহৰুখ খানৰ এনে কোনো ফিল্ম প্ৰস্তাৱিত হোৱা নাই আৰু নাহে। এইটো কেৱল উৰা বাতৰি হয়। এই পোস্টক বহুতো লোকে শ্বেয়াৰ কৰিছে আৰু ইয়াৰে ভিতৰত এজন হৈছে Mrinal Barman নামৰ ফেচবুক ইউজাৰ। প্ৰফাইল এন্ট্ৰীৰ অনুসাৰে ইউজাৰ এক ৰাজনীতিক পৰ্টীৰ লগত জড়িত আছে আৰু গুৱাহাটীত থাকে। নিষ্কৰ্ষঃ শ্বাহৰুখ খানৰ আগন্তুক ফিল্ম টীপু চুলতান নামেৰে ভায়ৰেল হোৱা পোস্টাৰ নকলি হয়। শ্বাহৰুখ খানৰ এনে কোনো ফিল্ম প্ৰস্তাৱিত হোৱা নাই আৰু নিৰ্মাণো হোৱা নাই। - Claim Review : চছিয়েল মেডিয়াত টীপু চুলতান নামৰ এটা পোস্ট ভায়ৰেল হৈছে। দাবী কৰিছে যে এইটো পোস্ট শ্বাহৰুখ খানৰ আগন্তুক ফিল্মৰ হয়। পোস্টাৰত শ্বাহৰুখ খান টীপু চুলতানৰ ৰুপত দেখা পোৱা গৈছে। - Claimed By : FB User- Mrinal Barman - Fact Check : False Know the truth! If you have any doubts about any information or a rumor, do let us know! Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
schema:mentions
schema:reviewRating
schema:author
schema:datePublished
schema:inLanguage
  • English
schema:itemReviewed
Faceted Search & Find service v1.16.115 as of Oct 09 2023


Alternative Linked Data Documents: ODE     Content Formats:   [cxml] [csv]     RDF   [text] [turtle] [ld+json] [rdf+json] [rdf+xml]     ODATA   [atom+xml] [odata+json]     Microdata   [microdata+json] [html]    About   
This material is Open Knowledge   W3C Semantic Web Technology [RDF Data] Valid XHTML + RDFa
OpenLink Virtuoso version 07.20.3238 as of Jul 16 2024, on Linux (x86_64-pc-linux-musl), Single-Server Edition (126 GB total memory, 3 GB memory in use)
Data on this page belongs to its respective rights holders.
Virtuoso Faceted Browser Copyright © 2009-2025 OpenLink Software